যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় (ইংৰাজী: Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত ব্ৰিটিছ চৰকাৰে স্থাপনা কৰিছিল।[1] ই যোৰহাটৰ সোণাৰু পথত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছে অসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।[1] আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।[1]

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়
সৰগ জেউতি হওক সাৰথি আমাৰ
Let the divine light lead us
অৱস্থান
যোৰহাট, অসম  ভাৰত, ৭৮৫০০১,
প্ৰাথমিক তথ্যসমূহ
স্কু্লৰ প্ৰকাৰ ৰাজহুৱা
প্ৰতিষ্ঠাকাল ১৮৮৩ চন
বিদ্যালয়ৰ বিভাগ যোৰহাট জিলা
মাধ্যম অসমীয়া
ভাষা অসমীয়া
কেম্পাছ চহৰাঞ্চল
অন্তৰ্ভূক্তিসমূহ SEBA আৰু AHSEC

প্ৰতিষ্ঠা সম্পাদনা কৰক

১৮৬৭ চনত জৰ্জ ৱিলিয়ামছন, নামৰ এজন উচ্চ ব্ৰিটিছ প্ৰশাসনিক বিষয়াই যোৰহাট আৰু গোলাঘাট জিলাত শিক্ষা প্ৰসাৰৰ বাবে এক লাখ টকা সাহায্য আগবঢ়ায়। এই পুঁজিৰ সহায়তেই ১৮৭৬ চনত আঠজন ছাত্ৰৰ সৈতে ৱিলিয়মছন আৰ্টিজান স্কুল (Williamson Artizan School) প্ৰতিষ্ঠা কৰা হয়। চৰকাৰী নিৰ্দেশমতে ক’হিমাত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছাত্ৰৰ অভাৱত বিদ্যালয়খন বন্ধ ৰখা হয়। পাছত যোৰহাটত এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। ১৮৮৩ চনত ক’হিমাৰ বিদ্যালয়খন যোৰহাটলৈ স্থানান্তৰ কৰা হয় আৰু ইয়াক ৱিলিয়ামছন স্কুলৰ লগত একেলগ কৰা হ’ল। বৰ্তমান এই বিদ্যালয়খন যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় নামেৰে জনাজাত।

কৃতিত্ব সম্পাদনা কৰক

  • ১৯২৫ চনৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ মেট্ৰিকুলেশ্যন পৰীক্ষাৰ ফলাফলত নিখিল বন্ধু মিত্ৰই প্ৰথম স্থান দখল কৰিছিল।[2]

বিদ্যালয়ৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তি সম্পাদনা কৰক

অসম সাহিত্য সভাৰ সভাপতি সম্পাদনা কৰক

অসম সাহিত্য সভাৰ পদ অলংকৃত কৰা বাৰজন ব্যক্তি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰে। ইয়াৰে তিনিজন এই বিদ্যালয়ৰ শিক্ষক আছিল আৰু আন নজন এই বিদ্যালয়ৰ ছাত্ৰ আছিল।[2]

ৰাজনৈতিক নেতা সম্পাদনা কৰক

  • বিপিন পাল দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী
  • ৰাজেন বৰুৱা, প্ৰাক্তন সাংসদ
  • নবীন চন্দ্ৰ বুঢ়াগোঁহাই, প্ৰাক্তন সাংসদ
  • অজিত কুমাৰ শৰ্মা, সাংসদ
  • বিজয় কৃষ্ণ সন্দিকৈ, প্ৰাক্তন মন্ত্ৰী
  • হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰাক্তন মন্ত্ৰী তথা বিধানসভাৰ অধ্যক্ষ
  • তৰুণ গগৈ, অসমৰ মুখ্যমন্ত্ৰী[2]

শিল্পী সম্পাদনা কৰক

খেলুৱৈ সম্পাদনা কৰক

ফণী দত্ত, খাকান আহমেদ, মৃগেন ভৰালী, মাচুদ ৰচিদ, নন্দন বেজবৰুৱা, দিলোৱাৰ জামান, মহিবুৰ ৰহমান, দিলীপ শৰ্মা, অমল বৰপূজাৰী, হেৰল্ড চাঙমা, বিচিত্ৰ গগৈ, গণেশ বৰা, পৰাগ ভট্টাচাৰ্য আদি কৰি বহুতো ক্ৰিকেট, ফুটবল, ভলীবল, এথেলেটিকছ খেলুৱৈ এই বিদ্যালয়ৰ ছাত্ৰ আছিল।[2]

অন্যান্য প্ৰসিদ্ধ ব্যক্তিসকল সম্পাদনা কৰক

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Jorhat Govt. Boys H.S and M.P. School". http://www.educationinfoline.com/School/Details/484/jorhat-govt-boys-h-s-and-m-p-school। আহৰণ কৰা হৈছে: December 24, 2012. [সংযোগবিহীন উৎস]
  2. 2.0 2.1 2.2 2.3 2.4 2.5 হেমন্ত কলিতা (২৩ ডিচেম্বৰ). "সোঁৱৰণত যোৰহাট গভট". দৈনিক জনমভূমি. পৃষ্ঠা ৬ পৃষ্ঠা.