স্নায়ু তন্ত্ৰ হৈছে জীৱদেহৰ ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু শৰীৰৰ বভিন্ন অংশলৈ সংকেত পৰিবহন কৰা এক অংগ তন্ত্ৰ। প্ৰায় সকলো জীৱ প্ৰজাতিৰে স্নায়ু তন্ত্ৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (CNS) আৰু প্ৰান্তীয় স্নায়ু তন্ত্ৰ (PNS) নামৰ দুটা ভাগত বিভক্ত। মগজু আৰু স্নায়ু ৰজ্জু লগলাগি কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ গঠিত হয়। প্ৰান্তীয় স্নায়ু তন্ত্ৰ প্ৰধানকৈ স্নায়ুৰ দ্বাৰা গঠিত। স্নায়ু হৈছে এক্সন নামৰ এবিধ দীঘল আঁহৰ থুপ, যি শৰীৰৰ প্ৰতিটো অংগক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ সৈতে সংযুক্ত কৰে।

স্নায়ু তন্ত্ৰ

মানুষেৰ স্নায়ু তন্ত্ৰ
সবিশেষ
চিনাক্তকাৰক
লেটিন ছিষ্টেমা নাৰ্ভ'ছাম
MeSH D009420
TA98 A14.0.00.000
FMA 7157
দেহতাত্ত্বিক পৰিভাষা

কোষীয় স্তৰত, স্নায়ু তন্ত্ৰ নিউৰণ বা স্নায়ু কোষ নামৰ এবিধ বিশেষ কোষেৰে গঠিত। এই নিউৰণবোৰে বিদ্যুৎ ৰাসায়নিক তৰংগৰ ৰূপত এক্সনৰ মাজেৰে সংকেট প্ৰেৰণ কৰিব পাৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক