বি. আৰ. চোপ্ৰা

হিন্দী চলচ্চিত্ৰৰ নিৰ্মাতা তথা নিৰ্দেশক

বি. আৰ. চোপ্ৰা (ইংৰাজী: B. R. Chopra; সম্পূৰ্ণ নাম: বলদেৱ ৰাজ চোপ্ৰা; ২২ এপ্ৰিল ১৯১৪ – ৫ নৱেম্বৰ ২০০৮)[1] আছিল এগৰাকী হিন্দী চলচ্চিত্ৰৰ নিৰ্মাতা তথা নিৰ্দেশক। তেখেতে 'নয়া দৌৰ' (১৯৫৭), 'কানূন' (১৯৬০), 'ৱক্ত' (১৯৬৫), 'হমৰাজ' (১৯৬৭) আদি চলচ্চিত্ৰৰ উপৰিও ১৯৮০ৰ দশকত দূৰদৰ্শনৰ ধাৰাৱাহিক 'মহাভাৰত' নিৰ্মাণ কৰি জনপ্ৰিয় হৈছিল।[2] ১৯৯৮ চনত তেখেতে চলচ্চিত্ৰৰ বঁটা দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল।[3] তদুপৰি ২০০১ চনত তেখেতে পদ্মভূষণ বঁটাও লাভ কৰিছিল।

বি. আৰ. চোপ্ৰা

২০১৩ চনৰ এক ভাৰতীয় ডাক টিকটত বি. আৰ. চোপ্ৰা
জন্ম বলদেৱ ৰাজ চোপ্ৰা
২২ এপ্ৰিল, ১৯১৪
পঞ্জাব, ভাৰত
মৃত্যু ৫ নৱেম্বৰ, ২০০৮ (৯৪ বছৰ)
মুম্বাই, ভাৰত
ৰাষ্ট্ৰীয়তা  ভাৰত
পেচা চলচ্চিত্ৰৰ পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৪৪-২০০৬
দাম্পত্যসঙ্গী প্ৰকাশ চোপ্ৰা
সন্তান

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তেখেতৰ সৰু ভাই য়শ চোপ্ৰা, পুত্ৰ ৰবি চোপ্ৰা আৰু ভতিজা আদিত্য চোপ্ৰাও চলচ্চিত্ৰ উদ্যোগত কাম কৰে।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Filmmaker B R Chopra passes away. Press Trust of India via NDTV. 5 November 2008
  2. B.R.Chopra made socially relevant films The Hindu, 6 November 2008.
  3. B.R. CHOPRA – Purposeful Film Maker – 30th Recipient – 1998 Archived 1 September 2009 at the Wayback Machine Dadasaheb Phalke Award.
  4. Taliculam, Sharmila (4 April 1997). "And miles to go...". Rediff.com. http://www.rediff.com/entertai/apr/04br.htm। আহৰণ কৰা হৈছে: 29 October 2018.