১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

১৪ ডিচেম্বৰ (ইংৰাজী: 14 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৪৮তম (অধিবৰ্ষত ৩৪৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী সম্পাদনা কৰক

জন্ম সম্পাদনা কৰক

  • ১৯১২ - হেমাংগ বিশ্বাস, লোক-সঙ্গীতজ্ঞ, কবি, অসম গণনাট্য সঙ্ঘৰ প্ৰতিষ্ঠাপক সম্পাদক৷ অসমীয়া আৰু বাংলা ভাষাৰ সমন্বয়ৰ সাঁকো গঢ়া গণশিল্পী হেমাঙ্গ বিশ্বাসৰ জন্ম হৈছিল ব্ৰিটিছ শাসিত ভাৰতৰ শ্ৰীহট্ট জিলাৰ মিৰাছী গাঁৱত(বৰ্তমানৰ বাংলাদেশ)। অসমীয়া ভাষাত তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল— কুলখুৰাৰ চোতাল (অসমীয়া ভাষাত লিখা এখন কবিতা সংকলন), আকৌ চীন চাই আহিলো, জীৱন শিল্পী জ্যোতি প্ৰসাদ, অসম আৰু বংগৰ লোক সংগীত সমীক্ষা আদি গ্ৰন্থ। মৃত্যু ২২ নৱেম্বৰ, ১৯৮৭।
  • ১৯২৪ - ৰাজ কাপুৰ (ৰণবীৰ ৰাজ কাপুৰ বুলিও জনা যায়), এজন ভাৰতীয় অভিনেতা, হিন্দী চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক হিন্দী চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ আৰু প্ৰভাৱশালী অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। তেওঁক প্ৰায়ে ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকৰ্মী বুলি কোৱা হয়। তেওঁ জীৱনকালত তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এঘাৰটাকৈ ফিল্মফেয়াৰ বঁটাকে ধৰি একাধিক সন্মান লাভ কৰে। ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটা কাপুৰৰ নামেৰে নামাকৰণ কৰা হৈছে। তেওঁ আৱাৰা(১৯৫১) আৰু বুট পলিছ(১৯৫৪) নামৰ দুখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল, যিয়ে কান চলচ্চিত্ৰ মহোৎসৱত পালমে ডি'অৰ গ্ৰেণ্ড পুৰস্কাৰৰ বাবে প্ৰতিযোগিতা কৰিছিল। টাইম আলোচনীৰ দ্বাৰা আৱাৰা চলচ্চিত্ৰত তেওঁৰ অভিনয়ক "বিশ্ব চলচ্চিত্ৰত সৰ্বকালৰ শীৰ্ষ-দহটা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন" হিচাপে স্থান দিয়া হৈছিল। কলাৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৭১ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। ১৯৮৭ চনত ভাৰত চৰকাৰে তেওঁক চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে। মৃত্যু ২ জুন, ১৯৮৮। [1]
  • ১৯৩৪ - শ্যাম বেনেগাল, এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। সমান্তৰালকৈ তেখেতখ চলচ্চিত্ৰৰ পথপ্ৰদৰ্শক হিচাপেও গণ্য কৰা হয়। তেওঁক ১৯৭০ দশকৰ পিছত সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা সকলৰ ভিতৰত এজন হিচাপে গণ্য কৰা হয়। তেওঁ কেইবাটাও সন্মান লাভ কৰিছে, যাৰ ভিতৰত আছে আঠাটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ বঁটা আৰু এটা নন্দী বঁটা। ১৯৭৬ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী ৰে সন্মানিত কৰে আৰু ১৯৯১ চনত তেওঁক কলা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰা হয়। ২০০৫ চনত তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়।[1]
  • ১৯৮৪ - দিৱ্যঙ্কা ত্ৰিপাঠী, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৬ - উৎপল দাস, অসমীয়া অভিনেতা।

মৃত্যু সম্পাদনা কৰক

  • ১৯৩৬ - কমলাকান্ত ভট্টাচাৰ্য্য‎, অগ্নিকবি নামেৰে প্ৰখ্যাত অসমীয়া কবি।
  • ২০১৩ - বাবুল ফুকন, অসমৰ সুদক্ষ ফুটবল খেলুৱৈ। তেওঁ কেইবাবাৰো অসম চাব-জুনিয়ৰ, জুনিয়ৰ আৰু সন্তোষ ট্ৰফী দলৰ হৈ খেলিছিল। ১৯৮৫-৮৬ চনত পাকিস্তান আৰু ৰিয়াধত খেলা ভাৰতীয় যুৱ দলৰ বাবে তেওঁক বাছনি কৰা হৈছিল। তেখেতে ১৯৮৯ চনত কলকাতাৰ মোহমমেদান স্পোৰ্টিংৰ হৈও খেলিছিল। গুৱাহাটী ক্ৰীড়া সন্থাৰ লীগত বাবুল ফুকনে মহাৰাণা এথলেটিক ক্লাব, গৌহাটি টাউন ক্লাব, নৱজ্যোতি ক্লাব, ডায়নামো ক্লাব আৰু ইয়ং এমেচাৰ ক্লাবৰ হৈ খেলিছিল। এছএআই দলৰ সদস্য হিচাপে তেওঁ ১৯৮৮ চনত গুৱাহাটী আৰু শ্বিলংৰাছিয়াৰ এটা দলৰ বিৰুদ্ধে খেলিছিল। জন্ম ১ মে', ১৯৬৮।
  • ২০২০ - ৰোদ্দম নৰসিম্‌হা, FRS ভাৰতীয় মহাকাশ বিজ্ঞানী তথা দ্ৰৱৰ গতি বিজ্ঞানৰ বৈজ্ঞানিক। তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ (১৯৬২-১৯৯৯) এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ অধ্যাপক, ৰাষ্ট্ৰীয় এৰোস্পেচ লেবৰেটৰিজৰ সঞ্চালক (১৯৮৪-১৯৯৩) আৰু জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্সড চাইণ্টিফিক ৰিচাৰ্ছ (JNCAS, ২০০০-২০১৪)ৰ অভিযান্ত্ৰিক বলবিজ্ঞান গোটৰ অধ্যক্ষ আছিল। তেখেত JNCASৰ DST বৰ্ষৰ বিজ্ঞান অধ্যাপক আছিল আৰু একেসময়তে হায়দৰাবাদ বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু অভিযান্ত্ৰিকবিদ্যাত প্ৰেট এণ্ড হুইটনি চেয়াৰ অনুষ্ঠিত কৰিছিল। ভাৰতৰ মহাকাশ প্ৰযুক্তিক আগুৱাই নিয়াত বাবে তেওঁৰ অৱদানৰ বাবে নৰসিংহক ২০১৩ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মবিভূষণ বঁটা প্ৰদান কৰা হৈছিল। মৃত্যু ২০ জুলাই, ১৯৩৩।
  • ২০২০ - জয়কান্ত গন্ধীয়া, বিহু সংস্কৃতিৰ গৱেষক আৰু লোকশিল্পী।

দিৱস সম্পাদনা কৰক

  • বিশ্ব বান্দৰ দিৱস।
  • আলাবামা দিৱস (আলাবামা)।

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক