বিপৰীতকামিতা (ইংৰাজী: Heterosexuality) বুলিলে বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ"ক বুজায়। যৌন অভিমুখীতা হিচাপে বিপৰীতকামিতা বুলিলে মূলত বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়। এই ধৰণৰ সম্পৰ্কৰ ভিত্তিত গঢ় লৈ উঠা ব্যক্তিগত বা সামাজিক পৰিচিতি বা এই ধৰণৰ আচৰণ আৰু পৰস্পৰ বিপৰীত জাতীয় ব্যক্তিসকলক লৈ গঠিত সম্প্ৰদায়কো এই শব্দৰ দ্বাৰা নিৰ্দেশ কৰা হয়।[1][2]

বিপৰীতকামিতাৰ প্ৰতীকৰ এক সংস্কৰণ

বিপৰীতকামিতা বা বিপৰীতকামী শব্দটো সাধাৰণতে মানব প্ৰজাতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হলেও বাস্তৱিকতে ই সকলো স্তন্যপায়ী প্ৰাণীৰ মাজত দেখা পোৱা যায়। গঠনগত বা শব্দতত্ত্বীয়ভাবে বিপৰীতকামিতা আৰু বিষমকামিতা শব্দদুটা বিপৰীত (ভিন্ন) আৰু বিষম (সমান নহয় এনে) শব্দ দুটাৰ পৰা আহিছে, যাৰ সৈতে কামিতা (যৌনতা) শব্দটো যুক্ত হৈ শব্দটো গঠিত হৈছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক