শ্ববে বৰাত

বাৰ্ষিক মুছলমান সাংস্কৃতিক উদযাপন

শ্ববে বৰাত বা মধ্য শ্বাবান ইছলামিক দিনপঞ্জী হিজৰীৰ শ্বাবান মাহৰ ১৪ আৰু ১৫ তাৰিখৰ মাজৰ ৰাতি মুছলমান সকলে উদযাপন কৰা এক উৎসৱ।[1] এই নিশা পৰৱৰ্তী বছৰলৈ ব্যক্তিগত ভাগ্য নিৰূপণ হোৱা আৰু আল্লাহে পাপী সকলৰ পাপ ক্ষমা কৰাৰ ৰাতি হিচাপে গণ্য কৰা হয়। পৃথিৱীৰ বিভিন্ন অঞ্চলত এই নিশা পূৰ্বপুৰুষৰ বাবে আল্লাহৰ পৰা ক্ষমা বিচাৰি নামাজ আৰু প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়।[2] তদুপৰি এই নিশা দ্বাদশবাদী চিয়া মুছলমান সকলে মহম্মদ-আল-মেহদিৰ জন্মদিন পালন কৰে।

শ্ববে বৰাত
শবে বৰাত
শ্ববে বৰাত শবে বৰাত
পালন কৰে মুছলমান সকল
প্ৰকাৰ এদিন
মহত্ব ভাগ্যৰ ৰজনী, মুক্তিৰ নিশা
তাৰিখ ১৪ আৰু ১৫ শ্বাবানৰ মাজৰ ৰাতি

ইছলামৰ চালাফি সম্প্ৰদায়ৰ লোকসকলে শ্ববে বৰাতক মান্যতা প্ৰদান নকৰে।[3]

নামৰ উৎপত্তি সম্পাদনা কৰক

শ্ববে বৰাতৰ আভিধানিক অৰ্থ অনুসন্ধান। শ্বব ফাৰ্চী শব্দ আৰু ইয়াৰ অৰ্থ ৰাতি বা ৰজনী। বৰাত শব্দটিও মূলতঃ ফাৰ্চী আৰু ইয়াৰ অৰ্থ ভাগ্য। দুই শব্দৰ একত্ৰীকৰণৰ অৰ্থ ভাগ্য-ৰজনী। এই দিন বিশ্বৰ ভিন ভিন ঠাইত ভিন ভিন নামেৰে জনাজাত। ইয়াক মূলতঃ দুই ভাগত ভাগ কৰিব পাৰি:

  • মধ্য শ্বাবান: ই হিজৰী কেলেণ্ডাৰৰ অষ্টম মাহ শ্বাবানৰ নামৰ পৰা আহিছে।
  • বৰাতৰ নিশা: বৰাত আৰবী ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হৈছে মুক্তি।

তথ্য উৎস সম্পাদনা কৰক

  1. Dinesh Bihari Trivedi; A. H. M. Zehadul Karim (1990). Law and order in upper India: a study of Oudh, 1856-1877. Northern Book Centre. ISBN 978-81-85119-83-0. https://books.google.com/books?id=t9wLynyZJVsC. "... The first significant religious occasion shabe-barat (lailat ul-barat or the night of deliverance) is held in the middle of Shaban (eighth month of the Islamic calendar) ..." 
  2. Jamal J. Elias (1999). Islam: Religions of the world. Psychology Press. ISBN 978-0-415-21165-9. https://books.google.com/books?id=mxCAhwKdgrYC. "... Laylat al-bara'a ... fortune for the coming year is popularly believed to be registered in Heaven ... prayer vigils and by feasting and illumination ... oblations are made in the name of deceased ancestors ..." 
  3. Muhammad Umar Memon, Aḥmad ibn ʻAbd al-Ḥalīm Ibn Taymīyah, Ibn Taimīya's struggle against popular religion: with an annotated translation of his Kitāb iqtiḍāʾ aṣ-ṣirāṭ al-mustaquīm mukhālafat aṣḥāb al-jaḥīm, Mouton, 1976, ISBN 978-90-279-7591-1, https://books.google.com/books?id=TTMKAQAAIAAJ, "... among the Salaf as well as those among the khalaf, however, reject any excellence for the night in question and challenge the authenticity ... Marking mid-Sha'ban by fasting is without foundation, nay marking it is disapproved of. Likewise, celebrating it by preparing ..." 

বাহ্যিক সংযোগ সম্পাদনা কৰক