মধুৰাম বড়ো

অসমীয়া সাহিত্যিক

মধুৰাম বড়ো অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ।[1] তেওঁ ২০০২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ তাৰোপৰি তেওঁ ২০০২ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে৷ ২০১৪ চনৰ ২৪ মাৰ্চ তাৰিখে তেওঁৰ মৃত্যু হয়৷[2]

মধুৰাম বড়ো
জন্ম ১ নৱেম্বৰ, ১৯৩৮
কামৰূপ জিলাহাজো
মৃত্যু ২৪ মাৰ্চ , ২০১৪
পেচা লেখক, সাংবাদিক

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৩৮ চনৰ ১ নৱেম্বৰত কামৰূপ জিলাহাজোত মধুৰাম বড়োৱে জন্মগ্ৰহণ কৰে।[1] ১৯৫৫ চনত তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৫৭ চনত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ১৯৫৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷[2] ইয়াৰ পিছত তেওঁ ১৯৬৫ চনত পুনে বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ সাংস্কৃতিক নৃতত্ত্ব (কালচাৰেল এনথ্ৰ'প'লজি) বিষয়ত ডিপ্লমাৰ লগতে জাৰ্মান আৰু ফ্ৰেন্স ভাষা শিক্ষাৰ চাৰ্টিফিকেট লাভ কৰে৷

কৰ্মজীৱন সম্পাদনা কৰক

শিক্ষকতা সম্পাদনা কৰক

মধুৰাম বড়োৱে মনিয়াদি হাই মাদ্ৰাছাত সহকাৰী শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে৷ পৰৱৰ্ত্তী কালত তেওঁ ৰামদিয়া উচ্চ ইংৰাজী বিদ্যালয় আৰু হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ গুৱাহাটীৰ একে ইনটিউটতো সহঃ শিক্ষক হিচাপে আৰু ৰঙিয়া মধুকুছিৰ কছাৰী মহল হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ১৯৭৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষা বিভাগত যোগদান কৰে৷ ১৯৯৮ চনৰ ৩১ অক্টোবৰত মধুৰাম বড়োৱে বিশ্ববিদ্যালয়ৰ বড়ো ভাষাৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷[1][2]

তাৰোপৰি মধুৰাম বড়োৱে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বড়ো ভাষাৰ পাঠ্যপুথি তথা স্নাতকোত্তৰ ডিগ্ৰী পৰ্য্যায়ৰ বাবে অন্যান্য পাঠ্যপুথি প্ৰণয়ন কৰিছিল৷[1]

সাংবাদিকতা সম্পাদনা কৰক

মধুৰাম বড়োৱে 'সংবাদ সাপ্তাহিক' নামৰ অসমীয়া, বড়ো, ইংৰাজী তথা উত্তৰ-পূবৰ অন্য কেইবাটাও ভাষাত প্ৰকাশিত এখন সাপ্তাহিকৰ সম্পাদনা কৰে৷ তাৰোপৰি তেওঁ অসমীয়া জনমত (সপ্তাহিক), নতুন দিন কাকতৰো সম্পাদকৰূপে কাৰ্য্যনিৰ্বাহ কৰে৷ ২০০৬ চনত তেওঁ আজি কাকতত সম্পাদক হিচাপে যোগদান কৰে৷[1][2]

সাহিত্যচৰ্চা সম্পাদনা কৰক

মধুৰাম বড়োৱে ৭০ খন বড়ো, অসমীয়া তথা ইংৰাজী ভাষাৰ গ্ৰন্থ ৰচনা কৰা বুলি জনা যায়৷ তাৰোপৰি তেওঁ পাঁচখন বাতৰিকাকত, আলোচনী সম্পাদনা কৰে আৰু ৫০০ ৰো অধিক প্ৰবন্ধ প্ৰকাশ পাইছে৷[2]

মৃত্যু সম্পাদনা কৰক

২০১৪ চনৰ ২৪ মাৰ্চ তাৰিখে ৭৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুগৰাকী জীয়ৰীক এৰি যায়৷[2][1]

অৱদান সম্পাদনা কৰক

বড়ো ভাষাত গ্ৰন্থ সম্পাদনা কৰক

  • আবাউনি গামি (বড়ো উপন্যাস)[2]
  • মুংখলুংনি হাংগামা (বড়ো কবিতা পুথি)
  • বড়ো চল'বাথা
  • হাড়িমু আৰু বড়ো হাৰিমু
  • গেজেৰ ৰাওখান্থি
  • গৌজৌৰাওখান্থি[2]

ইংৰাজী ভাষাত গ্ৰন্থ সম্পাদনা কৰক

  • হাউ টু এডৰ্লি (কবিতা পুথি)
  • দা ষ্ট্ৰাকছাৰ অৱ দা বড়ো লেংগুৱেজ
  • দা ষ্ট্ৰাকছাৰ অৱ দা আছামিছ লেংগুৱেজ
  • আছামিছ এণ্ড বড়ো
  • দা হিষ্টৰিকেল ডেভেলপমেন্ট অৱ বড়ো লেংগুৱেজ
  • দা হিষ্টৰী অৱ বড়ো লেংগুৱেজ[1]

অসমীয়া ভাষাত গ্ৰন্থ সম্পাদনা কৰক

  • বড়ো লোক সাহিত্য
  • বড়ো সাধুকথা
  • বড়ো লোকগীত
  • আইতাৰ শিশুগ্ৰাম[2]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ২০০২ চনৰ সাহিত্য অকেডেমিৰ 'ভাষা সন্মান'[2][3]
  • ২০০২: অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন[1]
  • ভাৰতীয় দলিত সাহিত্য অকেদেমিৰ ড° আম্বেদকাৰ সাহিত্য বঁটা[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 [amarasom.glpublications.in/epapermain.aspx "'আমাৰ অসম' কাকতত প্ৰকাশিত বাতৰি"]. ২৪ মাৰ্চ, ২০১৪. amarasom.glpublications.in/epapermain.aspx। আহৰণ কৰা হৈছে: 24 মাৰ্চ 2014. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 "'দৈনিক জনমভূমি' কাকতত প্ৰকাশিত বাতৰি". ২৪ মাৰ্চ, ২০১৪. http://www.dainikjanambhumi.co.in/। আহৰণ কৰা হৈছে: 24 মাৰ্চ 2014. 
  3. "BHASHA SAMMAN AWARDEES". Sahitya Akademi, Govt. of India. http://sahitya-akademi.gov.in/awards/bhasha%20samman_suchi.jsp। আহৰণ কৰা হৈছে: 25 October 2021.