লালা লাজপত ৰায়

ভাৰতীয় স্বাধীনতা সংগ্ৰামী


লালা লাজপত ৰায় (ইংৰাজী: Lala Lajpat Rai)(২৮ জানুৱাৰী ১৮৬৫-১৭ নৱেম্বৰ ১৯২৮) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী৷ তেখেত আছিল আগৰৱাল জৈন আৰু তেখেতৰ গোত্ৰ আছিল ৰায়ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে সক্ৰিয়ভাৱে বৰঙণি আগবঢ়াইছিল৷ তেখেত পঞ্জাৱ কেশৰী নামেৰেও পৰিচিত৷ লাল বাল পাল শীৰ্ষক ত্ৰিমূৰ্তিৰ তেখেতো এজন আছিল৷ [1] পঞ্জাৱ নেশ্যনেল বেংক আৰু লক্ষ্মী বীমা কোম্পানীৰ প্ৰাৰম্ভিক সময়ছোৱাৰ কৰ্মপন্থাত লালা লাজপত ৰায়ে সহযোগিতা আগবঢ়াইছিল৷ ভাৰতৰ সংবিধান সংশোধনৰ বাবে সৰ্ব-ব্ৰিটিছ সদস্যৰে সংগঠিত ছাইমন কমিছন ভাৰতলৈ আহোঁতে তেখেতে এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল উলিয়াইছিল, যাৰ বাবে তেখেত আৰক্ষীৰ লাঠী-চালনাৰ সমুখীন হৈছিল৷ তেখেত একাধিক স্থানত আঘাতপ্ৰাপ্ত হয়৷ এই শোকাৱহ ঘটনাৰ কিছুসপ্তাহ পাছতেই লালা লাজপত ৰায়ে মৃত্যুক সাবটি লয়৷

লালা লাজপত ৰায়
Lala Lajpat Rai
জন্ম ২৮ জানুৱাৰী, ১৮৬৫
ধুড়িকে, লুধিয়ানা জিলা, পঞ্জাব (ব্ৰিটিছশাসিত ভাৰত), বৰ্তমানৰ পঞ্জাব, ভাৰত
মৃত্যু ১৭ নৱেম্বৰ, ১৯২৮ (৬৩ বছৰ)
লাহোৰ, পঞ্জাব (ব্ৰিটিছ শাসিত), বৰ্তমানৰ পঞ্জাব (পাকিস্তান)
মৃত্যুৰ কাৰণ আৰক্ষীৰ লাঠি চালনা
পেচা লেখক, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
হিন্দু মহাসভা
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৮৬৫ চনৰ ২৮ জানুৱাৰী তাৰিখে এটা জৈন পৰিয়ালত লালা লাজপত ৰায়ৰ জন্ম হৈছিল৷ [2][3] পিতৃ আছিল উৰ্দু আৰু পাৰ্চী চৰকাৰী বিদ্যালয়ৰ শিক্ষক মুঞ্চী ৰাধা কৃষণ আজাদ আৰু মাতৃ আছিল গোলাব দেৱী৷ [4] জন্মস্থান আছিল ধুড়িকে৷[5][6][7] পঞ্জাবৰ লুধিয়ানা জিলাৰ জাগৰাওতেই তেখেতে কৈশোৰ আৰু যৌৱনৰ অধিকাংশ সময় অতিবাহিত কৰিছিল৷ জাগৰাওত তেখেতৰ ঘৰটো এতিয়াও দৃশ্যমান হয়৷ ঘৰটোত এটা পুথিভঁৰাল আৰু এটি সংগ্ৰাহালয় আছে৷[8]

শিক্ষা সম্পাদনা কৰক

১৮৭০ৰ দশকত লাল লাজপত ৰায়ৰ পিতৃ ৰেৱাৰীলৈ বদলি হয়৷ ৰেৱাৰীত থকা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তেই লালা লাজপত ৰায়ে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে৷ এইখন বিদ্যালয়তে তেখেতৰ পিতৃয়ে উৰ্দু শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল৷ জীৱনৰ আদিছোৱা সময়ত, ৰায়ৰ উদাৰনৈতিক দৃষ্টিভংগী আৰু হিন্দুধৰ্মীয় বিশ্বাস গঢ় দিয়াত পিতৃ আৰু ধৰ্মপ্ৰাণা মাতৃ উভয়েই সহায় কৰিছিল৷ এই শিক্ষাকে সাৰোগত কৰি পাছলৈ ৰায়ে ৰাজনীতি আৰু সংবাদমূলক লেখাৰ জৰিয়তে ধৰ্ম আৰু ভাৰতীয় ৰাজনৈতিক বাতাৱৰণ সলনি কৰিবলৈ প্ৰয়াস কৰিছিল৷ [9] ১৮৮০ চনত লালা লাজপত ৰায়ে লাহোৰত থকা চৰকাৰী কলেজলৈ আইনৰ শিক্ষা ল'বলৈ ৰাওনা হয়৷ এইখন শিক্ষানুষ্ঠানতেই তেখেত ভৱিষ্যতৰ স্বাধীনতা সংগ্ৰামী মহাত্মা হংসৰাজ আৰু পণ্ডিত গুৰু দত্তৰ সান্নিধ্যলৈ আহে৷ অধ্যয়নৰ কালছোৱাতেই তেখেত দয়ানন্দ সৰস্বতীৰ নেতৃত্বত চলি থকা হিন্দু সংস্কাৰকামী আন্দোলনৰ দ্বাৰা প্ৰভাৱান্বিত হয়৷ ১৮৭৭ চনত স্থাপিত হোৱা আৰ্য সমাজ, লাহোৰৰ তেখেত সদস্য হয় আৰু লাহোৰত থকা আৰ্য-গেজেটৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব চম্ভালে৷ [10] আইন পঢ়ি থাকোঁতেই তেখেতৰ মনত হিন্দুত্ববাদ সম্পৰ্কে এটা স্থায়ী ধাৰণাই গঢ় দিয়ে যে, ৰাষ্ট্ৰীয়তাবাদৰো ঊৰ্দ্ধত গৈ দৰাচলতে হিন্দুত্ববাদৰ ভেটিতেই ভাৰতীয় জীৱনশৈলী আধাৰিত হোৱা উচিত৷ তেখেতে বিশ্বাস কৰিছিল যে, হিন্দুত্ববাদে শান্তি আৰু মানৱতাবাদৰ অনুশীলন পৰিচালিত কৰে৷ যেতিয়া ৰাষ্ট্ৰীয়তাবাদী ধাৰণাক এইধৰণৰ শান্তিপূৰ্ণ বিশ্বাস-প্ৰণালীৰ লগত একত্ৰিত কৰা হয়, তেতিয়া ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গঠন কৰিব পাৰি৷ উপ-মহাদেশখনত এনেধৰণৰ হিন্দুত্ববাদৰ অভ্যাসৰ বলতেই তেখেত পাছলৈ শান্তিপূৰ্ণ আন্দোলনত বিশ্বাসী হৈ উঠিছিল আৰু স্বাধীনতা আন্দোলনতো তাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছিল৷ [10][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] হিন্দু মহাসভাৰ দৰে সংগঠনৰ লগত গঢ়ি উঠা ঘনিষ্ঠতাৰ বাবে তেখেতে নৱজৱান ভাৰত সভাৰ পৰা সমালোচনা লাভ কৰিছিল যদিও,[11] অন্যান্য মুহূৰ্তত তেখেত দলটোৰ সদস্যবৃন্দৰ শ্ৰদ্ধাৰ পাত্ৰ হৈছিল৷[12]

আইন সম্পাদনা কৰক

 
লাল বাল পাল ত্ৰিমূৰ্তি হিচাপে খ্যাত লালা লাজপত ৰায় (বাঁওফালে), বাল গঙ্গাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল

১৮৮৪ চনত লালা লাজপত ৰায়ৰ পিতৃ ৰোতটকলৈ বদলি হয় আৰু ৰায়েও লাহোৰত শিক্ষা সমাপ্ত কৰি পিতৃৰ সৈতে ৰোহটকলৈ আহে৷ ১৮৮৬ চনত তেখেত পিতৃৰ নতুন বদলিৰ ঠাই হিছাৰলৈ যায় আৰু তাতেই আইনৰ অনুশীলন আৰম্ভ কৰে৷ ইয়াতেই বাবু চুড়ামণিৰ সৈতে তেখেতে হিছাৰ অধিবক্তা পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে বিবেচিত হয়৷ একেটা বৰ্ষতে তেখেতে হিছাৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জিলা শাখা এটাও প্ৰতিষ্ঠা কৰে৷ পুনৰ বাবু চূড়ামণিৰ দৰে একাংশ ব্যক্তিৰ লগলাগি তেখেতে আৰ্য সমাজ প্ৰতিষ্ঠা কৰে৷[13] ১৮৮৮ আৰু ১৮৮৯ চনত তেখেতে বাবু চুড়ামণিৰ সৈতে এলাহাবাদত অনুষ্ঠিত কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে৷ তেওঁলোকৰ লগত থকা আন দুজন ব্যক্তি আছিল লাল ছাবিল দাস আৰু শেঠ গৌৰী শংকৰ৷ ১৮৯২ চনত লালা লাজপত ৰায় আইনীসেৱাৰ বাবে লাহোৰ উচ্চ ন্যায়ালয়লৈ যায়৷ স্বাধীনতা-প্ৰাপ্তিৰ বাবে ভাৰতৰ ৰাজনৈতিক নীতি সলনি কৰিবলৈ তেখেতে সংবাদকৰ্মতো জড়িত হৈছিল আৰু দ্য ট্ৰিবিউনকে ধৰি একাধিক কাকতকৈ নিয়মীয়াকৈ লিখা-মেলা কৰিছিল৷ ১৮৮৬ চনত তেখেতে মহাত্মা হংশৰাজক লাহোৰত দয়ানন্দ এংলো-বৈদিক বিদ্যালয় প্ৰতিষ্ঠা কৰাত সহায় কৰে৷

১৯১৪ চনত লাল লাজপত ৰায়ে আইনসেৱা পৰিহাৰ কৰি ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে৷ তেখেতে ব্ৰিটেইনলৈ যাত্ৰা কৰে আৰু ইয়াৰ পিছত ১৯১৭ চনত যাত্ৰা কৰে আমেৰিকালৈ৷ ১৯১৭ চনৰ অক্টোবৰ মাহত তেখেতে আমেৰিকাৰ নিউ ইয়ৰ্কত আমেৰিকাৰ ভাৰতীয় হ'ম ৰুল লীগ প্ৰতিষ্ঠা কৰে৷ ১৯১৭ চনৰ পৰা ১৯২০ চনলৈকে তেখেত যুক্তৰাষ্ট্ৰতে থাকে৷ তেখেতৰ প্ৰথম পৰ্যায়ৰ স্বাধীনতা সংগ্ৰাম আৰ্য সমাজ আৰু সাম্প্ৰদায়িক প্ৰতিনিধিত্বৰ দ্বাৰা প্ৰভাৱিত হৈছিল৷ [14]

ৰাজনীতি সম্পাদনা কৰক

ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পাছত আৰু পঞ্জাবত ৰাজনৈতিক বিৰোধ প্ৰদৰ্শন কৰাৰ পাছত লালা লাজপত ৰায়ক মাণ্ডালয়লৈ প্ৰেৰণ কৰা হয়৷ কিন্তু তেওঁক পৰাভূত কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ মজুত নাছিল৷ ১৯০৭ চনৰ ডিচেম্বৰ মাহত তেখেতৰ সভাপতি পদটো সুৰক্ষিত কৰিবলৈ সমৰ্থকগণে প্ৰয়াস কৰিছিল যদিও বিফল হৈছিল৷

লাহোৰৰ ব্ৰেডলাগ কলেজৰ ভিতৰত প্ৰতিষ্ঠা কৰা নেশ্যনেল কলেজৰ এজন স্নাতক আছিল ভগৎ সিং[15] ১৯২০ চনত কলিকতাত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিশেষ অধিৱেশনত লালা লাজপত ৰায় সভাপতি হিচাপে নিৰ্বাচিত হৈছিল৷[16] ১৯২১ চনত তেখেতে Servants of the People Society নামৰ এটি অলাভজনক কল্যাণকামী সংগঠন লাহোৰত প্ৰতিষ্ঠা কৰে, যিটো ভাগ-বতৱাৰাৰ পিছত দিল্লীলৈ স্থানান্তৰিত হয়৷ ইয়াৰ শাখাও ভাৰতৰ বহু এলেকাত আছে৷[17]ৰায়ৰ মতে, হিন্দু সমাজখনে জাতিবাদ, নাৰীৰ স্থিতি আৰু অস্পৃশ্যতাৰ দৰে সমস্যাবোৰৰ বিৰুদ্ধে যুঁজিবলৈ নিজাববীয়াকৈ প্ৰয়াস কৰিব লাগিব৷[18] লাল লাজপত ৰায়ে কৈছিল যে নিম্ন জাতৰ লোকসকলেও বেদ আৰু তাৰ মন্ত্ৰসমূহ পঢ়া উচিত৷ [19]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Ashalatha, A.; Koropath, Pradeep; Nambarathil, Saritha (2009). "Chapter 6 – Indian National Movement". Social Science: Standard VIII Part 1. State Council of Educational Research and Training (SCERT). পৃষ্ঠা. 7. https://www.itschool.gov.in/pdf/Std_VIII/Social%20Science/SS_VIII_Engpart1.pdf। আহৰণ কৰা হৈছে: 13 October 2011. 
  2. "Lala Lajpat Rai Birth Anniversary: The legacy of the famed nationalist" (en ভাষাত). Hindustan Times. 2020-01-27. https://www.hindustantimes.com/more-lifestyle/lala-lajpat-rai-birth-anniversary-the-legacy-of-the-famed-nationalist/story-ituwNX2DVDKdWm4Qas2Z8J.html। আহৰণ কৰা হৈছে: 2021-01-16. 
  3. Agarwal, Dr Meena (2017-12-29) (hi ভাষাত). Lala lajpat rai: राष्ट्रीय जीवनी माला - लाला लाजपत राय. Diamond Pocket Books Pvt Ltd. ISBN 978-93-5278-756-2. https://books.google.com/books?id=V81EDwAAQBAJ&newbks=0&printsec=frontcover&pg=PT9&dq=lala+lajpat+rai++jain&hl=en. 
  4. "Lala Lajpat Rai Biography: Early Life, Family, Achievements, Slogan and death". Jagranjosh.com. 2020-01-28. https://www.jagranjosh.com/general-knowledge/lala-lajpat-rai-biography-1580207229-1। আহৰণ কৰা হৈছে: 2021-03-13. 
  5. "Lala Lajpat Rai Birth Anniversary: The legacy of the famed nationalist" (en ভাষাত). Hindustan Times. 2020-01-27. https://www.hindustantimes.com/more-lifestyle/lala-lajpat-rai-birth-anniversary-the-legacy-of-the-famed-nationalist/story-ituwNX2DVDKdWm4Qas2Z8J.html। আহৰণ কৰা হৈছে: 2021-01-16. 
  6. "Lala Lajpat Rai 155th Birth Anniversary: Know About Punjab Kesari And His Role in Indian Freedom Struggle | 🙏🏻 LatestLY" (en ভাষাত). LatestLY. 2020-01-28. https://www.latestly.com/lifestyle/festivals-events/lala-lajpat-rai-155th-birth-anniversary-know-about-indias-punjab-kesari-and-his-role-in-indian-freedom-struggle-1498161.html। আহৰণ কৰা হৈছে: 2021-01-16. 
  7. Agarwal, Dr Meena (2017-12-29) (hi ভাষাত). Lala lajpat rai: राष्ट्रीय जीवनी माला - लाला लाजपत राय. Diamond Pocket Books Pvt Ltd. ISBN 978-93-5278-756-2. https://books.google.com/books?id=V81EDwAAQBAJ&newbks=0&printsec=frontcover&pg=PT9&dq=lala+lajpat+rai++jain&hl=en. 
  8. "Sub Division, Jagraon, Punjab". www.jagraonadministration.in. http://www.jagraonadministration.in/LalaLajpatRai.php। আহৰণ কৰা হৈছে: 2021-06-05. 
  9. Lala Lajpat Rai. Encyclopædia Britannica.
  10. 10.0 10.1 Ahluwalia, Kewal (February 2010). "Lala Lajpat Rai". aryasamaj.com. http://www.aryasamaj.com/enews/2010/feb/5.htm. 
  11. Mittal, S. K.; Habib, Irfan (1979). "Towards Independence and Socialist Republic: Naujawan Bharat Sabha, Part Two". Social Scientist খণ্ড 8 (3): 31–40. doi:10.2307/3520389. 
  12. Habib, S. Irfan (2019-03-23). "Revolutionary ideas that live on" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/opinion/op-ed/revolutionary-ideas-that-live-on/article26613250.ece. 
  13. Jugal Kishore Gupta (1991). History of Sirsa Town. Atlantic Publishers & Distri. পৃষ্ঠা. 182–. GGKEY:63QY4LRCK9L. https://books.google.com/books?id=G0Z457ZOR44C&pg=PA182. 
  14. "(PDF) Religion and Nationalism: The Views of Lala Lajpat Rai" (en ভাষাত). ResearchGate. https://www.researchgate.net/publication/279205755_Religion_and_Nationalism_The_Views_of_Lala_Lajpat_Rai। আহৰণ কৰা হৈছে: 2021-03-21. 
  15. "Bradlaugh Hall's demise". Pakistan Today. 17 April 2011. http://www.pakistantoday.com.pk/2011/04/bradlaugh-halls-demise/. 
  16. Lala Lajpat Rai. congresssandesh.com
  17. "Head Office". Servants of the People Society. http://sops.in/index.php/2013-08-22-12-13-12/head-office। আহৰণ কৰা হৈছে: 27 May 2014. 
  18. https://www.researchgate.net/publication/279205755_Religion_and_Nationalism_The_Views_of_Lala_Lajpat_Rai
  19. Bhargav, Vanya (2018). "Lala Lajpat Rai's Ideas on Caste: Conservative or Radical?". Studies in Indian Politics খণ্ড 6: 15–26. doi:10.1177/2321023018762672. 

বাহ্যিক সংযোগ সম্পাদনা কৰক