বাহাদুৰ গাঁওবুঢ়া অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেখেতৰ জন্ম ১৮১৯ চনত হৈছিল।[1] তেখেতৰ প্ৰকৃত নাম শ্বেইখ বাহদিল। তেখেতৰ পৰিয়ালে পৰম্পৰাগতভাৱে "আখৰকটা বৰুৱা"ৰ পদবী পাইছিল আৰু সত্ৰসমূহৰ অধিকাৰ বা সত্ৰাধিকাৰসমূহক মাটিৰ অনুমোদন জনোৱা তাম্ৰফলি লিখাৰ দায়িত্ব এই পৰিয়ালৰ ওপৰত ন্যস্ত আছিল। বাহাদুৰ গাঁওবুঢ়াই প্ৰথমে মালিবাৰীত বনুৱা হিচাপে আৰু তাৰ পাছত এজন ৰাজনৈতিক বিষয়াৰ ঘৰত সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত আছিল। পাছলৈ ইংৰাজে তেখেতক যোৰহাট আৰু তিতাবৰৰ গাঁওবুঢ়া পাতে। তেখেতৰ সাহসৰ বাবে ৰাইজে "বাহাদুৰ" নাম দিছিল।[2][1]

বাহাদুৰ গাঁওবুঢ়া
জন্ম শ্বেইখ বাহদিল
১৮১৯
যোৰহাট
মৃত্যু ১৮৯১
দফলাটিং, তিতাবৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ

চিপাহী বিদ্ৰোহত ভূমিকা সম্পাদনা কৰক

১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত মণিৰাম দেৱানে অসমৰ ব্ৰিটিছ শাসন ওফৰাবলৈ যো-জা কৰিছিল। বাহাদুৰ গাঁওবুঢ়াক মুছলমানসকলৰ সমৰ্থন গোটোৱাৰ দায়িত্ব দিয়া হৈছিল। তাৰ উপৰি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দেশী সৈনিকৰ সহযোগত অস্ত্ৰ-শস্ত্ৰৰ যোগাৰতো তেখেত জড়িত আছিল।[2] বাহাদুৰ আৰু ফৰ্মুদ আলীয়ে নুৰ মহম্মদ নামৰ এজন সেনা বিষয়াক কন্দৰ্পেশ্বৰ সিংহৰ ওচৰলৈ বিদ্ৰোহৰ আলোচনাৰ বাবে লৈ গৈছিল।[3] ১৮৫৮ চনত ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অপৰাধত মণিৰাম দেৱান, পিয়লী বৰুৱা আদিৰ সৈতে তেখেতক দোষী সাব্যস্ত কৰা হয়। দেৱান আৰু বৰুৱাক যোৰহাট ফাঁচী দিয়া হয় আৰু বাহাদুৰ গাঁওবুঢ়াক দুটিৰাম বৰুৱা, ফৰ্মুদ আলী, বিনয় লস্কৰ, গোপেন ৰয় আদিৰ সৈতে কলিয়াপানীলৈ (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জচেলুলাৰ জে'ল) নিৰ্বাসন দিয়া হয়।

মৃত্যু সম্পাদনা কৰক

আন্দামানৰ পৰা মুক্তি পাই অহাৰ দুই দশকৰ পাছত ১৮৯১ চনত[1] তিতাবৰৰ ওচৰৰ দফলাটিঙত কনিষ্ঠ পুত্ৰ দোষ্ট মহম্মদৰ বাসভৱনত তেখেতৰ মৃত্যু ঘটে। যোৰহাটৰ নতুন বালিবাটত তেখেতক সমাধি দিয়া হয়। এই পথটো বৰ্তমান তেখেতৰ নামেৰে নামকৰণ কৰা হৈছে। তিতাবৰতো তেখেতৰ নামত এক স্মাৰক নিৰ্মাণ কৰা হৈছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 ৰহমান, আবদুৰ (২০১৩). অসমৰ মুছলমানসকল. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১৮১. ISBN 978-93-244-0318-6. 
  2. 2.0 2.1 Wasim Rahman (13 November 2010). "Titabor memorial to honour freedom fighter". The Telegraph. https://www.telegraphindia.com/1101113/jsp/northeast/story_13170073.jsp। আহৰণ কৰা হৈছে: 12 August 2017. 
  3. "Jorhat remembers heroes of Sepoy Mutiny". The Telegraph. 2 September 2013. https://www.telegraphindia.com/1130902/jsp/northeast/story_17299220.jsp। আহৰণ কৰা হৈছে: 12 August 2017.