বৈশাখী (পঞ্জাবী: ਵਿਸਾਖੀ) শিখ সকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ। বৈশাখ মাহৰ সংক্ৰান্তি তিথিত বৈশাখী পালন কৰা হয়। বৈশাখী সাধাৰণতে ইংৰাজী কেলেণ্ডাৰৰ ১৩/১৪ এপিল তাৰিখে উদযাপিত হয়। ১৬৯৯ চনত শিখ সকলৰ দশম গৰাকী গুৰু গোবিন্দ সিঙে এইদিনা খালসা পন্থা গঠন কৰিছিল।[3][4][5][6][1][2][7][8] হিন্দু বিক্ৰম সংবৎ দিনপঞ্জী অনুসৰি বৈশাখী বৈশাখ সংক্ৰান্তি হিচাপে পালন কৰে। পাৰম্পৰিক ভাবে বৈশাখী বৈশাখ মাহৰ প্ৰথম দিন বাবে বহুতো ভাৰতীয়য়ে এইদিনা সৌৰ নৱবৰ্ষ পালন কৰে। এই সময়ত ভাৰতৰ ভিন ভিন অঞ্চলত বিভিন্ন বসন্ত উৎসৱৰ আয়োজন কৰা হয়।[7]

বৈশাখী
বৈশাখী
বৈশাখী শিখ ধৰ্মৰ খালসা পন্থৰ জন্ম দিন[1]
পালন কৰে শিখ সকল
প্ৰকাৰ ধৰ্মীয়, সাংস্কৃতিক
মহত্ব সৌৰ নৱবৰ্ষ[2] কৃষিভিত্তিক উৎসৱ, পঞ্জাবী নৱবৰ্ষ, খালসাৰ জন্ম
উদযাপন পেৰেড আৰু নগৰ কীৰ্তন, মেলা অমৃত সঞ্চাৰ
আচাৰ প্ৰাৰ্থনা, শোভাযাত্ৰা, নিশ্বান চাহিব পতাকা উত্তোলন, মেলা, নৃত্য-গীত
সম্পৰ্কিত ব'হাগ বিহু

বৈশাখী ভাৰতীয় উপমহাদেশৰ ঘাইকৈ পঞ্জাব অঞ্চলত সংঘটিত ভাৰত তথা শিখ ধৰ্মৰ ঐতিহাসিক ঘটনাৰ দিন।[9][10] মোগল সম্ৰাট ঔৰংজেৱৰ আদেশত ইছলামলৈ ধৰ্মান্তৰ হবলৈ অস্বীকাৰ কৰাৰ বাবে গুৰু টেগ বাহাদুৰৰ হত্যা কৰা হৈছিল। ইয়াৰ ফলত শিখ সকলৰ দশম গুৰুৰ অভিষেক আৰু একদিনয়ে গুৰু গোবিন্দ সিঙে খালসা পন্থা গঠন কৰিছিল। এই ঘটনা বৈশাখীৰ দিনা সংঘটিত হৈছিল।[11][12][13] শিখ সম্ৰাজ্যৰ সম্ৰাট ৰজা ৰঞ্জিত সিঙে ১৮০১ চনৰ ১২ এপ্ৰিল তাৰিখে বৈশাখীৰ দিনা পঞ্জাব ৰাজ্য একত্ৰিত কৰি ৰাজপাট আৰোহণ কৰিছিল। শিখ ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰথম শিখ গুৰু গুৰু নানকদেৱ জীৰ শিষ্য চাহিব সিং বেদীয়ে তেওঁৰ ৰাজ অভিষেক কৰিছিল।[14] ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে বৈশাখীৰ দিনা অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশৰ অমৃতসৰ চহৰত ইংৰাজ সেনানায়ক ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল।[9]

বৈশাখীত, গুৰুদ্বাৰাসমূহ সজোৱা হয় আৰু কীৰ্তন অনুষ্ঠিত কৰা হয়। শিখসকলে স্থানীয় গুৰুদ্বাৰালৈ যায়, মেলা আৰু 'নগৰ কীৰ্তন'ৰ লগতে নৃত্য-গীত আৰু ভোজৰ আয়োজন কৰা হয়।[4][9][15] ভাৰতৰ অন্যান্য প্ৰান্তৰ হিন্দু সকলে এইদিনা সৌৰ নৱবৰ্ষ পালন কৰে। ইয়াৰ লগতে বিভিন্ন কৃষিভিত্তিক উৎসৱো অনুষ্ঠিত হয়। এইদিনা গংগা, ঝিলাম আৰু কাবেৰী আদি পবিত্ৰ নদীত স্নান কৰা, মন্দিৰ দৰ্শন কৰা, সম্পৰ্কীয় তথা বন্ধুবৰ্গৰ সৈতে মিলন আৰু অন্যান্য উৎসৱত অংশগ্ৰহণ কৰা হয়। ভাৰতৰ অন্যান্য প্ৰান্তত বৈশাখীৰ সময়ত সমপৰ্যায়ৰ বিভিন্ন আঞ্চলিক নামৰে উৎসৱ পালন কৰা হয়।[16]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 Cath Senker (2007). My Sikh Year. The Rosen Publishing Group. পৃষ্ঠা. 10. ISBN 978-1-4042-3733-9. https://books.google.com/books?id=PsQozVTKW44C&pg=PA10. , At Vaisakhi, Sikhs remember how their community, the Khalsa, first began."
  2. 2.0 2.1 William Owen Cole; Piara Singh Sambhi (1995). The Sikhs: Their Religious Beliefs and Practices. Sussex Academic Press. পৃষ্ঠা. 63. ISBN 978-1-898723-13-4. https://books.google.com/books?id=zIC_MgJ5RMUC&pg=PA63. [সংযোগবিহীন উৎস], Quote: "The Sikh new year, Vaisakhi, occurs at Sangrand in April, usually on the thirteenth day."
  3. Harjinder Singh. Vaisakhi. Akaal Publishers. পৃষ্ঠা. 2. https://books.google.com/books?id=bCReCAAAQBAJ&pg=PA2. 
  4. 4.0 4.1 K.R. Gupta; Amita Gupta (2006). Concise Encyclopaedia of India. Atlantic Publishers. পৃষ্ঠা. 998. ISBN 978-81-269-0639-0. https://books.google.com/books?id=9dNOT9iYxcMC&pg=PA998. 
  5. Bodiwala, Suresh (November 18, 2017). "Sikh Religious Society Organizes Two -day Conference in Chicago to Implement Mool Nanakshahi Calendar". Chicago Tribune. http://www.chicagotribune.com/suburbs/naperville-sun/community/chi-ugc-article-sikh-religious-society-organizes-two-day-con-2017-11-18-story.html. 
  6. Harbans Singh (1 January 1998). The Encyclopaedia of Sikhism: S-Z. Publications Bureau. ISBN 978-81-7380-530-1. https://books.google.com/books?id=XhXYAAAAMAAJ&q=nanakshahi+and+khalsa+calendars. 
  7. 7.0 7.1 BBC Religions (2009), Vaisakhi and the Khalsa
  8. Knut A. Jacobsen (2008). South Asian Religions on Display: Religious Processions in South Asia and in the Diaspora. Routledge. পৃষ্ঠা. 192. ISBN 978-1-134-07459-4. https://books.google.com/books?id=WT2odZ7_d7MC&pg=PA192. , Quote: "Vaisakhi is also a Hindu festival, but for the Sikhs, it celebrates the foundation of the Khalsa in 1699."
  9. 9.0 9.1 9.2 S. R. Bakshi, Sita Ram Sharma, S. Gajnani (1998) Parkash Singh Badal: Chief Minister of Punjab. APH Publishing pages 208–209
  10. William Owen Cole; Piara Singh Sambhi (1995). The Sikhs: Their Religious Beliefs and Practices. Sussex Academic Press. পৃষ্ঠা. 135–136. ISBN 978-1-898723-13-4. https://books.google.com/books?id=zIC_MgJ5RMUC. 
  11. Seiple, Chris (2013). The Routledge handbook of religion and security. প্ৰকাশক New York: Routledge. পৃষ্ঠা. 96. ISBN 978-0-415-66744-9. 
  12. Pashaura Singh and Louis Fenech (2014). The Oxford handbook of Sikh studies. প্ৰকাশক Oxford, UK: Oxford University Press. পৃষ্ঠা. 236–237. ISBN 978-0-19-969930-8. 
  13. Harkirat S. Hansra (2007). Liberty at Stake, Sikhs: the Most Visible. iUniverse. পৃষ্ঠা. 28–29. ISBN 978-0-595-43222-6. https://books.google.com/books?id=RDlMUfGiEO8C&pg=PA28. 
  14. The Encyclopaedia of Sikhism Archived 8 May 2014 at the Wayback Machine, section Sāhib Siṅgh Bedī, Bābā (1756–1834).
  15. Jonathan H. X. Lee; Kathleen M. Nadeau (2011). Encyclopedia of Asian American Folklore and Folklife. ABC-CLIO. পৃষ্ঠা. 1012–1013. ISBN 978-0-313-35066-5. https://books.google.com/books?id=9BrfLWdeISoC&pg=PA1012. 
  16. Christian Roy (2005). Traditional Festivals: A Multicultural Encyclopedia. ABC-CLIO. পৃষ্ঠা. 479–480. ISBN 978-1-57607-089-5. https://books.google.com/books?id=IKqOUfqt4cIC&pg=PA479.