হোৱাৎছএপ মেছেঞ্জাৰ (WhatsApp Messenger) এটা অ-মুক্ত উৎসৰ, একাধিক প্লে’টফৰ্মত ব্যৱহাৰ কৰিব পৰা এটা ক্ষিপ্ৰ বাৰ্তা এপ্লিকেছন। স্মাৰ্টফোনৰ এই এপ্লিকেছনটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে পাঠ, ছবি, ভিডিঅ’ আৰু শ্ৰাব্য মিডিয়া বাৰ্তাৰ লগতে সংযুক্ত মেপিং বৈশিষ্টৰ সহায়ত তেওঁলোকৰ অৱস্থানো পঠিয়াব পাৰে। ক্লায়েণ্ট ছফ্টৱেৰটো গুগল এণ্ড্ৰইড, ব্লেকবেৰী অ’এছ, এপল আই অ’এছ, কিছুমান ন’কিয়া চিৰিজ 40, ছীম্বায়ান, ন’কিয়া আচা, মাইক্ৰ’ছফ্ট ৱিণ্ড’জ ফোন আৰু ব্লেকবেৰী 10-ৰ বাবে উপলব্ধ। পূৰ্বে য়াহু!-ৰ কৰ্মচাৰী আমেৰিকান লোক ব্ৰায়ান এক্টন (Brian Acton) আৰু য়াং কুমে (Jan Koum) ২০০৯ চনত হোৱাৎছএপ ইন্ক’ৰ্প’ৰেচন প্ৰতিষ্ঠা কৰিছিল।[2][3] ইয়াৰ মুখ্য কাৰ্যালয় মাউণ্টেইন ভিউ, কেলিফ’ৰ্নিয়াত অৱস্থিত আৰু ইয়াৰ কৰ্মচাৰীৰ সংখ্যা ৫৫ জন।[4]

হোৱাৎছএপ
বিকাশক WhatsApp Inc.
প্ৰথম মুক্তি ২০০৯ (2009)
স্থিৰ মুক্তি 2.12.84 / ১২ মে', ২০১৫
লিখা হৈছে আৰ্লেং[1]
অপাৰেটিং চিষ্টেম
  • এপল্‌ আই অ’এছ
  • গুগল এণ্ড্ৰৈড
  • ব্লেকবেৰী অ’এছ, ব্লেকবেৰী 10
  • ন’কিয়া চিৰিজ 40, ন’কিয়া আচা, ছীম্বায়ান
  • মাইক্ৰ’ছফ্ট ৱিণ্ড’জ ফোন
উপলব্ধ হয় বহুভাষিক
প্ৰকাৰ ক্ষিপ্ৰ বাৰ্তা
অনুজ্ঞাপত্ৰ অ-মুক্ত ছফ্টৱেৰ
ৱেবছাইট www.whatsapp.com
হোৱাৎছএপ
প্ৰতিষ্ঠা ২০০৯ (2009)
প্ৰতিষ্ঠাপক
মূখ্য কাৰ্যালয় মাউণ্টেইন ভিউ, কেলিফৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
গৰাকী ফেচবুক
কৰ্মচাৰী ৫৫
Parent ফেচবুক
ৱেবছাইট www.whatsapp.com

কেইবাটাও এছীয়ভিত্তিক বাৰ্তা সুবিধাৰ (LINE, KakaoTalk, WeChat) সৈতে প্ৰতিযোগিতা কৰিবলগীয়া হোৱা হোৱাৎছএপে ২০১২ চনৰ আগষ্টত প্ৰতিদিনে এশ কোটি বাৰ্তা প্ৰেৰণ কৰিছিল।[5] ২০১২ চনৰ এপ্ৰিলত আৰু আগৰ বছৰৰ অক্টোবৰত এই সংখ্যা আছিল ক্ৰমে ২০ কোটি আৰু ১০ কোটি।[6] ২০১৩ চনৰ ১৩ জুনত হোৱাৎছএপে ঘোষণা কৰে যে তেওঁলোকে দৈনিক ২৭০ কোটি বাৰ্তা প্ৰেৰণেৰে নতুন অভিলেখ কৰিছে।[7] Financial Times-ৰ মতে, "স্কাইপে লেণ্ডলাইনেৰে আন্তঃৰাষ্ট্ৰীয় ফোন কৰাৰ মুদা মৰাৰ নিচিনাকৈ হোৱাৎছএপে ম’বাইলৰ ফোনৰ এছ এম এছৰ একে দশা কৰিছে। "[8]

এপ্ৰিল ২০১৫-ৰ তথ্য অনুসৰি প্ৰায় ৮০০ নিযুত সক্ৰিয় ব্যৱহাৰকাৰীৰে হোৱাৎছএপ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় বাৰ্তা এপ্‌।[9]

২০১৪ চনৰ ১৯ ফেব্ৰুৱাৰীত ফেচবুকে ২২ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত হোৱাৎছএপ ক্ৰয় কৰে।[4][10]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Ainsley O'Connell. "Inside Erlang, The Rare Programming Language Behind WhatsApp's Success". fastcolabs.com. http://www.fastcolabs.com/3026758/inside-erlang-the-rare-programming-language-behind-whatsapps-success। আহৰণ কৰা হৈছে: February 21, 2014. 
  2. El pais, 2012-07-09, http://elpais.com/elpais/2012/07/09/inenglish/1341836473_977259.html .
  3. Eric, Jackson (December 3, 2012). "Why Selling WhatsApp To Facebook Would Be The Biggest Mistake of Jan Koum's and Brian Acton's Lives". Forbes. http://www.forbes.com/sites/ericjackson/2012/12/03/why-selling-whatsapp-to-facebook-would-be-the-biggest-mistake-of-jan-koums-and-brian-actons-lives/। আহৰণ কৰা হৈছে: 3 May 2013. 
  4. 4.0 4.1 Albergotti, Reed; MacMillan, Douglas; Rusli, Evelyn M. (February 20, 2014). "Facebook's $19 Billion Deal Sets High Bar". The Wall Street Journal: পৃষ্ঠা A1, A6.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "wsj20140220" defined multiple times with different content
  5. Olanof, Drew (August 23, 2012). "WhatsApp hits new record with 10 billion total messages in one day". The Next Web. http://thenextweb.com/apps/2012/08/23/whatsapp-hits-new-record-10-billion-total-messages-one-day/। আহৰণ কৰা হৈছে: January 29, 2008. 
  6. Olanoff, Drew (October 31, 2011). "WhatsApp users now send over one billion messages a day". TheNextWeb. http://thenextweb.com/apps/2011/10/31/whatsapp-users-now-send-over-one-billion-messages-a-day/। আহৰণ কৰা হৈছে: January 29, 2013. 
  7. WhatsApp (µblog), 27 Billion msgs handled in just 24 hours!, Tweeter, https://twitter.com/WhatsApp/status/344966710241161216, "New daily record: 10B+ msgs sent (inbound) and 17B+ msgs received (outbound) by our users" 
  8. Bradshaw, Tim (November 14, 2011). "WhatsApp users get the message". The Financial Times (London). http://www.ft.com/intl/cms/s/2/30fd99a2-0c60-11e1-88c6-00144feabdc0.html। আহৰণ কৰা হৈছে: January 29, 2013. 
  9. Nate Ralph (April 18, 2015). "WhatsApp touts 800M monthly active users". CNET. http://www.cnet.com/news/whatsapp-touts-800m-monthly-active-users/। আহৰণ কৰা হৈছে: April 20, 2015. 
  10. "Facebook to Acquire WhatsApp" (Press release). 19 February 2014. http://newsroom.fb.com/News/805/Facebook-to-Acquire-WhatsApp. 

বাহ্যিক সংযোগ সম্পাদনা কৰক