বামুণ বগলী[2] (ইংৰাজী: Little Egret, বৈজ্ঞানিক নাম-Egretta garzetta) এটা সৰু আকাৰৰ বগলীৰ প্ৰজাতি৷ ই বহুলভাৱে বিস্তৃত জলচৰ চৰাই৷

বামুণ বগলী (Little Egret)
বষ্ট'ৱানাত এটা বামুণ বগলী
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Ciconiiformes
পৰিয়াল: Ardeidae
গণ: Egretta
প্ৰজাতি: E. garzetta
বৈজ্ঞানিক নাম
Egretta garzetta
(Linnaeus, 1766)
Subspecies

E. g. garzetta
E. g. immaculata
E. g. nigripes

বিৱৰণ সম্পাদনা কৰক

 
প্ৰজনন নোহোৱা কালত বামুণ বগলী
 
ইটালীত উৰন্ত অৱস্থাত বামুণ বগলী

পূৰ্ণবয়স্ক বামুণ বগলীৰ দেহৰ দৈৰ্ঘ্য ৫৫-৬৫ ছে:মি: আৰু ওজন প্ৰায় ৩৫০-৫৫০ গ্ৰাম হয়৷ ইয়াৰ সমগ্ৰ দেহটো ধকধকীয়া বগা৷ উপ-প্ৰজাতি garzetta ৰ ঠেং দীঘল আৰু ক'লা বৰণৰ, ঠৌঁট ঠেক, ক'লা৷ প্ৰজননৰ সময়ত ইয়াৰ মূৰৰ কিছু তলৰ পৰা দুডাল আৰু বুকুৰ পৰা একাধিক দীঘল বিশেষ ধৰণৰ পাখি (plumes) ওলায়৷ তাৰোপৰি ইয়াৰ ঠোঁট আৰু চকুৰ মাজৰ অংশটো ৰঙচুৱা হৈ উঠে৷

পোৱালি বামুণ বগলীৰ বাহ্যিক গঠন প্ৰজনন নকৰা পূৰ্ণবয়স্ক বগলীৰ সৈতে একে হয়৷ ই সাধাৰণতে নীৰৱে থাকে যদিও ভয় খালে ই বিভিন্ন শব্দ কৰিব পাৰে৷

 
ডিঙি কোঁচাই উৰা অৱস্থাত বামুণ বগলী

টেক্স'নমি সম্পাদনা কৰক

বৰ্তমানলৈকে বামুণ বগলীৰ তিনিবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে[3]-

বিতৰণ সম্পাদনা কৰক

 
প্ৰজননৰ সময়ত E. g. nigripes
 
প্ৰজনন নকৰা অৱস্থাত অষ্ট্ৰেলিয়াত পূৰ্ণবয়স্ক E. g. immaculata

বামুণ বগলী প্ৰধানকৈ ইউৰোপ, আফ্ৰিকা, এছিয়া তথা অষ্ট্ৰেলিয়াত বিস্তৃত হৈ আছে৷ বিষুৱীয় অঞ্চলসমূহত ই স্থানীয়ভাৱে বিস্তৃত৷ কিন্তু ইউৰোপৰ পৰা ইহঁতে শীতকালত আফ্ৰিকা তথা দক্ষিণ এছিয়ালৈ প্ৰব্ৰজন কৰে৷

আচৰণ সম্পাদনা কৰক

খাদ্য সম্পাদনা কৰক

 
খাদ্য চিকাৰ কৰা অৱস্থাত কলকাতাE. g. garzetta

বামুণ বগলীয়ে সাধাৰণতে মাছ, পোক-পতংগ, উভচৰ প্ৰাণী, কেকোঁৰা আৰু বিভিন্ন সৰীসৃপ আদি খাই জীয়াই থাকে৷ ই সাধাৰণতে অগভীৰ পানীত চোপ লৈ থাকি খাদ্যৰ চিকাৰ কৰে৷

প্ৰজনন সম্পাদনা কৰক

 
Egretta garzetta

বামুণ বগলীয়ে জাক-পাতি বাস কৰে৷ ই গছ বা জোপোহা আদিত ডালিৰে বাহ সাজে৷ এবাৰত ই ৩-৫ টাকৈ কণী পাৰে৷ মতা-মাইকী উভয়ে উমনি দিয়া আৰু পোৱালিৰ যত্ন লয়৷ কণীৰ আকাৰ ডিম্বাকৃতিৰ আৰু নীল-সেউজীয়া বৰণৰ৷ ২১-২৫ দিনৰ উমনিৰ অন্তত কণি ফুটি পোৱালি জগে৷ ৪০-৪৫ দিনৰ ভিতৰত পোৱালিৰ পাখি গজিবলৈ আৰম্ভ কৰে৷

স্থিতি তথা সংৰক্ষণ সম্পাদনা কৰক

বামুণ বগলীৰ জনসংখ্যা বৰ্তমান বিশেষ সমস্যাৰ সন্মুখীন হোৱা নাই বাবে বৰ্তমান ইয়াক সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিয়া হৈছে৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. BirdLife International (2008). Egretta garzetta. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 9 February 2009. Database entry includes justification for why this species is of least concern.
  2. N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  3. Avibase Little Egret Egretta garzetta

বাহ্যিক সংযোগ সম্পাদনা কৰক