মণিছাল ( বৈজ্ঞানিক নাম: Sapindus mukorossi; বঙালী: ৰিঠা; মিচিং: হাইটা-গুটি; কাৰবি: ডাক্ ডাক্ আৰং; কাছাৰ:হাইঠাল, ফুআঠাই, খাচিয়া: দিয়েং স্পিয়েং ৰাহ; তাই-আহোম: টুন্-মাক-চাক; বড়ো:মণিছাল[1]) চেপিন্দেচি (Sapindaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। ইয়াৰ ফলক ইংৰাজীত Indian soapberry[2] বা washnut[3] বুলি কোৱা হয়।

মণিছাল

(Sapindus mukorossi)

জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Angiosperms
বৰ্গ: Sapindales
পৰিয়াল: Sapindaceae
গণ: Sapindus
প্ৰজাতি: Sapindus mukorossi
বৈজ্ঞানিক নাম
Sapindus mukorossi

বিস্তৃতি সম্পাদনা কৰক

মণিছাল ভাৰতবৰ্ষৰ থলুৱা উদ্ভিদ। এই গছ ভাৰত আৰু নেপালৰ হিমালয়ৰ পাদদেশত সাগৰ-পৃষ্ঠৰ পৰা ৪০০০ ফুট উচ্চতালৈকে প্ৰাকৃতিকভাৱে বিস্তৃত হৈ আছে। [4][5][6][7] এই গছ কম সাৰুৱা মাটিতো উৎপন্ন হ’ব পাৰে।[8][9]

বিৱৰণ সম্পাদনা কৰক

মণিছাল গছৰ বাকলিৰ বৰণ মদৰুৱা হয় আৰু এই বাকলিৰ উপৰিভাগত সেউজীয়া বৰণৰ আভাস থাকে। বাকলিৰ ওপৰত দীঘল দীঘল ৰেখাৰ উদ্ভৱ হয়।[1]

পাতৰ আকৃতি দীঘল চানেকীয়া। মূল পাতৰপৰা কেইবাখিলাও শাখা পাত ওলায়। ফুলবোৰ থোপাথোপে ফুলে। ফুলৰ আকাৰ সৰু হয়। ফুল পুৰঠ হ’লে ঘূৰণীয়া আকৃতিৰ ফল ধৰে। ফলৰ উপৰিভাগে মেৰুটা-মেৰুটি হৈ শোটোৰা পৰাৰ আকৃতি ধাৰণ কৰে। বাকলিখনৰ ভিতৰত একোটাকৈ ঘূৰণীয়া আকাৰৰ গুটি ধৰে। [1]

ব্যৱহাৰ সম্পাদনা কৰক

 
মণিছালৰ ফল
 
মণিছালৰ গুটি

মণিছাল গছৰ গুটিৰ ব্যৱহাৰ গুৰুত্বপূৰ্ণ।[3] ইয়াৰ গুটিত চেপ’নিন (saponin) নামৰ এটা যৌগ থাকে যি প্ৰাকৃতিকভাৱে পৰিষ্কাৰকৰণ (cleansing) ত সহয় কৰে। সেয়ে মণিছালৰ গুটিৰে চুলি, চাল আৰু কাপোৰকানি পৰিষ্কাৰ কৰা হয়।[6]

মণিছাল পতংগৰোধক (insecticides) হিচাপেও ব্যৱহাৰ কৰা হয়। ই চলুৰ পৰা উকণি নিৰ্মুলতো সহায় কৰে।[3]

এটা গৱেষণাই প্ৰকাশ কৰিছে যে, মাইগ্ৰেইন বা ছালৰ বিভিন্ন ৰোগ নিৰাময়তো মণিছালৰ গুটিৰ উপযোগীতা আছে।[3]

তদুপৰি তেলৰ খনিৰ পৰা তেল উলিওৱাতো মণিছালৰ গুটিৰ সম্ভাৱনীয় ব্যৱহাৰৰ বিষয়ে তথ্য পোৱা গৈছে।[10][11]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  2. "মণিছাল". প্ৰাকৃতিক সম্পদ সংৰক্ষণ সেৱা উদ্ভিদ তথ্যকোষ, ইউ.এছ.ডি.এ.ৰ পৰা 5 November 2015 তাৰিখে আহৰণ কৰা হৈছে।. https://plants.usda.gov/core/profile?symbol=SAMU6. 
  3. 3.0 3.1 3.2 3.3 Upadhyay, A., & Singh, D. K. (2012). "Pharmacological effects of Sapindus mukorossi". Revista do Instituto de Medicina Tropical de São Paulo খণ্ড 54 (5): 273–280. doi:10.1590/s0036-46652012000500007. http://www.scielo.br/scielo.php?pid=S0036-46652012000500007&script=sci_arttext. 
  4. Orwa C. A., Mutua, K. R., & Jamnadasss R. S. A. (2009) Agroforestree Database: a tree reference and selection guide (version 4.0). Retrieved from http://www.worldagroforestry.org/treedb/AFTPDFS/Sapindus_mukorossi.pdf
  5. USDA, ARS, Germplasm Resources Information Network. মণিছাল in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 14 December 2014.
  6. 6.0 6.1 Sharma, A.; Sati, S. C.; Sati, O.; Sati, D. M.; Kothiyal, S. K. (2011). "Chemical constituents and bio activities of genus Sapindus". International Journal of Research in Ayurveda & Pharmacy খণ্ড 2 (2): 403–409. Archived from the original on 2018-08-27. https://web.archive.org/web/20180827070056/http://www.ijrap.net/vol2/issue2/15.pdf। আহৰণ কৰা হৈছে: 2019-06-15. 
  7. Sarin, J. L.; Beri, M. L. (1939). "Extraction of saponin from soapnut". Industrial and Engineering Chemistry খণ্ড 31 (6): 712–713. doi:10.1021/ie50354a012. 
  8. Forestry Nepal (2014). Sapindus mukorossi. Retrieved from http://www.forestrynepal.org/resources/trees/sapindus-mukorossi Archived 2015-09-24 at the Wayback Machine
  9. Poudel, K. L. (2011). Trade potentiality and ecological analysis of NTFPs in Himalayan Kingdom of Nepal. Himalayan Research Papers Archives, 61 . Retrieved from http://hdl.handle.net/1928/3300
  10. Chhetri, A. B.; Watts, K. C.; Rahman, M. S.; Islam, M. R. (2009). "Soapnut extract as a natural surfactant for enhanced oil recovery". Energy Sources, Part A: Recovery, Utilization, and Environmental Effects খণ্ড 31 (20): 1893–1903. doi:10.1080/15567030802462622. 
  11. Mukhopadhyay, S.; Hashim, M. A.; Sahu, J. N.; Yusoff, I; Gupta, B. S. (2013). "Comparison of a plant based natural surfactant with SDS for washing of As(V) from Fe rich soil". Journal of Environmental Sciences খণ্ড 25 (11): 2247–2256. doi:10.1016/s1001-0742(12)60295-2. http://www.sciencedirect.com/science/article/pii/S1001074212602952. 

  ৱিকিমিডিয়া কমন্সত মণিছাল সম্পৰ্কীয় মিডিয়া ফাইল।