লেজাৰ ইন্টাৰফেৰ'মিটাৰ গ্ৰেভিটেশ্ব'নেল-ৱেইভ্ অবজাৰভেট'ৰি বা লিগ' (ইংৰাজী: Laser Interferometer Gravitational-wave Observatory বা, চমুকৈ LIGO) হ'ল দুটা নিউট্ৰন তৰা বা কৃষ্ণগহ্বৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিৰ্গত হোৱা মহাকৰ্ষণিক তৰংগ চিনাক্ত কৰিবলৈ নিৰ্মাণ কৰা এটা মানমন্দিৰ। ই পদাৰ্থ বিজ্ঞানৰ এটা বৃহৎ পৰিসৰৰ পৰীক্ষা। লেজাৰ ইন্টাৰফেৰ'মেট্ৰীৰ সহায়ত মহাকৰ্ষণিক তৰংগ চিনাক্ত কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত দুটাকৈ বৃহৎ নিৰীক্ষণক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। তাৰে এটা লিভিংষ্টন আৰু আনটো হানফ'ৰ্ডত অৱস্থিত। উল্লেখযোগ্য যে মহাকৰ্ষণিক তৰংগৰ ধাৰণা ১৯১৬ চনতেই এলবাৰ্ট আইনষ্টানে ভৱিষ্যতবাণী কৰিছিল।

লিগ' পৰিচালনা কক্ষ