সুমালী (ইংৰাজী: Sumali) ৰাক্ষস ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল।[1] তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু মালী। সুমালী কেতুমতীক বিবাহ কৰাইছিল। তেওঁৰ ১০গৰাকী পুত্ৰ আছিল ক্ৰমে- (প্ৰহস্ত, অকম্পন, বিকট, কালিকামুখা, ধুমৰক্ষ, দণ্ড, সুপ্ৰস্ব, সংৰাদি, প্ৰঘাস (Praghasa) আৰু ভাস্কৰ্ণ) আৰু ৪গৰাকী কন্যা ক্ৰমে- ৰাকা (Raka), পুষ্পটকতা (Puspotkata), কৈকেষী আৰু কুম্ভনাশী। তেওঁৰ কন্যা কৈকেষী ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পনখাৰ জন্ম হয়।[2]

সুমালী
লংকাৰ ৰজা
পূৰ্বসূৰী সুকেশ
উত্তৰসূৰী কুৱেৰ
দাম্পত্য সঙ্গী
সন্তান
  • প্ৰহস্ত
  • অকম্পন
  • বিকট
  • কালিকামুখা
  • ধুমৰক্ষ
  • দণ্ড
  • সুপ্ৰস্ব
  • সংৰাদি
  • প্ৰঘাস
  • ভাস্কৰ্ণ
  • ৰাকা
  • পুষ্পট্‌কটা
  • কৈকেষী
  • কুম্ভনাশী
মাতৃ দেৱৱতী
পিতৃ সুকেশ

শিৱৰ পৰা বৰ প্ৰাপ্ত কৰি সুকেশৰ তিনি পুত্ৰ সুমালী, মাল্যবান আৰু মালী অহংকাৰী হৈ পৰিছিল আৰু দেৱতা, ঋষি-মুনিসকলক অত্যাচাৰ কৰিবলৈ লৈছিল৷ অত্যাচাৰ সহিব নোৱাৰি গন্ধৰ্ব, দেৱতাসকলে শিৱৰ ওচৰত গৈ সুকেশৰ তিনি পুত্ৰক বধ কৰিবলৈ কয় যদিও শিৱই সুকেশক লালনপালন কৰা হেতু সিহঁতক বধ কৰিবলৈ অস্বীকাৰ কৰে আৰু ভগৱান বিষ্ণুৰ ওচৰলৈহে যাবলৈ কয়৷

দেৱতাসকলে মালীৰ ৰাজ্য আক্ৰমণ কৰাৰ আগতে গোপন সূত্ৰে মালীয়ে এই খবৰ পায় আৰু সিঁহতেও দেৱতাসকল আক্ৰমণ কৰিবলৈ সাজু হৈ যায়৷ পিছত ভগৱান বিষ্ণু আৰু ৰাক্ষসসকলৰ মাজত এক ভয়ানক যুদ্ধ আৰম্ভ হয়৷ অৱশেষত বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সুমালীৰ ভাতৃ মালীক বধ কৰে৷ মালীৰ মৃত্যু হোৱা দেখি সুমালী আৰু মাল্যবান আৰু যুদ্ধ ক্ষেত্ৰৰ পৰা পলাই যায়৷

ইয়াৰ পিছত ভগৱান বিষ্ণুৰ আদেশ মতে লংকাত কুবেৰে শাসন কৰিছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক