মলীকা পোখৰাজ

পাকিস্তানৰ কণ্ঠশিল্পী

মলীকা পোখৰাজ (উৰ্দু: ملكہ پکھراج) – ১৯১২ - ২০০৪) পাকিস্তানৰ এগৰাকী গজল আৰু লোকগীতৰ কণ্ঠশিল্পী আছিল। তেওঁ সচৰাচৰ 'মলীকা', যাৰ অৰ্থ ৰাণী, নামেৰে পৰিচিত আছিল। তেখেত হাফিজ জলন্ধৰীৰ নাজম গীত, অভি ত' মেঁ জৱান হুঁ (মই এতিয়াও তৰুণ)-ত কন্ঠদান কৰাৰ বাবে অত্যন্ত জনপ্ৰিয়তা লাভ কৰিছিল, যিটো কেৱল পাকিস্তানতে নহয় ভাৰততো জনপ্ৰিয় হৈছিল।[1] তেওঁৰ আন জনপ্ৰিয় গীতৰ মাজত ল' ফিৰ বচন্ত আই, কুলি কুতুবৰ পিয়া বাচ পিয়ালা পিয়া জায়ে না, আৰু ফয়েজ আহমেদ ফয়েজৰ মেৰে কাতিল মেৰে দিলদাৰ মেৰে পাচ ৰহো আদি উল্লেখযোগ্য।

মলীকা পোখৰাজ

১৯২০ চনৰ কাশ্মীৰত মলীকা পোখৰাজ
প্ৰাথমিক তথ্য
জন্ম ১৯১২
হামিৰপুৰ সিদ্ধাৰ, জম্মু আৰু কাশ্মীৰ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ জম্মু আৰু কাশ্মীৰ, ভাৰত)
মূল কাশ্মীৰ
মৃত্যু ৪ ফেব্ৰুৱাৰী ২০০৪ (বয়স ৯২)
লাহোৰ, পঞ্জাব, পাকিস্তান
সংগীতৰ প্ৰকাৰ লোকগীত আৰু গজল
পেচা কণ্ঠশিল্পী
ৰেকৰ্ড লেবেল পাকিস্তান ৰেডিঅ’
অল ইণ্ডিয়া ৰেডিঅ'

প্ৰাথমিক জীৱন সম্পাদনা কৰক

মলীকা পোখৰাজ 'হামিৰপুৰ সিদ্ধাৰত' পেচাদাৰ কণ্ঠশিল্পীসকলৰ এখন কণ্ঠশিল্পী পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।[2] আখনূৰ অঞ্চলত আধ্যাত্মবাদী দেউতা ৰতি ৰাম 'মাজজুব' জন্মৰ সময়ত তেওঁক "মলীকা" নাম দিছিল আৰু তেওঁৰ মাহীৰ দ্বাৰা তেওঁৰ নাম ৰখা হৈছে 'পোখৰাজ' (হালধীয়া নীলা) যিয়ে নিজে এগৰাকী পেচাদাৰ কণ্ঠশিল্পী-নৃত্যশিল্পী আছিল।[3][4]

মলীকা পোখৰাজ কিংবদন্তি কণ্ঠশিল্পী ওস্তাদ বাদে গোলাম আলী খানৰ পিতৃ ওস্তাদ আলী বক্স কাছুৰিৰ পৰা ঐতিহ্যবাহী সংগীত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

পাৰ্ফমিং পেচা সম্পাদনা কৰক

ন বছৰ বয়সত, তেখেত জম্মুলৈ হৈছিল আৰু মহাৰজা হৰি সিংহৰ ৰাজ্যাভিষেক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল, যিয়ে তেওঁৰ কণ্ঠত ইমানেই মুগ্ধ হৈছিল যে তেখেত তেওঁক তাৰ দৰবাৰত ৰাজ গায়ক হিচাপে নিয়োগ কৰিছিল।[5] তেখেত তাতে আৰু ন বছৰ গায়ক হিচাপে আছিল।[4]

তেখেত ১৯৪০-ৰ দশকত ভাৰতৰ খ্যাতিমান পেচাদাৰ কণ্ঠশিল্পীৰ মাজত আছিল আৰু ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত পাকিস্তানৰ লাহোৰলৈ গুচি যায়। যত তেখেত লাহোৰৰ সুৰকাৰ কালে খানৰ লগত তেওঁ ৰেডিঅ' পাকিস্তানৰ ৰেডিঅ' পৰিৱেশনৰ দ্বাৰা আৰু অধিক জনপ্ৰিয় হৈ উঠিছিল। তেওঁৰ কণ্ঠস্বৰ 'পাহাৰীয়া লোকসংগীত' (পাহাৰী গীত)ৰ বাবে আটাইতকৈ উপযুক্ত আছিল।

১৯৮০ চনত, তেখেত পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ পৰা 'প্ৰাউড অফ পাৰফৰ্মেঞ্চ বঁটা' লাভ কৰিছিল। ১৯৭৭ চনত, যেতিয়া অল ইণ্ডিয়া ৰেডিঅৰ (তেখেত ১৯৪৭-ৰ দেশ বিভাজনৰ আগলৈকে গাইছিল) সুবৰ্ণ জয়ন্তী উদযাপন কৰিছিল, তেতিয়া তেওঁক ভাৰতত আমন্ত্ৰণ জনোৱা হৈছিল আৰু 'কিংবদন্তিৰ কণ্ঠস্বৰ' বঁটাৰে ভূষিত কৰা হৈছিল।[6] মলীকা পোখৰাজ “ছং ছুং ট্ৰু ” উপন্যাসতো তেওঁৰ স্মৃতি ৰিক’ৰ্ড কৰিছিল।

মৃত্যু সম্পাদনা কৰক

মলীকা পোখৰাজ ২০০৪ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখত পাকিস্তানৰ লাহোৰত মৃত্যুৱৰণ কৰে। তেওঁৰ শৱ সৎকাৰ যাত্ৰা পশ্চিম কনাল পাৰত তেওঁৰ বাসভৱনৰ পৰা আৰম্ভ হৈছিল আৰু তেওঁৰ ডাঙৰ পুতেক এই অনুষ্ঠানটো ঘৰতেই অনুষ্ঠিত কৰিছিল। তেওঁক লাহোৰৰ শাহ জামাল কবৰস্থানত দাফন কৰোঁৱা হৈছিল।[7]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

মলীকা পোখৰাজৰ পঞ্জাবৰ এগৰাকী কনিষ্ঠ চৰকাৰী অধিকাৰক ছাব্বিৰ হুচেইনৰ লগত বিবাহ হৈছিল আৰু তেওঁলকৰ পাকিস্তানৰ কণ্ঠশিল্পী তহিৰা চৈয়দ সহ ছগৰাকী সন্তান আছে।[8][9]

তথ্যউৎস সম্পাদনা কৰক

  1. https://www.youtube.com/watch?v=6F87TnnTdpw, "Abhi tau mein jawan hoon" song on YouTube by Malika Pukhraj, uploaded 10 May 2010. Retrieved 1 February 2016
  2. Prof RL Kaul, Kashmir and Jammu: A History pub Jammu: Indar V Press, 1955, p. 102
  3. http://www.dawn.com/news/783586/abhi-to-main-jawan-hoon&sa, Malika Pukhraj article on Dawn, Karachi newspaper. Retrieved 1 February 2016
  4. 4.0 4.1 Biography, Biography of Malika Pukhraj on tripod.com website. Retrieved 1 February 2016
  5. Unparalleled queen of gayaki The Hindu, published 4 June 2004. Retrieved 1 February 2016
  6. http://www.thehindu.com/fr/2004/06/04/stories/2004060401970600.htm, Malika Pukhraj 'Biography', Unparalleled queen of gayaki, published 4 June 2004, The Hindu newspaper. Retrieved 1 February 2016
  7. http://www.radio.gov.pk/newsdetail/342/57 Archived 2016-02-02 at the Wayback Machine, Death Anniversary of Malika Pukhraj, Radio Pakistan News website, published 4 February 2015. Retrieved 1 February 2016
  8. http://www.dawn.com/news/783586/abhi-to-main-jawan-hoon&sa, Biography of Malika Pukhraj on Dawn, Karachi newspaper, published 4 February 2013. Retrieved 1 February 2016
  9. https://www.youtube.com/watch?v=m9TG8Dhusg4, Tahira Syed 'Profile' on YouTube, uploaded 9 January 2012. Retrieved 1 February 2016