শনি (সংস্কৃত: शनि), বা শনিশ্বৰ হৈছে শনি গ্ৰহ,[5] আএউ হিন্দু জ্যোতিষশাস্ত্ৰ অনুসৰি নৱগ্ৰহৰ এক গ্ৰহ।[6] পুৰাণসমূহৰ মতে শনি হিন্দু ধৰ্মৰ এগৰাকী দেৱতা। তেওঁক ৰাজদণ্ড বা তৰোৱাল লৈ শগুনৰ ওপৰত উপৱিষ্ট অৱস্থাত চিত্ৰায়িত কৰা হয়।[6][7] শনি কৰ্মফল, ন্যায় আৰু দৈৱিক শাস্তিবিধানৰ দেৱতা আৰু তেওঁ চিন্তা, বচন আৰু কাৰ্য অনুসৰি সকলোকে কৰ্মফল প্ৰদান কৰে। [8][9] তেওঁ আধ্যাত্মিক আত্মসংযম, প্ৰায়শ্চিত্ত, নিয়মানুৱৰ্তিতা আৰু বিবেকবান কৰ্মক সূচায়। শনিৰ দুগৰাকী পত্নী। ইয়াৰে মন্দা হৈছে এক গন্ধৰ্ব কন্যা আৰু নীলা বা নীলিমা হৈছে নীলম ৰত্নৰ স্বৰূপ।[10][11][12]

শনি
কৰ্মফল, দৈৱিক শাস্তিবিধান আৰু ন্যায়ৰ দেৱতা[1]
নৱগ্ৰহ-ৰ সদস্য
অন্য নাম শনিশ্বৰ, ছায়াসূত, পিঙ্গল, কাকধ্বজ, কনাস্থ, বভ্ৰু, ৰৌদ্ৰান্তক, শনেশ্বৰম, সৌৰী মন্দ, পিপলাশ্ৰয়, ৰবিপুত্ৰম
দেৱনাগৰী शनि
সম্পৰ্ক দেৱতা, গ্ৰহ, কৰ্মপাল
নিবাস শনি পৰ্বত
গ্ৰহ শনি
মন্ত্ৰ ওঁ‌ম কাকধ্বজায়
বিদমহি
খড়্গ হস্তায়
ধীমহি
তনো মন্দা প্ৰচোদয়াৎ
[note 1][2]and
ওঁ‌ম শম শনিশ্বৰায়ে নমঃ[3]
অস্ত্ৰ ৰাজদণ্ড, ত্ৰিশূল, কুঠাৰ
বাৰ শনিবাৰ
বৰণ ক'লা[4]
সংখ্যা ৮, ১৭, ২৬
সঙ্গী মন্দা আৰু নীলিমা
সহোদৰ তপতী, সবৰ্ণী মনু, যম, যমি, অশ্বিন, শ্ৰদ্ধাদেৱ মনু আৰু ৰেৱন্ত
সন্তান মন্দী আৰু কুলিগ্ন
আসন/বাহন কাউৰী
হিন্দু পাঠ্য পুৰাণ, হৰিবংশ
শনি দেব, কলকাতা, পশ্চিমবঙ্গ

জ্যোতিৰ্বিদ্যা সম্পাদনা কৰক

এটা গ্ৰহ হিচাপে সংস্কৃত ভাষাত ৰচিত ভাৰতীয় জ্যোতিৰ্বিদ্যাৰ গ্ৰন্থসমূহত শনিৰ উল্লেখ পোৱা যায়। ইয়াৰ ভিতৰত পঞ্চম শতিকাত ৰচিত আৰ্যভট্টৰ গ্ৰন্থ আৰ্যভট্টীয়, ষষ্ঠ শতিকাত ৰচিত লতদেৱৰ ৰোমাকা আৰু বৰাহমিহিৰৰ পঞ্চ সিদ্ধান্ত আৰু সপ্তম শতিকাত ৰচিত ব্ৰহ্মগুপ্তৰ খণ্ডখাদ্যক আদি উল্লেখযোগ্য।[13][14][15] এই শাস্ত্ৰসমূহত শনিক এটা গ্ৰহ হিচাপে বৰ্ণনা কৰাৰ লগতে ইয়াৰ তূলনামূলক গ্ৰহীয় গতিৰ অনুমান কৰা হৈছে।[13] পঞ্চমৰ পৰা দশম শতিকাৰ ভিতৰত ৰচিত সূৰ্য সিদ্ধান্তত বিভিন্ন গ্ৰহ আৰু ইয়াৰ সৈতে জড়িত আখ্যানসমূহৰ কথা বৰ্ণনা কৰা হৈছে[13]

এই গ্ৰন্থসমূহ গ্ৰহভিত্তিক গণনা আৰু পৃথিৱীৰ তুলনাত শনিকে ধৰি অন্যান্য গ্ৰহৰ গতিৰ বিষয়ে সামান্য সালসলনি থকা সংস্কৰণত উপলব্ধ। ই এই কথাকে সূচায় যে সময়ৰ লগে লগে ইয়াৰ সংশোধন কৰা হৈছিল।[16] উদাহৰণস্বৰূপে খণ্ডখাদ্যক আৰু সূৰ্য সিদ্ধান্তৰ মতে শনিয়ে পৃথিৱীৰ হিচাপত ৪৩,২০,০০০ বছৰত নিজ অক্ষত ১,৪৬,৫৬৪ বাৰ আৱৰ্তন কৰে। কিন্তু সূৰ্য্য সিদ্ধান্তৰে পিছৰ এক সংস্কৰণৰ মতে এই আৱৰ্তনৰ সংখ্যা ১,৪৬,৫৬৮।[17][18]

টোকা সম্পাদনা কৰক

  1. অনুবাদ: ওঁ‌ম, মোক তেওঁৰ প্ৰতি ধ্যান কৰিবলৈ দিয়া, যাৰ ধ্বজত কাক বিদ্যমান, আৰ হাতত খড়্গ, সেই শনিশ্বৰে যেন মোক সুবুদ্ধি দান কৰে আৰু মোৰ মন আলোকিত কৰি তোলে

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. https://www.learnreligions.com/shani-dev-1770303
  2. http://www.hindupedia.com/en/G%C4%81yatri_Mantras_of_Several_Gods
  3. "Shani Mantra". https://allbhajanlyrics.com/shani-mantra-lyrics-video/. 
  4. "আৰ্কাইভ কপি". Archived from the original on 2019-10-21. https://web.archive.org/web/20191021002911/http://www.astrosagar.com/article.asp?id=71। আহৰণ কৰা হৈছে: 2021-05-31. 
  5. "Planet Saturn ( Shani ) in Astrology". www.rudraksha-center.com. https://www.rudraksha-center.com/pages/planet-saturn-shani। আহৰণ কৰা হৈছে: 2021-01-14. 
  6. 6.0 6.1 Dalal, Roshen (2010). Hinduism: An Alphabetical Guide. Penguin Books India. পৃষ্ঠা. 373. ISBN 978-0-14-341421-6. https://books.google.com/books?id=DH0vmD8ghdMC&pg=PA373. 
  7. Lochtefeld, James G. (2002). The Illustrated Encyclopedia of Hinduism: N-Z. The Rosen Publishing Group. পৃষ্ঠা. 608–609. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch. 
  8. হিন্দু ধৰ্মত কৰ্ম হৈছে এজন মানুহে ব্যক্ত কৰা চিন্তা, তেওঁৰ বচন আৰু কাৰ্যৰ সমূহীয়া ৰূপ। এই কৰ্মৰ ভাল আৰু বেয়া দুয়োবিধৰ ফলাফল শনিয়ে প্ৰদান কৰে।
  9. LastWeekTonight (2018-09-09), Felony Disenfranchisement: Last Week Tonight with John Oliver (HBO), https://www.youtube.com/watch?v=NpPyLcQ2vdI, আহৰণ কৰা হৈছে: 2018-10-27 
  10. Arya, Guru Gaurav (2018-09-10) (hi ভাষাত). Shree Shani Sanhita: Shani Poojan Vidhaan aur Shani Saadhana. Educreation Publishing. https://books.google.com/books?id=kPJsDwAAQBAJ&q=neelima+shani&pg=PA11. 
  11. Saxena, Archit (2020-04-13) (en ভাষাত). Durga : A Governing Mother: Mother-Son Duo logy Book - 2. Archit Saxena. https://books.google.com/books?id=duzcDwAAQBAJ&q=neelima+manda&pg=PR149. 
  12. "Why Was Shani Dev Cursed By His Wife?" (en-IN ভাষাত). in.style.yahoo.com. https://in.style.yahoo.com/why-shani-dev-cursed-wife-074832628.html। আহৰণ কৰা হৈছে: 2021-01-14. 
  13. 13.0 13.1 13.2 Burgess, Ebenezer (1989). P Ganguly, P Sengupta. ed. Sûrya-Siddhânta: A Text-book of Hindu Astronomy. Motilal Banarsidass (Reprint), Original: Yale University Press, American Oriental Society. পৃষ্ঠা. vii–xi. ISBN 978-81-208-0612-2. https://books.google.com/books?id=W0Uo_-_iizwC. 
  14. Aryabhatta; H. Kern (Editor, Commentary) (1973) (sa, en ভাষাত). The Aryabhatiya. Brill Archive. পৃষ্ঠা. 6, 21. https://books.google.com/books?id=z8EUAAAAIAAJ&pg=PT21. 
  15. Chatterjee, Bina (1970) (sa ভাষাত). The Khandakhadyaka (an astronomical treatise) of Brahmagupta: with the commentary of Bhattotpala. Motilal Banarsidass. পৃষ্ঠা. 75–77, 40, 69. OCLC 463213346. https://books.google.com/books?id=WKOtRmgr1nkC. 
  16. Burgess, Ebenezer (1989). P Ganguly, P Sengupta. ed. Sûrya-Siddhânta: A Text-book of Hindu Astronomy. Motilal Banarsidass (Reprint), Original: Yale University Press, American Oriental Society. পৃষ্ঠা. ix-xi. ISBN 978-81-208-0612-2. https://books.google.com/books?id=W0Uo_-_iizwC. 
  17. Burgess, Ebenezer (1989). P Ganguly, P Sengupta. ed. Soorya-Siddhânta: A Text-book of Hindu Astronomy. Motilal Banarsidass (Edited and Reprinted), Original: Yale University Press, American Oriental Society. পৃষ্ঠা. ix-x. ISBN 978-81-208-0612-2. https://books.google.com/books?id=W0Uo_-_iizwC. 
  18. Burgess, Ebenezer (1989). P Ganguly, P Sengupta. ed. Soorya-Siddhânta: A Text-book of Hindu Astronomy. Motilal Banarsidass (Reprint), Original: Yale University Press, American Oriental Society. পৃষ্ঠা. 26–27. ISBN 978-81-208-0612-2. https://books.google.com/books?id=W0Uo_-_iizwC.