মেকুৰী

পোহনীয়া স্তন্যপায়ী জন্তু

পোহনীয়া মেকুৰী (ইংৰাজী: domestic cat)[2] (Felis catus বা Felis silvestris catus)[2] হৈছে তুলানামূলকভাৱে সৰু আকাৰৰ কিছুমান মাংসভোজী পোহনীয়া স্তন্যপায়ী জন্তু। সাধাৰণতে ঘৰুৱাভাৱে পলা অৱস্থাত ইহঁতক মেকুৰী বুলিয়েই কোৱা হয় আৰু আন মেকুৰীজাতীয় প্ৰাণীৰ পৰা বেলেগকৈ চিনাক্তকৰণৰ কোনো প্ৰয়োজন নাথাকে।[3] ইহঁতৰ চিকাৰ ধৰাৰ ক্ষমতা আৰু সংগলাভৰ সুবিধাৰ বাবে ইহঁতক মানুহে বৰ গুৰুত্ব দিয়ে।

পোহনীয়া মেকুৰী
ছয় ধৰণৰ মেকুৰী
সংৰক্ষণ স্থিতি
পোহনীয়া
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
উপবৰ্গ: Feliformia
পৰিয়াল: Felidae
উপপৰিয়াল: Felinae
গণ: Felis
প্ৰজাতি: F. catus
বৈজ্ঞানিক নাম
Felis catus[1]
Linnaeus, 1758
সমাৰ্থক

Felis silvestris catus (subjective synonym)
Felis catus domestica (invalid junior synonym)[1]

অসমত পোৱা মেকুৰী। তিনিটা পোৱালিৰে সৈতে মাক

মেকুৰীৰ শক্তিশালী গা, আৰু সৰু চিকাৰ মাৰিব পৰা চোকা দাঁত থাকে। ইহঁতে প্ৰতিক্ৰিয়া বৰ খৰ। ইহঁতে নিগনি বা আন সৰু প্ৰাণীৰ উচ্চ কম্পনাংকৰ শব্দ শুনা পায়, যিবোৰ মানুহে নুশুনে। ইহঁতে প্ৰায় আন্ধাৰতো দেখা পায়। বেছিভাগ আন স্তন্যপায়ীৰ দৰেই ইহঁতে ৰঙৰ পাৰ্থক্য ধৰিব নোৱাৰে আৰু মানুহতকৈ শুঙা শক্তি বেছি কাঢ়া।

২০০৭ চনৰ জিনীয় অধ্যয়ন এটাৰ মতে পোহনীয়া মেকুৰীবোৰ খ্ৰীষ্টপূৰ্ৱ প্ৰায় ৮,০০০ চনতে পশ্চিম এছিয়াআফ্ৰিকীয় বনমেকুৰীৰ (Felis silvestris lybica) পৰা ৰূপান্তৰিত হৈছিল।[4] মেকুৰী পৃথিৱীৰ বৰ জনপ্ৰিয় পোহনীয়া জন্তু, আৰু বৰ্তমান মানুহ থকা প্ৰায় সকলো ঠাইতে ইহঁতক পোৱা যায়।[5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 "ITIS Standard Report Page: Felis catus domestica". op. cit.. http://www.itis.gov/servlet/SingleRpt/SingleRpt?search_topic=TSN&search_value=727487। আহৰণ কৰা হৈছে: 14 December 2011. 
  2. 2.0 2.1 "ITIS Standard Report Page: Felis catus". ITIS Online Database. প্ৰকাশক Reston, Virginia: Integrated Taxonomic Information System. 2011. http://www.itis.gov/servlet/SingleRpt/SingleRpt?search_topic=TSN&search_value=183798। আহৰণ কৰা হৈছে: 14 December 2011. 
  3. Housecat (Education.Yahoo.com online সম্পাদনা). প্ৰকাশক Boston: Houghton Mifflin. 2010. http://education.yahoo.com/reference/dictionary/entry/housecat। আহৰণ কৰা হৈছে: 6 October 2010. 
  4. "Oldest Known Pet Cat? 9,500-year-old Burial Found on Cyprus". National Geographic News. National Geographic Society. 8 April 2004. http://news.nationalgeographic.com/news/2004/04/0408_040408_oldestpetcat.html। আহৰণ কৰা হৈছে: 6 March 2007. 
  5. Driscoll, Carlos A.; Clutton-Brock, Juliet (10 June 2009). "The Evolution of House Cats". Scientific American. প্ৰকাশক New York: Nature Pubg. Group. http://www.scientificamerican.com/article.cfm?id=the-taming-of-the-cat। আহৰণ কৰা হৈছে: 26 August 2009.