ম'ল (ইংৰাজী: mole) হৈছে আন্তৰ্জাতিক একক পদ্ধতিত (SI) কোনো বস্তুত থকা পদাৰ্থৰ পৰিমানআধাৰ একক। সংজ্ঞামতে, যিমান পৰিমানৰাসায়নিক পদাৰ্থত, ১২ মান আনৱিক ভৰ বিশিষ্ট ১২ গ্ৰাম কাৰ্বন-১২ত (১২C, কাৰ্বনআইছ'টপ) থকা প্ৰাথমিক কণিকা, যেনে, পৰমাণু, অণু, আয়ন, ইলেক্ট্ৰ'ন, অথবা ফ'টনৰ সম সংখ্যক কণিকা থাকে, সেই পৰিমানকে এক ম'ল বোলা হয়। এই সংখ্যাটোক এভ'গেড্ৰ' ধ্ৰুৱক হিচাপে প্ৰকাশ কৰা হয়, ইয়াৰ মান প্ৰায় Lua error in Module:Convert at line 696: attempt to index local 'utable' (a nil value). mol−১, ই ৬০২ হাজাৰ নিযুত নিযুত নিযুততকৈ অলপ বেছি। ম'লৰ আন্তৰ্জাতিক একক চিহ্ন হৈছে mol

ম'ল
একক পদ্ধতি এছ. আই. আধাৰ একক
কিহৰ একক পদাৰ্থৰ পৰিমান
সংকেত mol 

ৰসায়ন বিজ্ঞানৰাসায়নিক বিক্ৰিয়াবিক্ৰিয়ক আৰু উৎপাদকৰ পৰিমান প্ৰকাশ কৰিবলৈ ম'লৰ বহুল ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে, 2 H2 + O2 → 2 H2O, এই বিক্ৰিয়াত ২ ম'ল ডাইহাইড্ৰ'জেন (H2) আৰু ১ ম'ল ডায়'ক্সিজেন (O2)ৰ বিক্ৰিয়াৰ ফলত ২ ম'ল পানী (H2O)ৰ উৎপাদন হৈছে। কোনো পদাৰ্থৰ নমুনাত থকা পৰমাণু, আয়ন নাইবা অন্য প্ৰাথমিক কণিকাৰ সংখ্যা বুজাবলৈও ম'ল ব্যৱহাৰ কৰা হয়। সাধাৰণতে কোনো দ্ৰৱৰ ঘনত্ব তাৰ ম'লাৰিটিৰ দ্বাৰা প্ৰকাশ কৰা হয়। ম'লাৰিটি হৈছে প্ৰতি লিটাৰ দ্ৰৱত দ্ৰৱিভূত হোৱা দ্ৰাব্যৰ ম'লৰ সংখ্যা।

প্ৰতি ম'ল পদাৰ্থত থকা অনুৰ সংখ্যাক এভ'গেড্ৰ' ধ্ৰুৱক বোলে, আৰু ইয়াক এনেদৰে সংজ্ঞাবদ্ধ কৰা হয় যে গ্ৰামত প্ৰকাশ কৰা কোনো পদাৰ্থৰ এক ম'ল, পদাৰ্থটোৰ মান তুলনামূলক আনৱিক ভৰৰ সৈতে সমান। উদাহৰণ স্বৰূপে, প্ৰাকৃতিক পানীৰ মান তুলনামূলক আনৱিক ভৰ হৈছে প্ৰায় ১৮.০১৫, সেই হিচাপে এক ম'ল পানীৰ ভৰ হ'ব প্ৰায় ১৮.০১৫ গ্ৰাম।

এই ধাৰণাৰ ভিত্তিতেই পূৰ্ৱতে গ্ৰাম-অণু পদাংশ ব্যৱহাৰ কৰা হৈছিল।[1] সেইদৰে গ্ৰাম-পৰমাণু পদাংশও ব্যৱহাৰ কৰা হয়। গ্ৰাম-পৰামাণু হৈছে সেই পৰিমানৰ পদাৰ্থ, যি পৰিমানত এভ'গেড্ৰ' সংখ্যাৰ সমান পৰমাণু একক অথবা যুগ্মভাৱে থাকে। উদাহৰণ স্বৰূপে ১ ম'ল MgBr2ৰ ভৰ ১ গ্ৰাম-অণু MgBr2 কিন্তু ৩ গ্ৰাম-পৰমাণু MgBr2[2][3]

এককৰ সন্মানাৰ্থে কিছুসংখ্যক ৰসায়নবিদে ২৩ অক্টোবৰৰ দিনটো ম'ল দিৱস হিচাপে উদ্‌যাপন কৰে, আনহাতে অন্য কিছুসংখ্যকে ৬ ফেব্ৰুৱাৰী আৰু ২ জুনত পালন কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. International Bureau of Weights and Measures (2006), The International System of Units (SI) (8th সম্পাদনা), pp. 114–15, ISBN 92-822-2213-6, http://www.bipm.org/utils/common/pdf/si_brochure_8_en.pdf 
  2. Wang, Yuxing; Bouquet, Frédéric; Sheikin, Ilya; Toulemonde, Pierre; Revaz, Bernard; Eisterer, Michael; Weber, Harald W; Hinderer, Joerg et al. (2003). "Specific heat of MgB2 after irradiation". Journal of Physics: Condensed Matter খণ্ড 15 (6): 883–893. doi:10.1088/0953-8984/15/6/315. 
  3. Lortz, R.; Wang, Y.; Abe, S.; Meingast, C.; Paderno, Yu.; Filippov, V.; Junod, A. (2005). "Specific heat, magnetic susceptibility, resistivity and thermal expansion of the superconductor ZrB12". Phys. Rev. B খণ্ড 72 (2): 024547. doi:10.1103/PhysRevB.72.024547.