সংগীত নাটক একাডেমী বঁটা

পৰিৱেশ্য কলাৰ সাধনাৰ বাবে প্ৰদান কৰা বঁটা

সংগীত নাটক একাডেমী বঁটা (ইংৰাজী: Sangeet Natak Akademi Award) ভাৰতত পৰিৱেশ্য কলাৰ সাধনাৰ বাবে সংগীত নাটক একাডেমীয়ে প্ৰদান কৰা বঁটা। সংগীত নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত। এই বঁটা পৰিৱেশ্য কলা অনুশীলনকাৰী শিল্পীসকলক প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় স্বীকৃতি।[1] ২০০৩ চনৰ আগতে এই বঁটাৰ লগত নগদ ৫০,০০০ টকা, এক প্ৰশংসাপত্ৰ, এখন অংগবস্ত্ৰ আৰু এখন তাম্ৰপত্ৰ প্ৰদান কৰা হৈছিল।[2] ২০০৯ চনৰ পৰা নগদ পুৰস্কাৰ ১,০০,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। [3] এই বঁটা সংগীত, নৃত্য, থিয়েটাৰ, অন্যান্য পৰম্পৰাগত কলা আৰু পুতলা শিল্প আৰু প্ৰদৰ্শন কলাত অৱদান বা বৃত্তিৰ বাবে প্ৰদান কৰা হয়। ১৯৫২ চনত পোনপ্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত এক অনুষ্ঠানত আনুষ্ঠানিক ভাৱে বঁটাসমূহ প্ৰাপকক প্ৰদান কৰা হয়।[2]

প্ৰদান কৰা হয় ভাৰতত পৰিৱেশ্য কলাৰ সাধনা
দেশ ভাৰত
প্ৰদান কৰোঁতা সংগীত নাটক একাডেমী
পুৰস্কাৰ ₹১,০০,০০০, প্ৰশংসাপত্ৰ, অংগবস্ত্ৰ আৰু তাম্ৰপত্ৰ
ৱেবচাইট www.sangeetnatak.gov.in

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক