বৰবালি বগুৱা (ইংৰাজী: Wood Sandpiper, বৈজ্ঞানিক নাম-Tringa glareola) এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি। ই 'wader' গোটৰ অন্তৰ্ভুক্ত।

(বৰবালি বগুৱা) Wood Sandpiper
মহাৰাষ্ট্ৰত বৰবালি বগুৱা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
উপশ্ৰেণী: Neornithes
বৰ্গ: Charadriiformes
পৰিয়াল: Scolopacidae
গণ: Tringa
প্ৰজাতি: T. glareola
বৈজ্ঞানিক নাম
Tringa glareola
Linnaeus, 1758
সমাৰ্থক

Rhyacophilus glareola (Linnaeus, 1758)

বিৱৰণ সম্পাদনা কৰক

বৰবালি বগুৱাৰ ঠৌঁট চুটি, ঠেং দীঘল আৰু হালধীয়া আৰু পিঠি অংশ মটিয়া হোৱা দেখা যায়। [2][3]

বিতৰণ সম্পাদনা কৰক

বৰবালি বগুৱাই প্ৰধানত: ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে। ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰে বুলিও জনা যায়। তদুপৰি অক্টোবৰ আৰু মে মাহত ইয়াক বিভিন্ন প্ৰশান্ত মহাসাগৰীয় দ্বীপ সমূ্হতো দেখা পোৱা যায়। [4]

বাসস্থান সম্পাদনা কৰক

বৰবালি বগুৱা এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে প্ৰব্ৰজনকাৰী আৰু স্থানীয় চৰাই হিচাপে বিভিন্ন জলাশয় সমূহত চৰা দেখা পোৱা যায়।

আচৰণ সম্পাদনা কৰক

 
প্ৰজনন নোহোৱা কালত বৰবালি বগুৱাৰ দেহৰ বৰণ (plumage)
 
Tringa glareola

খাদ্য সম্পাদনা কৰক

বৰবালি বগুৱাই অগভীৰ পানী বা বোকাত ঠোঁট গুজি খাদ্যবস্তু বিচাৰি খায়। পোক-পতংগ আৰু অন্যান্য সৰু জলজ প্ৰাণীয়েই ইয়াৰ প্ৰধান খাদ্য।

প্ৰজনন সম্পাদনা কৰক

ই পানীৰ কাষৰ গছত বা কেতিয়াবা মাটিত বাহ সাজি পোৱালি জগায়। [2] মাৰ্চৰ পৰা মে মাহৰ ভিতৰত ই কণী পাৰে। এবাৰত সাধৰণতে চাৰিটা কণী পাৰে। কণীবোৰ শেঁতা সেউজীয়া বৰণৰ হয়।

স্থিতি তথা সংৰক্ষণ সম্পাদনা কৰক

বৰবালি বগুৱাৰ বহুল বিস্তৃতিৰ প্ৰতি লক্ষ্য ৰাখি আই. ইউ. চি. এন. এ ইয়াক সংকটৰ পৰা মুক্ত (Least Concern) বুলি স্বীকৃতি দিছে। [5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. BirdLife International (2012). "Tringa glareola". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003025। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 Hayman et al. (1986)
  3. Hayman et al. (1986), Pereira & Baker (2005)
  4. Hayman et al. (1986), Wiles et al. (2000), VanderWerf (2006), VanderWerf et al. (2006)
  5. BLI (2008)

লগতে চাওক সম্পাদনা কৰক

  • Hayman, Peter; Marchant, John & Prater, Tony (1986): Shorebirds: an identification guide to the waders of the world. Houghton Mifflin, Boston. ISBN 0-395-60237-8
  • Pereira, Sérgio Luiz & Baker, Alan J. (2005): Multiple Gene Evidence for Parallel Evolution and Retention of Ancestral Morphological States in the Shanks (Charadriiformes: Scolopacidae). Condor 107(3): 514–526. DOI:10.1650/0010-5422(2005)107[0514:MGEFPE]2.0.CO; 2 PDF fulltext
  • VanderWerf, Eric A. (2006): Observations on the birds of Kwajalein Atoll, including six new species records for the Marshall Islands. Micronesica 38(2): 221–237. PDF fulltext
  • VanderWerf, Eric A.; Wiles, Gary J.; Marshall, Ann P. & Knecht, Melia (2006): Observations of migrants and other birds in Palau, April–May 2005, including the first Micronesian record of a Richard's Pipit. Micronesica 39(1): 11–29. PDF fulltext
  • Wiles, Gary J.; Worthington, David J.; Beck, Robert E. Jr.; Pratt, H. Douglas; Aguon, Celestino F. & Pyle, Robert L. (2000): Noteworthy Bird Records for Micronesia, with a Summary of Raptor Sightings in the Mariana Islands, 1988–1999. Micronesica 32(2): 257–284. PDF fulltext
  • Pizzey, Graham and Knight, Frank: The Field Guide to the Birds of Australia. HarperCollins, Sydney. 2012.

বাহ্যিক সংযোগ সম্পাদনা কৰক