মাৰ্ক জুকাৰবাৰ্গ (ইংৰাজী: Mark Elliot Zuckerberg) এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইণ্টাৰনেট উদ্যামী। ইণ্টাৰনেটৰ জগতত তেওঁ ফেইচবুকক লৈ এক আলোৰণৰ সৃষ্টি কৰে। তেওঁৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ মে’ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হুৱাইট প্লেইনছত।[1][2] তেওঁৰ দেউতাক এডৱাৰ্ড জুকাৰবাৰ্গ এগৰাকী দন্ত্য চিকিৎসক আৰু মাক কেৰেন কেম্পনেৰ এগৰাকী মনৰোগ চিকিৎসক।[3] জুকাৰবাৰ্গ এতিয়া ফেইচবুকৰ মুখ্য কাৰ্যকাৰী (CEO)-ৰ লগতে সহ-প্ৰতিষ্ঠাপক হিচাপে আছে। ২০১৮ চনলৈকে তেওঁৰ নিজা সম্পত্তিৰ পৰিমাণ ৭২.৫ বিলিয়ন আমেৰিকান ডলাৰ বুলি অনুমাণ কৰা হৈছিল।[4][5]

মাৰ্ক জুকাৰবাৰ্গ

২০১৪ চনত জুকাৰবাৰ্গ
জন্ম মাৰ্ক এলিয়ট জুকাৰবাৰ্গ
১৪ মে', ১৯৮৪ (৩৯ বছৰ)
হোৱাইট প্লেইনছ, নিউয়ৰ্ক, সংযুক্ত যুক্তৰাষ্ট্ৰ
শিক্ষা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (dropped out)
পেচা
  • মিডিয়া স্বত্বাধিকাৰী
  • ইণ্টাৰনেট উদ্যোগী
  • সমাজহিতৈষী
সক্ৰিয় হৈ থকা সময় ২০০৪- বৰ্তমান
পদবী
-ৰ সহ-প্ৰতিষ্ঠাপক আৰু সহ-মুখ্য কাৰ্যবাহী বিষয়া
দাম্পত্যসঙ্গী প্ৰিসিলা চান (বি. ২০১২)
সন্তান
আত্মীয়-স্বজন
স্বাক্ষৰ
ৱেবছাইট
facebook.com/zuck

তথ্য সংগ্ৰহ সম্পাদনা কৰক