ভক্তি শৰ্মা (ইংৰাজী: Bhakti Sharma; জন্ম ৩০ নৱেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় সাঁতোৰবিদ (মুকলি পানীৰ)। এণ্টাৰ্কটিকাৰ পানীত মুক্ত সাঁতোৰৰ দ্বাৰা ৰেকৰ্ড গঢ়া শৰ্মা এচিয়াৰ প্ৰথম মহিলা আৰু পৃথিৱীৰ সৰ্বকনিষ্ঠতম। শৰ্মাই ৪১.১৪ মিনিটত ১.৪ মাইল (২.৩ কিলোমিটাৰ) সাঁতুৰি, (১° চে, ৩৪ ডিগ্ৰি ফাৰেনহাইট) এই তাপমাত্ৰাত সাঁতোৰা, লীন কক্স (আমেৰিকা যুক্তৰাষ্ট্ৰ) আৰু লুইস পিউ (গ্ৰেট ব্ৰিটেইন)ৰ ৰেকৰ্ড ভংগ কৰিছে। ভক্তি শৰ্মাই বিশ্বৰ সমস্ত পাঁচখন মহাসাগৰত আৰু আন আঠ সমুদ্ৰ তথা চ্যানেলৰ মাজেৰে সাঁতুৰি গঢ়া অভিলেখৰ বাবে ২০১০ চনত তেওঁক টেনজিং নৰ্গে জাতীয় সাহসিকতাৰ পুৰস্কাৰ প্ৰদান কৰা হয়।

ভক্তি শৰ্মা
জন্ম ৩০ নৱেম্বৰ, ১৯৮৯ (৩৪ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাঁতোৰবিদ (মুকলি পানীৰ)
সক্ৰিয় হৈ থকা সময় ২০০৩ৰ পৰা বৰ্তমালৈ
গৃহস্থান উদয়পুৰ, ৰাজস্থান, ভাৰত
বঁটা, সন্মান, পুৰস্কাৰ আদি টেনজিং নৰ্গে জাতীয় সাহসিকতাৰ বঁটা, ২০১০
ৱেবছাইট
bhaktisharma.in

জীৱনৰ প্ৰথমচোৱা সম্পাদনা কৰক

শৰ্মাই মুম্বাইত জন্মগ্ৰহণ কৰে পিছলৈ তেওঁলোক উদয়পুৰ, ৰাজস্থানলৈ উন্নীত হয়। তেওঁ কমিউনিকেশন ম্যানেজমেণ্ট (সিম্বিয়াসিস স্কুল অব মিডিয়া এণ্ড কমিউনিকেশন, বাঙ্গালুৰু)ত স্নাতক ডিগ্ৰি অৰ্জন কৰে তথা উদয়পুৰৰ, মোহন লাল সুখদিয়া বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰি অৰ্জন কৰে।

সাঁতোৰ জীৱন সম্পাদনা কৰক

শৰ্মাই মাত্ৰ আঢ়ৈ বছৰ বয়সতে সাঁতোৰ শিকা আৰম্ভ কৰে, তেওঁৰ মাতৃ লিনা শৰ্মা তেওঁৰ প্ৰশিক্ষক আছিল। অনেক ৰাজ্য ও জিলা ভিত্তিক প্ৰতিযোগিতাত অংশ গ্ৰহণৰ পিছত, তেওঁৰ প্ৰথম মুকলি পানীৰ (সাগৰ) সাঁতোৰৰ অভিজ্ঞতা আছিল ২০০৩ চনত উৰান পোৰ্টৰ পৰা গেটৱে অব ইণ্ডিয়ালৈ মুঠ ১৬ কিলোমিটাৰ দূৰত্ব। সেই সময়ত শৰ্মাৰ বয়স আছিল মাত্ৰ ১৪ বছৰ।

তেওঁ, মাক-প্ৰশিক্ষক লিনা শৰ্মা, আৰু বন্ধু প্ৰিয়ঙ্কা গেহলটৰ সৈতে সমগ্ৰ ইংৰাজ চ্যানেলত সাঁতুৰি ৩-সদস্যৰ মহিলা ৰেলি দলৰ হৈ সাঁতোৰা প্ৰথম মহিলাৰ ৰেকৰ্ড গঢ়ে। আনকি ইংৰাজ চ্যানেলত সাঁতোৰা প্ৰথম মা-কন্যা হিচাপেও ২০০৪ চনত এটি বিশ্ব ৰেকৰ্ড গঢ়াৰ কৃতিত্ব অৰ্জন কৰিছিল। আনকি, শৰ্মা আৰ্মেনীয় মহাসাগৰত সাঁতোৰা পৃথিবীৰ তৃতীয় ব্যক্তি,তথা সম্প্ৰতি এণ্টাৰ্কটিক মহাসাগৰ ও সমস্ত পাঁচ মহাসাগৰত সাঁতোৰা সৰ্বকনিষ্ঠ ব্যক্তি।

তলত সাঁতোৰ জীৱনৰ মাত্ৰ ১০ বছৰ সময়তে শৰ্মাই লাভ কৰা প্ৰশংসনীয় তথা কিছু গুৰুত্বপূৰ্ণ মাইলৰ খুটি আগবঢ়োৱা হ'ল:

  • ২০০৬, ৬ জুলাই: জুলাই মাহত ১৬বছৰ বয়সত ১৩ ঘণ্টা ৫৫মিনিটত শেক্সপীয়েৰ উপকূল, (ডোভাৰ ইংল্যাণ্ডে)ৰ পৰা ক্যালয়েস(ফ্ৰান্স)লৈ সাঁতুৰি ইংৰাজ চ্যানেলক অতিক্ৰম কৰে
  • ২০০৬: লেক জুৰিখ মাৰথন সাঁতোৰৰ বিজয়ী।
  • ২০০৭: ফ্লোৰিডাৰ ফোৰ্ট মিয়াৰ্স উপকূলত অনুষ্ঠিত ২০০৭চনৰ ইউ.এস.এ মুকলি পানীৰ সাঁতোৰ চ্যাম্পিয়নশিপৰ অংশ হিচাপে মেক্সিকো উপসাগৰত ২৫ কিলোমিটাৰ সাঁতুৰিবলৈ সক্ষম হয়।
  • ২০০৭: প্ৰশান্ত মহাসাগৰৰ আলকাতৰাজ শিলৰ চাৰিওদিশে প্ৰায় ৬.৫ কিলোমিটাৰৰ এক সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সাঁতোৰৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হয়।
  • ২০০৭: আটলাণ্টিক মহাসাগৰৰ কী ৱেষ্ট আইল্যাণ্ডৰ চাৰিওফালে সাঁতোৰৰ এক মাৰাথন প্ৰতিযোগিতাত এটি স্বৰ্ণপদক লাভ কৰে।
  • ২০০৭: মাত্ৰ ৫ ঘণ্টা ১৩ মিনিটত স্পেইনৰ টেৰিফা ভূমধ্য সাগৰৰ জিব্ৰাল্টাৰ বিপদ শংকুল ষ্ট্ৰেইট সাঁতুৰি পাৰ কৰে। ই সবাতোকৈ চ্যালেঞ্জিং সমুদ্ৰৰ কোৰ্স হিচাপে বিবেচিত হৈ আহিছে।
  • ২০১০: আৰ্কটিক মহাসাগৰত ৩৩ মিনিটৰ ভিতৰত ১.৮ কিলোমিটাৰ দূৰত্ব সফলভাবে সাঁতুৰিবলৈ সক্ষম হয়, ইয়াৰ লগে লগেই শৰ্মা বিশ্বৰ ৪খন মহাসাগৰত সাঁতোৰা বিশ্বৰ দ্বিতীয় তথা সৰ্বকনিষ্ঠ সাঁতোৰবিদ হৈ পৰে।

ৰাষ্ট্ৰীয় সাঁতোৰ:

  • ২০০৪: ৯ ঘণ্টা ৩০ মিনিটত ভাৰত মহাসাগৰৰ ধৰ্মতালৰ পৰা গেটৱে পৰ্যন্ত ৩৬ কিলোমিটাৰ দূৰত্ব সফলভাবে সাঁতুৰিবলৈ সক্ষম হয়।
  • ২০০৪: ধৰ্মতলৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ(মুম্বাই)পুনৰ ধৰ্মতাললৈ ৭২ কিলোমিটাৰ দূৰত্ব, ১৬ ঘণ্টা ৫৮মিনিটত সাঁতুৰি মাতৃ লিনা শৰ্মা আৰু বন্ধু প্ৰিয়ঙ্কা গেহলট সহ এটি ভাৰতীয় ৰেকৰ্ড গঢ়ে।