সত্যমেৱ জয়তে (দূৰদৰ্শন অনুষ্ঠান)

সত্যমেৱ জয়তে(ইংৰাজী: Satyamev jayate) হ'ল ভাৰতবৰ্ষৰ দূৰদৰ্শন উদ্যোগৰ ষ্টাৰ ইণ্ডিয়া নেটৱৰ্কৰ অন্তৰ্গত আৰু দূৰদৰ্শনৰ ডিডি নেচনেল কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত এক অনৌপচাৰিক বাৰ্তালাপ অনুষ্ঠান। বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ দূৰদৰ্শনত অভিষেকৰ জৰিয়তে এই অনুষ্ঠানৰ প্ৰথম শৃংখলাৰ প্ৰথন খণ্ডটো ৬ মে, ২০১২ ইং তাৰিখে সম্প্ৰচাৰিত হৈছিল। ইয়াৰ দ্বিতীয়টো শৃংখলাৰ প্ৰচাৰণ ২ মাৰ্চ,২০১৪ ইং তাৰিখে আৰম্ভ হৈছে। এই অনুষ্ঠানটোৱে সামাজিক ভাৱে স্পৰ্শকাতৰ জটিল সনস্যা কিছুমান আৰু সেইবোৰৰ সমাধানৰ বিভিন্ন পথ দৰ্শকৰ আগত উপস্থাপন কৰে। এই সমস্যা সমূহৰ ভিতৰত মহিলাৰ প্ৰতি অপব্যৱহাৰ, শিশুৰ প্ৰতি যৌন অতিশয্যা, যৌতুক, চিকিৎসা সেৱাত প্ৰচলিত দুৰ্নীতি, অনাৰ কিলিং, শাৰিৰীক ভাৱে বাধাগ্ৰস্ত লোকসকলৰ প্ৰতি অমনোযোগিতা, ঘৰুৱা হিংসা ইত্যাদি প্ৰধান। প্ৰতিটো খণ্ডত এটি নতুন বিষয় উপস্থাপন কৰা হয়। ই মূখ্যতঃ হিন্দী ভষাৰ অনুষ্ঠান যদিও ইয়াক বঙালী, মালায়লম, তামিল আৰু তেলগুলৈ ডাৱ কৰা হয়। ই সমালোচক আৰু জনসাধাৰণৰ পৰা অভূতপূৰ্ব সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

সত্যমেৱ জয়তে (দূৰদৰ্শন অনুষ্ঠান)
"Satyamev Jayate" written in Devanagari script
অনুষ্ঠানৰ লগ', ইয়াত সত্যমেৱ জয়তে বুলি দেবনাগৰী লিপিত লিখা আছে।
শৈলী বাৰ্তালাপ অনুষ্ঠান
নিৰ্মাতা আমিৰ খান
পৰিচালক সত্যজিত ভাৎকাল
উপস্থাপক airtel
অভিনয়ত আমিৰ খান
দেশ ভাৰত
ভাষা
  • Hindi
  • Bengali
  • English
  • Malayalam
  • Marathi
  • Punjabi
  • Tamil
  • Telugu
চিজনৰ সংখ্যা 2
খণ্ডৰ সংখ্যা 14 (List of episodes)
প্ৰযোজনা
প্ৰযোজক Aamir Khan
Kiran Rao
চিত্ৰগ্ৰহণকাৰী বাবা আজমী
কেমেৰাৰ ছেটআপ Multi-camera
দৈৰ্ঘ্য 60–65 minutes
ষ্টুডিঅ’ Aamir Khan Productions
সম্প্ৰচাৰ
মূল ছেনেল ষ্টাৰ ইণ্ডিয়া নেটৱৰ্ক
দৃশ্যৰ ফৰমেট 576i (16:9, 4:3)
1080i (HDTV)
প্ৰদৰ্শনৰ সময় ৬ মে' ২০১২ (2012-05-06) – 29 July 2012
Special Episode on Independence Day (15 August 2012)
কালক্ৰম
উত্তৰসূৰী Lakhon Mein Ek
বাহ্যিক সংযোগ
ৱেবছাইট
প্ৰযোজনা ৱেবছাইট