১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

১১ নৱেম্বৰ (ইংৰাজী: 11 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৫তম (অধিবৰ্ষত ৩১৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী সম্পাদনা কৰক

  • ১৮৬৬ - কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি ব্ৰহ্ম সমাজ প্ৰতিষ্ঠিত হয়।
  • ১৯১৮ - চৰকাৰীভাৱে প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰে আৰু অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
  • ১৯২৩ - হিটলাৰক গ্ৰেপ্তাৰ কৰা হয়।
  • ১৯৬৮ - মালদ্বীপত গণতন্ত্ৰৰ প্ৰচলন হয়।
  • ১৯৭০ - মহেন্দ্ৰ মোহন চৌধুৰীয়ে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে আৰু তেওঁ ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰে।
  • ১৯৭৫ - এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হয়।
  • ২০১২ - বিশ্বৰ সকলোতকৈ কম খৰচী তথা ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহযোগত ব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ এণ্ড্ৰইড প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা আকাশ টেবলেট মুকলি কৰে।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৯৬৬ - ডিম্বেশ্বৰ নেওগ, অসমীয়া সাহিত্যিক।
  • ১৯৮১ - ৰমা দাস, অসমীয়া সাহিত্যিক।
  • ২০২২ - ৰবীন বণিক্য, অসমীয়া নাট্যকাৰ, পৰিচালক, গীতিকাৰ, সুৰকাৰ তথা ৰাজনীতিক।

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক