লংলেং জিলা নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম জিলা৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক সকল হৈছে ফ’ম জনজাতিৰ (Phom tribe)৷ পূৰ্বতে লংলেং জিলা নাগালেণ্ডৰ টুৱেনছাং জিলা প্ৰশাসনৰ অধীনত আছিল যদিও ২০০৪ জনৰ জানুৱাৰী মাহত এই জিলাক পৃথক জিলাৰ মৰ্যদা প্ৰদান কৰা হয়৷[1]

লংলেং জিলা
—  জিলা  —
নাগালেণ্ডত লংলেং জিলাৰ অৱস্থান
নাগালেণ্ডত লংলেং জিলাৰ অৱস্থান
ৰাজ্য নাগালেণ্ড
দেশ  ভাৰত
বিধানসভা সমষ্টি লংলেং
উচ্চতা ১,০৬৬ মিটাৰ (৩,৪৯৭.৩৮ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ৫০,৫৯৩ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-NL
ৱেবছাইট longleng.gov.in

ভৌগোলিক অৱস্থান সম্পাদনা কৰক

লংলেং নাগালেণ্ডৰ দশম জিলা৷ এই জিলাৰ উত্তৰে মন জিলা, দক্ষিণে টুৱেনছাং জিলা আৰু পশ্চিমে মককচুং জিলা অৱস্থিত৷ এই জিলাৰ সদৰঠাই লংলেং যি সাগৰ পৃষ্ঠৰ পৰা ১০৬৬ মিটাৰ উচ্চতাত অৱস্থিত৷ এই জিলাৰ প্ৰধান টাউনসমূহ হৈছে তামলু (Tamlu) আৰু লংলেং আৰু মূল নদী দিখো (Dikhu)।

জনসংখ্যা সম্পাদনা কৰক

২০১১ জনৰ জনসংখ্যা অনুসৰি লংলেং জিলাৰ মুঠ জনসংখ্যা ৫০,৫৯৩ জন৷[1] গতিকে ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৬৩২৷ [1] লংলেঙৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯০৩ গৰাকী৷[1] এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৩.১%।[1]

লংলেং জিলাৰ সংখ্যাগৰিষ্ঠ লোকে ব্যৱহাৰ কৰা ভাষাটো হ’ল ফ’ম (Phom)৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.