হাইপ'থেলামাছ প্ৰমস্তিষ্কৰ ডায়েনচেফালনৰ তলৰ অংশ। অসংখ্য স্নায়ুস্ৰাৱী কোষ বা নিউক্লিয়াইৰ জৰিয়তে ই দেহৰ বহু কাম নিয়ন্ত্ৰণ কৰে। পিটুইটেৰী গ্ৰন্থিৰ জৰিয়তে স্নায়ু তন্ত্ৰঅন্তঃস্ৰাৱী তন্ত্ৰৰ লগত সংযোগ কৰাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। থেলামাছৰ তলত অৱস্থিত হাইপ'থেলামাছ লিম্বিক প্ৰণালীৰ অংশ।[1] সকলো মেৰুদণ্ডী প্ৰাণীৰ মগজুত হাইপ'থেলামাছ থাকে। মানুহৰ ক্ষেত্ৰত ইয়াৰ আকাৰ এটা বাদামৰ সমান। অনৈচ্ছিক স্নায়ু তন্ত্ৰৰ বহু জৈৱিক প্ৰক্ৰিয়াতো ই অংশ লয়। ইয়াৰ নিউক্লিয়াইবোৰে তৈয়াৰ কৰা বিমোচন হৰম'ন (releasing hormone) আৰু নিৰোধক হৰম'নবোৰে (Inhibiting hormone) অগ্ৰ পিটুইটেৰী গ্ৰন্থিৰ হৰম'নত প্ৰভাৱ পেলায়। এইবোৰ এক্সন আৰু আৰু নিবাহিকা পৰিবাহী তন্ত্ৰৰ সহায়ত পিটুইটেৰী গ্ৰন্থিলৈ যায়। আনহাতে হাইপ'থেলামাছত উৎপন্ন হোৱা অক্সিট'চিন আৰু ভেছ'প্ৰেছিন নামৰ দুবিধ হৰম'ন এক্সনেৰে পোনে পোনে পশ্চাৎ পিটুইটেৰীলৈ যায় আৰু প্ৰয়োজনসাপেক্ষে তাৰ পৰা ক্ষৰিত হয়।[2]

হাইপ'থেলামাছ (Hypothalamus)

মানুহৰ হাইপ'থেলামাছৰ অৱস্থান

পিটুইটেৰী আৰু মগজুৰ আন অংশৰ সংগতিত হাইপ'থেলামাছৰ অৱস্থান (নীলা)
সবিশেষ
Part of মস্তিষ্ক
চিনাক্তকাৰক
লেটিন hypothalamus
MeSH D007031
নিউৰ'লেক্স ID birnlex_734
TA98 A14.1.08.401
A14.1.08.901
TA2 5714
FMA 62008
নিউৰ'এনাটমীৰ দেহতাত্ত্বিক পৰিভাষা

হাইপ'থেলামাছে শৰীৰৰ তাপ, ক্ষুধা, পিয়াহ, টোপনি, ছন্দঃপূৰ্ণ চক্ৰ (circadian rythm) আৰু নানা আচৰণ নিয়ন্ত্ৰণ কৰে।[3]

মানুহৰ হাইপ'থেলামাছ (ৰঙাৰে)

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Dr. Boeree, C. George. "The Emotional Nervous System". The Limbic System. http://webspace.ship.edu/cgboer/limbicsystem.html। আহৰণ কৰা হৈছে: 2016-04-18. 
  2. Melmed, S; Polonsky, KS; Larsen, PR; Kronenberg, HM (2011). Williams Textbook of Endocrinology (12th সম্পাদনা). Saunders. পৃষ্ঠা. 107. ISBN 978-1437703245. 
  3. "NCI Dictionary of Cancer Terms". National Cancer Institute. https://www.cancer.gov/publications/dictionaries/cancer-terms. 

অতিৰিক্ত পাঠ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক