শিলামবৰ্ষণ ৰাজেন্দৰ

ভাৰতীয় অভিনেতা

শিলামবৰ্ষণ ঠেছিংগু ৰাজেন্দৰ (তামিল: சிலம்பரசன் ராஜேந்தர; ইংৰাজী: Silambarasan Thesingu Rajendar) হৈছে এজন তামিল চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, নেপথ্য গায়ক, গীতিকাৰ আৰু চিত্ৰনাট্যকাৰ। শিলামবৰ্ষণ, শিম্ভু, এছ টি আৰ, লিটিল ছুপাৰষ্টাৰ আদি নামেৰেও প্ৰখ্যাত এখেতৰ জন্ম হয় ১৯৮৩ চনৰ ৩ ফেব্ৰুৱাৰীত তামিল নাডুৰ চেন্নাইত। পিতৃ বিজয় টি ৰাজেন্দৰ পৰিচালিত ছবিত তেওঁ সৰু কালৰে পৰাই শিশু শিল্পী ৰূপে ভূমুকি মাৰি আহিছিল। মুখ্য অভিনেতা ৰূপে তেওঁৰ প্ৰথম ছবি হৈছে পিতৃ পৰিচালিত ২০০২ বৰ্ষৰ “কাধল অঝিভঠিলই”।

শিলামবৰ্ষণ ৰাজেন্দৰ

শিলামবৰ্ষণ ৰাজেন্দৰ
জন্ম ৩ ফেব্ৰুৱাৰী, ১৯৮৩
চেন্নাই, তামিল নাডু, ভাৰত
পেচা চলচ্চিত্ৰ অভিনেতা, পৰিচালক, নেপথ্য গায়ক, গীতিকাৰ, চিত্ৰনাট্যকাৰ
সক্ৰিয় হৈ থকা সময় ২০০২–বৰ্তমানলৈ

কৰ্মজীৱন সম্পাদনা কৰক

বোলছবি সম্পাদনা কৰক

সিলামবৰসন ৫ বছৰ বয়সৰে পৰা পিতৃ পৰিচালিত বহু তামিল ছবিত শিশু শিল্পীৰূপে অভিনয় কৰি আহে। তাৰ মাজত উল্লেখযোগ্য কেইখনমান হৈছে “থাই থংগই পাসম”, “ওৰো ভসণ্ঠ গীথম”, “এন ঠঙগই কল্যাণী”, “এংগা ভীটু ভেলান”, “সাব্বাস বাবু” ইত্যাদি। নায়ক ৰূপে তেওঁৰ প্ৰথম ছবি হৈছে পিতৃ পৰিচালিত ২০০২ বৰ্ষৰ তামিল ভাষাৰ “কাধল অঝিভঠিলই”। তেওঁৰ প্ৰথম হিট ছবি হৈছে ২০০৪ চনত মুক্তি প্ৰাপ্ত “কোঠো”, যাৰ জৰিয়তে তেওঁ কলিউডত অভিনেতা ৰূপে প্ৰতিষ্ঠা লাভ কৰে। কোঠো চিত্ৰগৃহত একেৰাহে ১০০ দিন পৰ্য্যন্ত চলে।

“মনমধন” ছবিখনত তেওঁ এবছৰৰ ধৰি মনোনিবেশ কৰে। প্ৰথম বাৰৰ বাবে দ্বৈত চৰিত্ৰত অভিনয় কৰাৰ লগতে তেওঁ ইয়াৰ চিত্ৰনাট্যও লিখে। এজন ধাৰাবাহীক হত্যাকাৰীক কেন্দ্ৰ কৰি গঢ় লোৱা ছবিখনৰ কাহিনীৰ মূল নাৰী চৰিত্ৰত অভিনয় কৰে জ্যোতিকা সাৰাভননে। সংগীত দিয়ে য়ুৱান শংকৰ ৰাজাই। ফলস্বৰূপে এইখন হৈ পৰে সিলামবৰসনৰ কেৰিয়াৰৰ প্ৰথম ব্লকবাষ্টাৰ। একেৰাহে ২৭৫ দিন পৰ্য্যন্ত চিত্ৰগৃহত চলে মনমধন।

“ঠোট্টি জায়া” (হিট) আৰু “সৰভনা” (এভাৰেজ হিট)-ত অভিনয়ৰ পাচত তেওঁ পৰিচালনা, অভিনয় তথা চিত্ৰনাট্য লিখে “ভল্লভন”-ৰ বাবে। সিলামবৰসনৰ বিপৰিতে নয়নতৰা, ৰীমা সেন আৰু সন্ধ্যাই অভিনয় কৰা এইখন ছবি মুক্তি পাই ২০০৬ বৰ্ষৰ দিপাৱলীৰ সময়ত আৰু হৈ পৰে সেই বছৰৰ এখন অন্যতম হিট। তেওঁৰ পিছৰখন ছবি “কালই” (জানুৱাৰী ২০০৮) বক্স অফিছত মুখ ঠেঁকেঁচা খায়। অভিনেত্ৰী স্নেহাৰ সৈতে অভিনিত তেওঁৰ ডিচেম্বৰ ২০০৮-ত মুক্তি লভা ছবি “শিলামবট্টমে” ভাল ব্যবসায় কৰি ব্লকবাষ্টাৰ হয়। ২০০৯ বৰ্ষৰ শ্ৰেষ্ঠ ছবিৰ একাডেমি বঁটা বিজয়ী “শ্লামডগ মিলেনিয়াৰ”-ৰ তামিল সংস্কৰণত তেওঁ মুখ্য পুৰুষ চৰিত্ৰতোৰ বাবে কণ্ঠ ডাবিং কৰে। ভেংকট প্ৰভুৰ ছবি “গোৱা”-ত তেওঁক “মনমধন”-ৰ চৰিত্ৰত অতিথি শিল্পি ৰূপে ৪৩ ছেকেণ্ডৰ বাবে দেখা যায়।

সিলামবৰসনৰ কেৰিয়াৰৰ পঞ্চবিংশতম ছবি হৈছে গৌতম মেনন পৰিচালিত “ভিন্নইথাণ্ডি ভৰুভায়া”। এ. আৰ. ৰহমানএ সংগীত দিয়া ছবিখন মুক্তি পায় ২০১০-ৰ ২৬ ফেব্ৰুৱাৰীত। তৃষা কৃষ্ণনক নায়িকা ৰূপে লৈ নিৰ্মাণ কৰা ছবিখনে বক্স অফিছত লাভ কৰে অপাৰ সফলতা। বহু সমালোচকে সিলামবৰসনৰ এয়া শ্ৰেষ্ঠ প্ৰদৰ্শনৰ আৰু ছবিখনক সমসাময়িক যুগৰ এখন ক্লাচিক ছবি ৰূপে আখ্যা দিয়ে। ই হৈ পৰে তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ। এই ছবিখনেই ব্যবসায়ীক ধৰ্মী নায়কৰ ৰূপে থকা তেওঁৰ মেডিয়া ইমেজ সলনি কৰি ভাৰছেটাইল অভিনেতা ৰূপে তেওঁক প্ৰতিষ্ঠা কৰে। এই ছবিখনৰ তেলুগু সংস্কৰণ “য়ে মায়া ছেসাবে”-ত তেওঁ অতিথি শিল্পি ৰূপে দেখা যায়।

২০১১ চনত মুক্তি পায় “ভানম” (তামিল), যি আছিল চিত্ৰসমালোচকৰ দ্বাৰা প্ৰসংশিত তেলুগু ছবি “ভেডম”ৰ পুনৰনিৰ্মাণ। এই ছবিখনো সমালোচকৰ দ্বাৰা প্ৰসংশিত হোৱাৰ লগতে বাণিজ্যিক সাফল্যও লাভ কৰে।

তেওঁৰ নিৰ্মাণ প্ৰয্যায়ত থকা উল্লেখযোগ্য ছবিসমূহ হৈছে “পোডা পোডি”, “ভেট্টাই মন্নণ” আৰু জনপ্ৰিয় হিন্দী ছবি “দবংগ”ৰ তামিল পুনৰনিৰ্মাণ “অষ্ঠী”। “ভেট্টাই মন্নণ” ছবিখন একেলগে তিনিটা ভাষা (তামিল, তেলুগু আৰু হিন্দী) নিৰ্মাণ কৰা হৈছে।

শেষতীয়াকৈ পৰিচাক গৌতম মেনন সংবাদ মাধ্যমযোগে এয়া জনায় যে “ভিন্নইথাণ্ডি ভৰুভায়া”ৰ দ্বিতীয় খণ্ড “ভিন্নইথাণ্ডি ভাৰুভায়েন”ত সিলামবৰসন পুনৰ আগৰ চৰিত্ৰতোকে ৰূপায়ণ কৰিবলে চুক্তিবদ্ধ হৈছে।

অন্যান্য সম্পাদনা কৰক

সিলামবৰসনে মণি ৰত্নমৰ দ্বাৰা আয়োজিত মঞ্চানুষ্ঠানসমূহত নেত্ৰো, ইন্দ্ৰো, নালই আদি প্ৰদৰ্শনকাৰী সকলৰ লগত প্ৰদৰ্শনো কৰে। তেওঁ ষ্টাৰ বিজয় ছেনেলৰ নৃত্য ভিত্তিক ৰিয়েলিটি শ্বো “যোৰি নম্বৰ ৱান”-ৰ কেইবাটাও ছিজনত বিচাৰক ৰূপেও অংশগ্ৰহণ কৰে।

পুৰস্কাৰ তথা সন্মান সম্পাদনা কৰক

সন্মান সম্পাদনা কৰক

  • “তামিল নাডু ইয়ল ইসই নাটক (সাহিত্য, সংগীত আৰু নাটক) মনৰম”-ৰ দ্বাৰা আগবঢ়োৱা ২০০৬ বৰ্ষৰ “কলইমমনি বঁটা”

পুৰস্কাৰ সম্পাদনা কৰক

  • ইসইয়ৰুভি তামিল সংগীত বঁটা ২০০৯
    • “সিলামবট্টম”ৰ বাবে শ্ৰেষ্ঠ নৃত্য শিল্পি বঁটা
    • “সিলামবট্টম”ৰ গীত “হুৱেৰ ইজ পাৰ্টি”ৰ বাবে উদীয়মান গীতিকাৰ বঁটা
  • এডিচন বঁটা ২০১০ - “ভিন্নইথাণ্ডি ভৰুভায়া”ৰ বাবে শ্ৰেষ্ঠ অভিনেতা
  • বিগ তামিল ম'ষ্ট এণ্টাৰটেইনিং এৱাৰ্ড ২০১১ “ভিন্নইথাণ্ডি ভৰুভায়া”ৰ বাবে

মনোনয়ন সম্পাদনা কৰক

ব্যক্তিগত জীৱন সম্পাদনা কৰক

সিলামবৰসনৰ জন্ম হয় তামিল নাডুৰ চেন্নাইত ১৯৮৩ চনৰ ৩ ফেব্ৰুৱাৰীত বিজয় টি ৰাজেনডৰ উদৰত, যি হৈছে এজন তামিল চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সংগীত পৰিচালক, চিত্ৰনাট্যকাৰ আৰু ৰাজনৈতিক নেতা আৰু ঊষা ৰাজেনডৰ গৰ্ভত, যি এগৰাকী অভিনেত্ৰী। তিনিজন সন্তানৰ মাজত তেওঁ জ্যেষ্ঠ। তেওঁৰ কনিষ্ঠ ভাতৃ আৰু ভগ্নী হৈছে যথা ক্ৰমে কুৰলাসন ৰাজেন্দৰ আৰু ইলাকিয়া ৰাজেন্দৰ। জন্মস্থানৰেই “দ্যা আশ্ৰম স্কুল”-ত অধ্যয়ন কৰাৰ পাছত তেওঁ অ’ডিঅ’ ইঞ্জিনিয়াৰিং বিষয়ত শিক্ষা গ্ৰহণ কৰে।

তথ্য  সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক  সংযোগ সম্পাদনা কৰক