১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

১১ ডিচেম্বৰ (ইংৰাজী: 11 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৪৫তম (অধিবৰ্ষত ৩৪৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী সম্পাদনা কৰক

  • ১৮৫৮ – বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আৰু যদুনাথ বসু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ প্ৰথম স্নাতক হয়।
  • ১৯০১ – গুগ্লিএলমো মাৰ্কনিয়ে ইংলেণ্ডৰ কৰ্ণৱালৰ পোলধুৰ পৰা নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছলৈ প্ৰথম ট্ৰান্সটলান্তিক ৰেডিঅ' সংকেত প্ৰেৰণ কৰে।
  • ১৯৪১ চনৰ এই দিনটোত জাৰ্মানী আৰু ইটালীৰ হৈ ক্ৰমে হিটলাৰ আৰু মুছ'লিনিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  • ১৯৪৬ – ড° ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ সংবিধান সভাৰ সভাপতি নিৰ্বাচিত হয়।
  • ১৯৪৬ – ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শিশু জৰুৰীকালীন পুঁজি (ইউনিচেফ) স্থাপন কৰা হয়। এতিয়া আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি বুলি কোৱা হয়। ইউনিচেফ হৈছে বিশ্বব্যাপী শিশুসকলক মানৱীয় আৰু উন্নয়নমূলক সাহায্য প্ৰদান কৰাৰ বাবে দায়বদ্ধ ৰাষ্ট্ৰসংঘৰ এক সংস্থা। ১৯২ খন দেশৰ বিভিন্ন অঞ্চলত থকা এই সংস্থাটো বিশ্বৰ আটাইতকৈ বিস্তৃত আৰু স্বীকৃত সমাজ কল্যাণ সংস্থাসমূহৰ ভিতৰত অন্যতম। ইউনিচেফৰ কাৰ্যকলাপসমূহৰ ভিতৰত আছে টিকাকৰণ আৰু ৰোগ প্ৰতিৰোধ প্ৰদান কৰা, এইচআইভি থকা শিশু আৰু মাতৃসকলৰ চিকিৎসা প্ৰদান কৰা, শৈশৱ আৰু মাতৃৰ পুষ্টি বৃদ্ধি কৰা, অনাময় ব্যৱস্থা উন্নত কৰা, শিক্ষাৰ প্ৰচাৰ কৰা, আৰু দুৰ্যোগৰ প্ৰতিক্ৰিয়াস্বৰূপে জৰুৰী কালীন সকাহ প্ৰদান কৰা।
  • ১৯৬০ – শিশু বিকাশত নিয়োজিত এক আন্তৰ্জাতিক সংগঠন ইউনিচেফৰ সন্মানাৰ্থে ভাৰতীয় বাট বিভাগে ১৫ পইচাৰ এক বিশেষ ডাক টিকট প্ৰকাশ কৰিছিল।
  • ১৯৬১ - দাদৰা আৰু নগৰ হাভেলীক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ ভাৰতৰ সংবিধানৰ দশম সংশোধনী গৃহীত কৰা হৈছিল।
  • ১৯৭২ - এপোলো-১৭ চন্দ্ৰত অৱতৰণ কৰা ষষ্ঠ আৰু অন্তিম এপোলো অভিযান।
  • ১৯৯৯ - শতিকাৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান হয়।

জন্ম সম্পাদনা কৰক

  • ১৮৫৮ - খ্ৰীষ্টিয়ান আইজকমেন, নেদাৰলেণ্ডত বিশিষ্ট চিকিৎসা-বিজ্ঞানী। তেওঁ ১৯২৯ চনত সাহিত্যৰ ন’বেল লাভ কৰে।
  • ১৮৭২ - বেণুধৰ ৰাজখোৱা, অসমৰ এগৰাকী বিশিষ্ট লেখক, কবি আৰু নাট্যকাৰ আছিল। তেওঁ ১৯২৬ চনত অসমৰ ধুবুৰী জিলাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি আছিল। যেতিয়া তেওঁ কলিকতাত পঢ়ি আছিল, তেতিয়া তেওঁ অসমৰ সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শাসনাধিষ্ঠিত ব্ৰিটিছ চৰকাৰে তেওঁক ৰায়বাহাদুৰ উপাধিৰে সন্মানিত কৰিছিল। মৃত্যু ১৯৫৫।
  • ১৯১১ - নাগিব মাহফুজ, ইজিপ্টিয়ান লেখক। তেখেতে ১৯৮৮ চনত সাহিত্যৰ ন'বেল বঁটা অৰ্জন কৰিছিল।
  • ১৯২২ - দিলীপ কুমাৰ, প্ৰকৃত নাম মহম্মদ ইউছুফ খান। ভাৰতীয় হিন্দী চলচ্চিত্ৰ জগতৰ অভিনেতা। তেওঁ ১৯৪০ৰ দশকৰ পৰা অভিনয় জীৱন আৰম্ভ কৰা দিলীপ কুমাৰে ১৯৬০ৰ দশকৰ শেষৰ ফালৰ পৰা ভাৰতীয় চলচ্চিত্ৰত আধিপত্য বিস্তাৰ কৰিছিল। দৰ্শকৰ দ্বাৰা তেওঁক "অভিনয় সম্ৰাট" উপাধি প্ৰদান কৰা হৈছিল। কুমাৰে শ্ৰেষ্ঠ অভিনেতাৰ ৮তাকৈ ফিল্মফেয়াৰ বঁটা (যিটো পিছলৈ শ্বাহৰুখ খানৰ সমতুল্য হৈছিল) লাভ কৰিবলৈ সক্ষম হৈছিল, উল্লেখযোগ্য যে দিলীপ কুমাৰ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰা ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমজন অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰত এজন তাৰকা হিচাপে (পুৰুষ বা মহিলা) তেওঁৰ অভিনীত চলচ্চিত্ৰহমূহে আশী শতাংশতকৈও অধিক বক্স অফিচ সফলতাৰ সৈতে বক্স অফিচত সৰ্বশ্ৰেষ্ঠ অভিলেখ গঢ়িছে। পাঁচ দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত, কুমাৰে বিভিন্ন চৰিত্ৰত প্ৰায় 60 খন চলচ্চিত্ৰত কাম কৰিছিল। বোম্বে টকিজৰ দ্বাৰা প্ৰযোজিত জোৱাৰ ভাটা (১৯৪৪) বোলছবিত তেওঁ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। কেইবাটাও অসফল উদ্যোগৰ পিছত, তেওঁ জুগনু (১৯৪৭)ত প্ৰথম বক্স অফিচ হিট হৈছিল। কুমাৰে পিছত ২০০০ চনৰ পৰা ২০০৬ চনলৈ ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ চলচ্চিত্ৰলৈ তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৯১ চনত পদ্মভূষণ আৰু ২০১৫ চনত পদ্মবিভূষণ বঁটা প্ৰদান কৰে, যি হৈছে দেশৰ ক্ৰমান্বয়ে তৃতীয় আৰু দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা। তেওঁক চলচ্চিত্ৰৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ সন্মান, ১৯৯৪ চনত দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল। ১৯৯৮ চনত, পাকিস্তান চৰকাৰে কুমাৰক নিশান-ই-ইমতিয়াজ প্ৰদান কৰে, যি তেওঁলোকৰ সৰ্বোচ্চ অসামৰিক সন্মান, য'ত তেওঁ এই সন্মান লাভ কৰা একমাত্ৰ ভাৰতীয় হয়। কুমাৰে পেছাৱাৰত অৱস্থিত যি ঘৰটোত ডাঙৰ দীঘল হৈছিল, সেইঘৰটোক পাকিস্তান চৰকাৰে ২০১৪ চনত ৰাষ্ট্ৰীয় ঐতিহ্য স্মাৰক হিচাপে ঘোষণা কৰিছিল। মৃত্যু ৭ জুলাই, ২০২১।
  • ১৯৩৫ - প্ৰণৱ মুখাৰ্জী, ভাৰতবৰ্ষৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি লগতে এজন ভাৰতীয় ৰাজনীতিবিদ। পাঁচ দশকজুৰি চলি থকা ৰাজনৈতিক জীৱনত মুখাৰ্জী ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা আছিল আৰু ভাৰত চৰকাৰত কেইবাটাও মন্ত্ৰীৰ দপ্তৰত কাৰ্যনিৰ্বাহ কৰিছিল। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনৰ পূৰ্বে মুখাৰ্জী ২০০৯ চনৰ পৰা ২০১২ চনলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী আছিল। ২০১২ চনৰ জুলাইৰ পৰা ২০১৭ চনৰ জূলাইলৈ দেশৰ ৰাষ্ট্ৰপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰে। মুখাৰ্জীয়ে ১৯৬৭ চনত বাংলা কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰি ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হয়। কিন্তু ১৯৭২ চনত, ইন্দিৰা গান্ধীয়ে বাংলা কংগ্ৰেছক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত একত্ৰিত কৰি মুখাৰ্জীক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যভুক্ত কৰে। মুখাৰ্জীয়ে পুনৰ ১৯৭৫,১৯৮১,১৯৯৩ আৰু ১৯৯৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ উত্তৰাধিকাৰী ৰামনাথ কোবিন্দে তেওঁক ২০১৯ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল। মৃত্যু ৩১ আগষ্ট, ২০২০।
  • ১৯৬৮ - ইমানুৱেল চাৰ্পেণ্টিয়ে, ফৰাচী অণুজীৱবিদ, বংশগতিবিদ আৰু জৈৱ ৰসায়নবিদ।
  • ১৯৬৯ - বিশ্বনাথন আনন্দ, এজন ভাৰতীয় দবা খেলৰ গ্ৰেণ্ডমাষ্টাৰ আৰু পাঁচবাৰৰ বিশ্ব দবা চেম্পিয়ন। তেওঁ ১৯৮৮ চনত ভাৰতৰ পৰা প্ৰথম গ্ৰেণ্ডমাষ্টাৰ হয়, আৰু ২৮০০ ৰ এলো ৰেটিং (এলো ৰেটিং প্ৰণালী হৈছে শূন্য ৰাশিৰ খেল যেনে- দবা আদিত খেলুৱৈসকলৰ আপেক্ষিক দক্ষতাৰ স্তৰ গণনা কৰাৰ এক পদ্ধতি) অতিক্ৰম কৰা কেইজনমান খেলুৱৈৰ ভিতৰত এজন, যিটো তেওঁ প্ৰথমবাৰৰ বাবে ২০০৬ চনত অৰ্জন কৰিছিল। ২০২২ চনত তেওঁ আন্তৰ্জাতিক দবা ফেডাৰেচন বা বিশ্ব দবা ফেডাৰেচনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়। ১৯৮৫ চনত দবাখেলত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ বঁটা অৰ্জুন বঁটা লাভ কৰে। ইয়াৰ উপৰি ১৯৮৭ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা, ১৯৯১-১৯৯২ বৰ্ষত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ সৰ্বোচ্চ বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ২০০০ চনত ভাৰত চৰকাৰে প্ৰদান কৰা তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ আৰু ২০০৭ চনত ভাৰত চৰকাৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মবিভূষণ বঁটা লাভ কৰে।
  • ১৯৭০ - দেৱদত্ত পাটনায়ক, ভাৰতীয় চিকিৎসক, বাণিজ্যিক পৰামৰ্শদাতা, কিংবদন্তিবিদ আৰু লেখক।

মৃত্যু সম্পাদনা কৰক

  • ১৯৯৮ - কবি প্ৰদীপ, প্ৰকৃত নাম ৰামচন্দ্ৰ নাৰায়ণজী দ্বিবেদী। এজন ভাৰতীয় কবি আৰু গীতিকাৰ আছিল, যি চীন-ভাৰত যুদ্ধৰ সময়ত দেশৰ সুৰক্ষাৰ বাবে মৃত্যুবৰণ কৰা সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে লিখা তেওঁৰ দেশপ্ৰেমমূলক গীত "আয়ে মেৰে ৱাতান কে লোগো"ৰ বাবে সৰ্বাধিক পৰিচিত আছিল। পাঁচ দশকৰ কেৰিয়াৰৰ সময়ছোৱাত কবি প্ৰদীপে প্ৰায় ৭২ খন চলচ্চিত্ৰৰ গীতসহ প্ৰায় ১,৭০০ টা গীত লিখিছিল। তেওঁ লিখা কবিতা সমূহত জাতীয়তাবাদী ভাৱ স্পষ্টভাৱে দেখা যায়। তেওঁক ৰাষ্ট্ৰকবি বোলা হৈছিল আৰু কবি প্ৰদীপ নামেৰে জনাজাত হৈছিল। ১৯৯৭ চনত, জীৱনজোৰা কৃতিত্বৰ বাবে তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়। জন্ম ৬ ফেব্ৰুৱাৰী, ১৯১৫।
  • ২০০১ - ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ, ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ এজন প্ৰাচ্যবিদ্যাৰ্ণৱ আৰু বৈদিক পণ্ডিত আছিল। আন বহুসংখ্যক প্ৰকাশনৰ সৈতে, দাণ্ডেকাৰে ১৯৪৬ চনত ছয় খণ্ডৰ বৈদিক সুচি (বৈদিক গ্ৰন্থপঞ্জী) প্ৰকাশ কৰিছিল। দাণ্ডেকাৰ অসংখ্য ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰাচ্যবিদ্যাৰ্ণৱ সংগঠনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁ এই সংগঠনবোৰক বিভিন্ন ধৰণে সেৱা আৰু শুশ্ৰূষা আগবঢ়াইছিল। তেওঁ ইউনেস্কোত প্ৰাচ্যবিদ্যাৰ্ণৱৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। দণ্ডেকাৰে বহুতো সন্মান আৰু বঁটা লাভ কৰিছিল, যাৰ ভিতৰত আছিল ১৯৬২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা পদ্মভূষণ উপাধি, ১৯৯২ চনত অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা আৰু ২০০০ চনত সাহিত্য অকাডেমী ফেল'শ্বিপ। জন্ম ১৭ মাৰ্চ, ১৯০৯।
  • ২০০৫ - পাৰ্থপ্ৰতিম চৌধুৰী, অসমৰ প্ৰখ্যাত সঙ্গীত পৰিচালক।
  • ২০১০ - আভা হাজৰিকা, প্ৰথমগৰাকী অসমীয়া মহিলা চলচ্চিত্ৰ পৰিচালক। ১৯৭০ চনত পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পৰা ডিপ্লোমা লাভ কৰা তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা আছিল। তেওঁ নিৰ্মাণ কৰা প্ৰথমখন তথ্যচিত্ৰ হৈছে 'ভুল'। ১৯৭৯ চনত এইখন নিৰ্মাণ কৰিছিল। ২০০৮ চনত আভা হাজৰিকাই ৱাইজমেন ক্লাবৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছিল। ১৯৪৪ চনত ধুবুৰী জিলাৰ বিলাসীপাৰাত জন্মগ্ৰহণ কৰা হাজৰিকাই নাটকত অভিনয় কৰাৰ উপৰিও কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁৰ কেইখনমান স্মৰণীয় চলচ্চিত্ৰৰ ভিতৰত আছে "মানৱ আৰু দানৱ", "অগ্নিস্নান", "বৈভৱ" ইত্যাদি। জ্যোতি চিত্ৰবন চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ এগৰাকী অনুষদ সদস্য হোৱাৰ উপৰিও তেওঁ চেঞ্চৰ বোৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ সদস্যা আছিল।
  • ২০১২ - ৰবি শংকৰ, ভাৰতীয় চিতাৰবাদক আৰু সুৰকাৰ। বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বাবে বিশ্বৰ আগশাৰীৰ চিতাৰবাদক ৰূপে পৰিগণিত হৈছিল লগতে বিশ্বৰ বহুতো সংগীতজ্ঞক প্ৰভাৱিত কৰিছিল। শংকৰক ১৯৯৯ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰা হৈছিল। জন্ম ৭ এপ্ৰিল, ১৯২০।

দিৱস সম্পাদনা কৰক

  • আন্তৰ্জাতিক পৰ্বত দিৱস।

বাহ্যিক সংযোগ সম্পাদনা কৰক