ভেনিছিয়ান ব্লাইণ্ড(ইংৰাজী: Venetian Blind) এবিধ পৰ্দা৷ আজিকালি বিভিন্ন আধুনিক কাৰ্যালয়,ভৱন আদিত পাতল ধাতু,ভিনাইল বা প্লাষ্টিকৰ দীঘল আৰু পাতল কিছুমান পাট বা আচ্ছাদনেৰে নিৰ্মিত এবিধ পৰ্দা দেখা যায়৷ এই পৰ্দাবিধৰ নাম ভেনিছিয়ান ব্লাইণ্ড৷ [1]

Various window blinds
Venetian blind detail, showing how slats are connected.

ইতিহাস সম্পাদনা কৰক

এনে ভেনিছিয়ান ব্লাইণ্ডৰ লগত ভেনিছ শব্দটো জড়িত হৈ থাকিলেও ধাৰণা কৰা মতে এনে ধৰণৰ পৰ্দাৰ জন্মস্থান পাৰস্যহে৷ দেশে-বিদেশে বেপাৰ-বণিজ কৰি ফুৰা ভেনিছৰ সদাগৰসকলে হয়তো পাৰস্যত এনেধৰণৰ পৰ্দা দেখা পালে আৰু ভেনিছলৈ ঘূৰি আহি তাকে সামান্য উন্নত কৰি অষ্টাদশ শতিকাত ভেনিছ আৰু পেৰিছত তাক প্ৰচলন কৰিলে৷ ১৭৬৯ চনত ইংৰাজ ডিজাইনাৰ এডৱাৰ্ড বেৰানে Edward Beran কাঠৰ টুকুৰাৰে ভেনেছিয়ান ব্লাইণ্ড সাজি ইংলণ্ডতো তেনে পৰ্দাৰ প্ৰচলন কৰিলে৷ এতিয়াৰ ভেনিছিয়ান ব্লাইণ্ডবোৰ সাধাৰণতে পাতল ধাতু,প্লাষ্টিক,টান বস্ত্ৰ বা ভিনাইলেৰে সজা হয়৷[1]

 
Faux wood blinds for living room

ব্যৱহাৰ সম্পাদনা কৰক

এই পৰ্দাৰ দীঘল পাটবোৰ এটা ফ্ৰেমৰ ভিতৰত শাৰী শাৰীকৈ সজাই থোৱা থাকে আৰু সেইবোৰৰ অৱস্থান সলনি কৰি কোনো কোঠাৰ ভিতৰলৈ সোমোৱা পোহৰ ৰশ্মি কম-বেছি কৰিব পাৰি৷ ভেনিছিয়ান ব্লাইণ্ডৰ দীঘল টুকুৰাবোৰ সাধাৰণতে টান সূতা বা ৰচীৰে সংযোগ কৰা থাকে আৰু সেই টুকুৰাবোৰ টনাটনি কৰি অনুভূমিক বা উলম্ব কৰিব পৰা যায়৷ যেতিয়া টুকুৰাবোৰ দুৱাৰ বা খিৰিকীৰ সমতলৰ উলম্ব অৱস্থানত ৰখা হয়,তেতিয়া টুকুৰাবোৰে সামান্য বোধেৰেহে পোহৰ বাধা দিব পাৰে আৰু যথেষ্ট পৰিমাণৰ পোহৰ কোঠাটোলৈ সোমাই আহিব পাৰে৷ আমহাতে দুৱাৰ বা খিৰিকীৰ সমতলৰ অনুভূমিক অৱস্থানত থাকিলে সেইবোৰ তাৰ সম্পূৰ্ণ প্ৰস্থেৰে পোহৰ বাধা দিব পাৰে আৰু ফলত অতি কম পৰিমাণৰ পোহৰ সোমাই আহিব পাৰে৷[1]

 
Australian Holden Kingswood with accessory louvres and spats.




চিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩১শ বছৰ (২৩শ সংখ্যা): পৃষ্ঠা ৬৪. ১ - ১৫ নৱেম্বৰ ২০১২. 

বাহ্যিক সংযোগ সম্পাদনা কৰক