বুট (বৈজ্ঞানিক নাম :Cicer arietinum) হৈছে এবিধ মাহজাতীয় খাদ্যশস্য। ই হৈছে ফেবেচিয়া (Fabaceae) পৰিয়ালৰ অন্তৰ্গত ফেবইডিয়া (Faboideae) উপ−পৰিয়ালৰ এবিধ একবাৰ্ষিক উদ্ভিদ।[2][3] বুটৰ বিভিন্ন প্ৰকাৰবোৰক ইংৰাজীত চিক পী (chickpea বা chick pea), গ্ৰাম (gram)[4][5] বা বেংগল গ্ৰাম (Bengal gram),[5] গাৰবেনজ' (garbanzo)[5] বা গাৰবেনজ' বীন (garbanzo bean), বা ইজিপ্তিয়ান পী (Egyptian pea)[4] আদি নামেৰে জনা যায়। ই প্ৰ'টিনেৰে সমৃদ্ধ। মধ্য প্ৰাচ্য, পশ্চিম এছিয়া আৰু ভাৰতীয় উপমহাদেশত ইয়াৰ খেতি কৰা হয়।[6][7]

বুট
বুটমাহৰ দুটা মুখ্য প্ৰকাৰ: ডাঙৰ পাতল তাম বৰণৰ কাবুলী আৰু বিভিন্ন ৰঙৰ দেশী বুট।
Sprouted chickpea
গজালি মেলা বুট
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Magnoliophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
উপপৰিয়াল: Faboideae
গণ: Cicer
প্ৰজাতি: C. arietinum
বৈজ্ঞানিক নাম
Cicer arietinum
L.
সমাৰ্থক[1]
  • Cicer album hort.
  • Cicer arientinium L. [Spelling variant]
  • Cicer arientinum L. [Spelling variant]
  • Cicer edessanum Bornm.
  • Cicer grossum Salisb.
  • Cicer nigrum hort.
  • Cicer physodes Rchb.
  • Cicer rotundum Alef.
  • Cicer sativum Schkuhr
  • Cicer sintenisii Bornm.
  • Ononis crotalarioides M.E.Jones

বুটৰ গছ ২০ − ৫০ চেমিৰ পৰা ১ মিটাৰ পৰ্যন্ত ওখ হ'ব পাৰে। বুটৰ কাণ্ডৰ দুয়োফালে পাখিযুক্ত পাত আছে। এটা বীজপত্ৰ দুইৰ পৰা তিনিটা মাহজাতীয় শস্য থাকে। ইহঁতৰ ফুলবোৰ বগা, বা কেতিয়াবা ৰঙা নীলা। গ্ৰীষ্মমণ্ডলীয় বা উপ-ক্ৰান্তীয় জলবায়ু আৰু বছৰি ৪০০ মিমি বা অধিক বৰষুণ বুট গছৰ স্বাভাৱিক উৎপাদনৰ বাবে অত্যাৱশ্যকীয়।

বুটমাহৰ দুটা মুখ্য প্ৰকাৰ: ডাঙৰ পাতল তাম বৰণৰ কাবুলী আৰু বিভিন্ন ৰঙৰ দেশী বুট। বুটবোৰ পৰিপক্ব নহওতেই আহৰণ কৰিলে সেউজীয়া হয় আৰু পিছত তাম বৰণৰ, দাগযুক্ত, গাঢ় মুগাৰ পৰা ক'লা বৰণৰ হয়। বিশ্বৰ মুঠ বুট উৎপাদনৰ ৭৫% হৈছে সৰু দেশী প্ৰকাৰৰ আৰু বিশ্বৰ মুঠ উৎপাদনৰ ৭০% বুটৰ উৎপাদন হয় ভাৰতত।[8]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Cicer arietinum L.". The Plant List. 2013. Archived from the original on 2 October 2017. Retrieved 24 July 2021. 
  2. Feedipedia. "Chickpea (Cicer arietinum)". www.feedipedia.org. http://www.feedipedia.org/node/319। আহৰণ কৰা হৈছে: 26 February 2018. 
  3. Kew Science. "Cicer arietinum L. – Plants of the World Online". Plants of the World Online. http://powo.science.kew.org/taxon/urn:lsid:ipni.org:names:486336-1। আহৰণ কৰা হৈছে: 26 February 2018. 
  4. 4.0 4.1 "সাঁচ:Cite EB9
  5. 5.0 5.1 5.2 USDA, ARS, Germplasm Resources Information Network. বুট in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service.
  6. S, Bell (March 31, 2014). "The small but mighty chickpea". Phys.org. http://phys.org/news/2014-03-small-mighty-chickpea.html। আহৰণ কৰা হৈছে: 8 October 2015. 
  7. Advances in Agronomy. Elsevier. 2001. ISBN 978-0080543994. https://books.google.com/books?id=9LCiZedYrzIC&q=chickpea+introduced+into+india+in+the+century&pg=PA111। আহৰণ কৰা হৈছে: 26 February 2018. 
  8. "Chickpea production in 2019, Crops/Regions/World list/Production Quantity (pick lists)". UN Food and Agriculture Organization, Corporate Statistical Database (FAOSTAT). 2020. http://www.fao.org/faostat/en/#data/QC। আহৰণ কৰা হৈছে: 25 April 2021.