শিৰডী

ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ

শিৰডী (এই শব্দটোৰ বিষয়ে pronunciation , মাৰাঠী ভাষাত: शिर्डी) ভাৰতমহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ এখন চহৰ আৰু শিৰডী নগৰ পঞ্চায়ত নামেৰে জনাজাত নগৰ পৰিষদাধীন। আহমেদনগৰ-মন্মদ ৰাজ্যিক ঘাইপথ ১০এৰে শিৰডীলৈ যাব পৰা যায়, আহমেদনগৰৰপৰা ৮৩ কিলোমিটাৰ আৰু ক'পাৰগাওঁৰপৰা ১৫ কিলোমিটাৰ। শিৰডী গুৰু শিৰডীৰ সাই বাবাৰ ১৯ শতিকাৰ বাসস্থল হিচাপে বিখ্যাত।[1]

শিৰডী
शिर्डी
साईनगर
—  নগৰ  —
Shirdi Sai Baba.jpgশিৰডীৰ সাই বাবা
শিৰডী is located in Maharashtra
শিৰডী
ভৌগোলিক স্থানাংক: 19°46′N 74°29′E / 19.77°N 74.48°E / 19.77; 74.48স্থানাংক: 19°46′N 74°29′E / 19.77°N 74.48°E / 19.77; 74.48
দেশ ভাৰত ভাৰত
ৰাজ্য মহাৰাষ্ট্ৰ
জিলা আহমেদনগৰ
উচ্চতা ৫০৪ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ৩৬,০০৪ জন
ভাষা
 - আনুষ্ঠানিক মাৰাঠী
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
পিন কোড ৪২৩১০৯
দূৰভাষ সংকেট ০২৪২৩
যানবাহনৰ নম্বৰ MH-17

সাধাৰণ তথ্য সম্পাদনা কৰক

২০১১ৰ লোকপিয়লানুসৰি শিৰডীৰ জনসংখ্যা ৩৬০০৪। ৫৩% পুৰুষ আৰু ৪৭% মহিলা। শিৰডীৰ সাক্ষৰতাৰ হাৰ ৭০য% যি ৰাষ্ট্ৰীয় ৫৯.৫ শতাংশৰ হাৰতকৈ অধিক। ৭৬% পুৰুষ সাক্ষৰ আৰু ৬২% মহিলা সাক্ষৰ। শিৰডীৰ ১৫% লোকৰ বয়স ৬ বছৰতকৈ কম।[2]

তীৰ্থস্থান হোৱাৰ বাবে শিৰডীৰ অস্থায়ী জনসংখ্যা অতিকৈ অধিক। দিনে প্ৰায় ২৫০০০ ভক্তই দৰ্শন কৰিবলৈ আহে। তদুপৰি, সংস্থাপন সহজলভ্য হোৱাৰ বাবে উত্তৰ প্ৰদেশ, বিহাৰ, চত্তীশগড়, তেলাংগনা, আন্ধ্ৰ প্ৰদেশ আদিৰপৰা বহু সংখ্যক লোক, বিশেষকৈ কম অৰ্হতা থকা শ্ৰমিক কৰ্মৰ বাবে আহে।

সংযোগ সম্পাদনা কৰক

 
সাই নগৰ শিৰডী ৰে'লৱে' ষ্টেচন

শিৰডীৰ মুম্বাইৰপৰা দূৰত্ব প্ৰায় ২৯৬ কিলোমিটাৰ। এই নগৰ সাইৰ ভূমি ৰূপে জনাজাত। নিকটতম্ আৰু সৰ্বাধিক সংযোজিত নগৰ আহমেদ নগৰ। চেন্নাই[3][4], মুম্বাই, মাইচ'ৰ[5] আৰু অন্যান্য স্থানৰপৰা শিৰডীলৈ ৰে'ল চলে। নাচিক (১১৯ কিলোমিটাৰ দূৰত), মন্মদ (৮৭ কিলোমিটাৰ দূৰত), নগৰচ'ল, ক'পাৰগাওঁ (১৫ কিলোমিটাৰ দূৰত), আহমেদনগৰ (৮৩ কিলোমিটাৰ দূৰত), দৌণ্ড (১৭৯ কিলোমিটাৰ দূৰত) আদি নিকটৱৰ্ত্তী ৰে'লৱে ষ্টেচন।

পথ সম্পাদনা কৰক

ৰেলৱে' ষ্টেচনসমূহৰপৰা আৰু ৰেলৱে' ষ্টেচনসমূহলৈ বাছ আৰু টেক্সি চলে। মহাৰাষ্ট্ৰৰ আহমেদনগৰ, পুনে, থানে, নাচিক, অকলুজ, ঢুলে, নাগপুৰ আৰু ঔৰংগাবাদৰপৰা শিৰডীলৈ পথেৰে যাব পৰা যায়। সাই বাবাৰ ঠাইলৈ সৰ্বাধিক ভক্ত অহা হাইদৰাবাদৰপৰাও পথেৰে যাব পাৰে।

আকাশ সম্পাদনা কৰক

শিৰডী বিমান বন্দৰৰ নিৰ্মাণ কাৰ্য চলি আছে, শিৰডীৰ দক্ষিণ-পশ্চিমলৈ ১৪ কিলোমিটাৰৰ দূৰত্বত। ২০১১ চনৰ ডিচেম্বৰত কাম সম্পূৰ্ণ হ'ব লগীয়া এই বিমান বন্দৰৰ[6] কাম ২০১৬ চনতা্হে শেষ হ'ল আৰু ২ মাৰ্চ ২০১৬ চনত প্ৰথমখন বিমানৰ পৰীক্ষামূলক অৱতৰণ ঘটিল।[7] ২০১৭ অথবা ২০১৮লৈ ৰান ৱে'ৰ দৈৰ্ঘ্য ২২০০ মিটাৰৰ পৰা ৩২০০ মিটাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিশ্চিত কৰা হৈছে।[8]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Shirdi". Amazing Maharashtra. http://www.amazingmaharashtra.com/2012/05/shirdi.html. 
  2. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  3. "New trains will start operations from July". The Hindu. 2011-06-30. http://www.thehindu.com/todays-paper/tp-national/article2146173.ece। আহৰণ কৰা হৈছে: 27 April 2012. 
  4. "Coimbatore-Tuticorin Express service from today". প্ৰকাশক Tuticorin: The Hindu. 2011-07-01. http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/article2149345.ece। আহৰণ কৰা হৈছে: 27 April 2012. 
  5. "Mysore-Shirdi weekly train from Aug 1". প্ৰকাশক Hubli: The Times of India. 2011-07-29. http://timesofindia.indiatimes.com/city/hubli/Mysore-Shirdi-weekly-train-from-Aug-1/articleshow/9413259.cms। আহৰণ কৰা হৈছে: 27 April 2012. 
  6. "Shirdi airport work in full swing: Official". Times of India. 2 July 2010. Archived from the original on 14 June 2012. https://web.archive.org/web/20120614053622/http://articles.timesofindia.indiatimes.com/2010-07-02/pune/28275574_1_shirdi-airport-airport-project-airport-for-devotees-planning। আহৰণ কৰা হৈছে: 3 June 2012. 
  7. Yogesh Naik (3 March 2016). "First trial flight touches down at Shirdi airport". Mumbai Mirror. http://www.mumbaimirror.com/mumbai/others/First-trial-flight-touches-down-at-Shirdi-airport/articleshow/51232066.cms। আহৰণ কৰা হৈছে: 5 April 2016. 
  8. Kunal Anand (10 February 2016). "Maharashtra govt made the runway for Shirdi Airport in 2013, rest of it will be made in 2017!". India Times. http://www.indiatimes.com/news/india/maharashtra-govt-made-the-runway-for-shirdi-airport-in-2013-rest-of-it-will-be-made-in-2017_-250528.html। আহৰণ কৰা হৈছে: 5 April 2016. 

বাহ্যিক সংযোগ সম্পাদনা কৰক