হলৌ বান্দৰ

বান্দৰৰ প্ৰজাতি

হলৌ বান্দৰ (ইংৰাজী: Hoolock Gibbon) গিবন পৰিয়ালৰ অন্তৰ্গত এবিধ বান্দৰৰ প্ৰজাতি ৷

হলৌ বান্দৰ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Hylobatidae
গণ: Hoolock
Mootnick & Groves, 2005
Species

Hoolock hoolock
Hoolock leuconedys

দৈহিক গঠন সম্পাদনা কৰক

গিবন পৰিয়ালৰ দ্বিতীয় বৃহৎ প্ৰজাতি হ’ল হলৌ বান্দৰ ৷ দেহৰ দৈৰ্ঘ্য ৯০ ছে. মি. পৰ্যন্ত আৰু ওজন ৬-৮ কি.গ্ৰা. ৷ মতা-মাইকীৰ আকাৰ প্ৰায় একে হয় কিন্তু গাৰ বৰণৰ পাৰ্থক্য দেখা যায়৷ মতা প্ৰাণীবোৰ ক’লা বৰণৰ, মাইকীৰ গাৰ নোম মটীয়া বৰণৰ , বুকু আৰু ডিঙিৰ ৰং ডাঠ ৷ চকু আৰু মুখৰ চাৰিওকাষে থকা বগা আঙঠিৰ বাবে ইয়াক মুখাৰ দৰেও দেখায় ৷

শ্ৰেণীবিভাজন সম্পাদনা কৰক

বান্দৰৰ শেহতীয়া শ্ৰেণীবিভাজনত ইয়াক Hylobates গোত্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ এই গোত্ৰক আকৌ চাৰিটা উপগোত্ৰত ভাগ কৰা হৈছে৷ হলৌ বান্দৰৰ দুটা প্ৰজাতি -[1]

  • পশ্চিম-দেশীয় হলৌ বান্দৰ, Hoolock hoolock
  • পূব-দেশীয় হলৌ বান্দৰ, Hoolock leuconedys

বিতৰণ সম্পাদনা কৰক

উত্তৰ-পূব ভাৰতৰ পৰা ম্যানমাৰলৈকে হলৌ বান্দৰৰ আবাসভূমি বিস্তৃত হৈ আছে ৷ উত্তৰ-পূব ভাৰতত ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু দিবাং নদীৰ পূব পাৰে ইয়াৰ বসতিস্থান [2] তাৰোপৰি অন্যান্য সাতোখন ৰাজ্যজুৰি ই বাস কৰে বুলি জনা যায় [3][4].

আচৰণ সম্পাদনা কৰক

অন্যান্য গিবন সমূহৰ দৰেই হলৌ বান্দৰেও গছত বাস কৰে আৰু দিনৰ ভাগত খাদ্যৰ সন্ধান কৰে ৷ সচৰাচৰ একগামী যোৰ হিচাপে থাকে ৷ হলৌৰ গৃহ অঞ্চল( Home range) ৩০০ৰ পৰা ৪০০ হেক্টৰ৷ দিনৰ ভাগত কোনো এটা অঞ্চলক কেন্দ্ৰ কৰি হলৌৱে ৬০০ মিটাৰলৈকে ফুৰা-চকা কৰে৷ হলৌৱে তাৰ সুতীব্ৰ চিঞৰৰ মাধ্যমেৰে পৰিয়ালৰ সদস্য সমূহৰ লগত যোগাযোগ কৰে , লগতে বেলেগ গোটৰ বান্দৰক নিজৰ স্থানৰ সীমাত থকা কৰ্তৃত্ব সম্পৰ্কে সোঁৱৰাই দিয়ে ৷ হলৌৰ মতা-মাইকী উভয়ে চিঞৰিব পাৰে৷ বৈজ্ঞানিক তথ্যই সদৰি কৰিছে যে প্ৰত্যেকটো হলৌ বান্দৰৰে মাত বা চিঞৰ ভিন্ন হয়৷

হলৌ বান্দৰ সাধাৰণতে ফলাহাৰী প্ৰজাতি৷ ই মূলত: ফল-মূল, পোক-পৰুৱা আৰু গছৰ পাত খাই জীয়াই থাকে ৷ হলৌৰ খাদ্যৰ ৬৫% ফল, ১৩% পাত, ১২% গছৰ কোমল ঠাৰি নতুবা গছৰ আগ, ৫% ফুল আৰু ৫% পোক-পতংগ, চৰাইৰ কণী ইত্যাদি[5]

হলৌৰ আয়ুসকাল প্ৰায় ৪০ বছৰ৷ প্ৰায় চাৰিবছৰ বয়সত প্ৰজননক্ষম হৈ উঠে৷ হলৌ বান্দৰৰ প্ৰজননৰ ঋতু বাৰিষা৷ ই তিনি বছৰৰ মূৰে মূৰে এটাকৈ পোৱালিৰ জন্ম দিয়ে৷ নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত পোৱালিৰ জন্ম হয়৷ সাত মাহ গৰ্ভত থকাৰ পিছত পোৱালিৰ জন্ম হয় ৷ প্ৰথমে গাৰ নোমবোৰ গাখীৰৰ দৰে বগা হয় , ছমাহৰ পিছৰ পৰা গাৰ ৰং ডাঠ হৈ ক’লা হ’বলৈ আৰম্ভ কৰে ৷ আঠ-ন বছৰৰ ভিতৰত সিহঁত পূৰ্ণবয়স্ক হৈ উঠে ৷ সাধাৰণতে আয়ুস ২৫ বছৰমান হয় ৷

স্থিতি তথা সংৰক্ষণ সম্পাদনা কৰক

হলৌ এক লুপ্তপ্ৰায় বন্যপ্ৰাণী৷ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন অনুসৰি হলৌ বান্দৰ ১ নং তালিকাভুক্ত প্ৰাণী৷ এই প্ৰাণীবিধক ধৰা, মাৰা বা কিনা-বেচা কৰা আনকি ঘৰত আৱদ্ব কৰি ৰখা আইন মতে দণ্ডনীয় অপৰাধ৷


তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Mootnick, A.; Groves, C. P. (2005). "A new generic name for the hoolock gibbon (Hylobatidae)". International Journal of Primatology খণ্ড 26 (26): 971–976. doi:10.1007/s10764-005-5332-4. 
  2. Choudhury, A.U. (1987) Notes on the distribution and conservation of Phayre’s leaf monkey and Hoolock gibbon in India. Tigerpaper 14(2): 2-6
  3. Choudhury, A.U. (1991) Ecology of the Hoolock gibbon, a lesser ape in the tropical forests of North-eastern India. J. Tropical Ecology 7: 147-153. Cambridge.
  4. Choudhury, A.U. (2006) The distribution and status of hoolock gibbon, Hoolock hoolock, in Manipur, Meghalaya, Mizoram, and Nagaland in Northeast India. Primate Conservation 20: 79-87
  5. "অসমৰ প্ৰাইমেট'-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন

বহি:সংযোগ সম্পাদনা কৰক