হিপ'ক্ৰেটিছৰ শপত (Hippocratic Oath) চিকিৎসকসকলে ঐতিহাসিকভাৱে গ্ৰহণ কৰা এটা শপত। বহুল পঠিত গ্ৰীক চিকিৎসা সংক্ৰান্তীয় পাঠ্যসমুহৰ ভিতৰত ই অন্যতম। মূল ৰূপ অনুসৰি নতুন চিকিৎসক এজনে কেইবাজনো দেৱতাৰ নাম লৈ শিষ্টাচাৰৰ নিৰ্দিষ্ট মান পালন কৰিবলৈ শপত লয়। ঐতিহাসিক আৰু পৰম্পৰাগত মূল্যলৈ চাই বহু দেশত শপতটোক চিকিৎসকসকলৰ প্ৰথম পদক্ষেপ হিচাপে গণ্য কৰা হয়। আজিকালি ইয়াৰ বিভিন্ন আধুনিক ৰূপো ব্যৱহাৰ কৰা হয়।

শপতটোৰ এটা পাণ্ডুলিপি, সময় দ্বাদশ শতিকাৰ বাইজেণ্টিন সাম্ৰাজ্য

পণ্ডিতসকলে বিশ্বাস কৰে যে পশ্চিমীয়া সংস্কৃতিত চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হিপ'ক্ৰেটিছ বা তেওঁৰ এজন শিষ্যই এই শপত লিখিছিল।[1] মূল শপতবাক্যটো পঞ্চম শতিকাৰ শেষৰফালে Ionic Greek ভাষাত লিখা হৈছিল।[2] ইয়াক সাধাৰণতে হিপ'ক্ৰেটিক সংগ্ৰহত অন্তৰ্ভুক্ত কৰা হয়।

দ্ৰুপদী পণ্ডিত লুড্‌ৱিগ এডেল্‌ষ্টেইনে এই মত আগবঢ়ায় যে এই শপত বাক্য পাইথাগ'ৰিয়ানসকলে লিখিছিল। পাইথাগ'ৰিয়ান চিকিৎসাৰ ধাৰাৰ অভাৱত এই মতবাদক লৈ প্ৰশ্ন উঠে।[3]

শপতটোৰ আধুনিক ৰূপৰ অসমীয়া পাঠ সম্পাদনা কৰক

মই , মোৰ সবোৰ্চ্চ সামৰ্থ আৰু বিচাৰৰ দ্বাৰা এই প্ৰতিজ্ঞা ৰক্ষা কৰাৰ শপত লৈছোঁ :

মই সেই পূৰ্বসূৰী চিকিৎসক সকলৰ কঠোৰ সাধনা-লব্ধ বৈজ্ঞানিক উপলব্ধিসমূহক শ্ৰদ্ধা কৰিম যাৰ খোজ অনুসৰণ কৰি মই খোজ দিছোঁ, আৰু এনে সমূহ জ্ঞান মোৰ আৰু সেইসকলৰ মাজত, যি এই পথেৰে আগবাঢ়িব, আনন্দমনেৰে ভগাই লম।

নিৰৰ্থক-চিকিৎসা আৰু চিকিৎসা-অসাৰ বুলি ভবা মানসিকতা, এই দুইৰ জালত নপৰাকৈ থাকি ৰুগীয়াৰ উপকাৰাৰ্থে দৰকাৰী সকলো ব্যৱস্থাৰ প্ৰয়োগ কৰিম।

মই মনত ৰাখিম চিকিৎসাশাস্ত্ৰ আৰু বিজ্ঞানতো এক কলা সোমাই আছে আৰু উমালতা, সহ-মৰ্মিতা আৰু বুজাবুজিয়ে হয়তো অস্ত্ৰোপচাৰৰ চুৰীখন বা ঔষধা্লয়ৰ ঔষধক তল পেলাব পাৰে ।

“মই নাজানো” বুলি কবলৈ মই না লাজ কৰিম, না মই মোৰ সহকৰ্মীক মাতিবলৈ কুন্ঠা কৰিম যেতিয়া এজন ৰোগীক আৰোগ্য কৰিবলৈ আন কাৰোবাৰ দক্ষতাৰ আৱশ্যক হয়।

মই মোৰ ৰোগী সকলৰ একান্ত-গোপনীয়তাক সন্মান কৰিম, কিয়নো তেওঁলোকে তেওঁলোকৰ সমস্যা সমূহ গোটেই পৃথিৱীয়ে জানক বুলি মোক নকয়। আটাইতকৈ বিশেষভাবে, জীৱন আৰু মৃত্যুৰ কথা জড়িত থকা বিষয় সমূহত মই সাৱধানতাৰে খোজ দিবই লাগিব।

মোক যদি জীৱন ৰক্ষা কৰিবলৈ দিয়া হয় , ধন্যৱাদ। কিন্তু জীৱন লোৱাটোও হয়টো মোৰ ক্ষমতাৰ ভিতৰতে আছে; মোৰ নিজৰ দুৰ্বলতাৰ প্ৰতি সচেতন থাকি অতি অমায়িকতাৰে এই ভীষন দায়িত্বৰ সন্মুখীন হবই লাগিব। সৰ্বোপৰি , মই ঈশ্বৰৰ স্থানত খেলিবলৈ কেতিয়াও নাযাওঁ।

মই মনত ৰাখিম যে মই জ্বৰৰ ৰেখাংকন এখন, কৰ্কটৰ বাঢ়ি অহা টেমুনা এটাক চিকিৎসা নকৰোঁ, কৰিম এজন ৰুগীয়া ব্যক্তিক, যাৰ ৰোগটোৱে হয়টো সেইজনৰ পৰিয়াল আৰু আৰ্থিক ভাৰসাম্যতাক প্ৰভাৱিত কৰে। মোৰ দায়িত্ব এই সম্পৰ্কীয় সমস্যাবোৰো, যদিহে মই ৰোগীজনৰ পৰ্যাপ্ত যত্ন লওঁ।

মই যেতিয়ায়ে পাৰো, বেমাৰ প্ৰতিৰোধ কৰিম, কিয়নো প্ৰতিৰোধ উপশমতকৈ শ্ৰেয়।

মই মনত ৰাখিম যে মোৰ লগৰ সকলো মানৱ, যাৰ মন আৰু শৰীৰ টনকিয়াল অথবা যাৰ নহয়, সকলোৰে প্ৰতি বিশেষ দায়বদ্ধতাৰে মই সমাজৰে এজন সদস্য হৈ থাকিম।

যদি মই এই শপত উলংঘা নকৰো, তেন্তে মই যাতে জীৱন আৰু কলাসমূহ উপভোগ কৰিব পাৰো, জীয়াই থকাৰ দিনত সন্মানিত হওঁ, আৰু তাৰপাচত যাতে মৰমেৰে ৰোমন্থিত হওঁ। মই যাতে সদায় মোৰ বৃত্তিৰ উত্তম ঐতিহ্যসমূহৰ সংৰক্ষণাৰ্থে কাম কৰো আৰু মই যাতে সুদীৰ্ঘ সময় সেইসকলৰ ৰোগ-উপশম কৰাৰ আনন্দ লভিব পাৰো, যিসকলে মোৰ সহায় বিচাৰিব।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Farnell, Lewis R. (2004) [1920]. Greek Hero Cults and Ideas of Immortality : The Gifford Lectures : Delivered in the University of St. Andrews in the Year 1920. প্ৰকাশক Whitefish, Montana: Kessinger Publishing. পৃষ্ঠা. 269. ISBN 978-1-4179-2134-8. "The famous Hippocratean oath may not be an authentic deliverance of the great master, but is an ancient formula current in his school." 
  2. Edelstein, Ludwig (1943). The Hippocratic Oath: Text, Translation and Interpretation. পৃষ্ঠা. 56. ISBN 978-0-8018-0184-6. 
  3. Temkin, Owsei (2001). "On Second Thought". "On Second Thought" and Other Essays in the History of Medicine and Science. Johns Hopkins University. ISBN 978-0-8018-6774-3. 

অতিৰিক্ত পঠন সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক