ৰঙামূৰীয়া বাঢ়ৈটোকা (ইংৰাজী: Common Flameback বা Common Goldenback, বৈজ্ঞানিক নাম-Dinopium javanense) 'Picidae' গোটৰ অন্তৰ্ভুক্ত বাঢ়ৈটোকা চৰাইৰ এটা প্ৰজাতি৷

ৰঙামূৰীয়া বাঢ়ৈটোকা (Common Flameback)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Piciformes
পৰিয়াল: Picidae
গণ: Dinopium
প্ৰজাতি: D. javanense
বৈজ্ঞানিক নাম
Dinopium javanense
(Ljungh, 1797)

বিৱৰণ সম্পাদনা কৰক

ৰঙামূৰীয়া বাঢ়ৈটোকা দেহৰ আকাৰ মধ্যমীয়া৷ ইয়াৰ মূৰৰ পৰা ডিঙিলৈকে দীঘলীয়া আঁচ থকা দেখা যায়৷ মতা আৰু মাইকী দুয়োৰে এই আঁচ থাকে৷ মতা ৰঙামূৰীয়া বাঢ়ৈটোকাৰ মূৰত ৰঙা আৰু মাইকীৰ ক'লা মুকুট (crown) থাকে৷ ইয়াৰ দেহৰ তলৰ অংশ ক'লা, নেজৰ বৰণো ক'লা হয়৷

টেক্স'নমি সম্পাদনা কৰক

Spot-throated Flamebackক এই প্ৰজাতিটোৰ উপ-প্ৰজাতি বুলি গণ্য কৰা হয়৷

বিতৰণ সম্পাদনা কৰক

ৰঙামূৰীবা বাঢ়ৈটোকা সাধাৰণতে বাংলাদেশ, ব্ৰুনেই, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, চিংগাপুৰ, থাইলেণ্ড, আৰু ভিয়েটনাম আদিত পোৱা যায়৷

বাসস্থান সম্পাদনা কৰক

এই প্ৰজাতিটো প্ৰধানকৈ বিষুৱীয় অঞ্চলৰ বনাঞ্চলত পোৱা যায়৷

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

  ৱিকিমিডিয়া কমন্সত Dinopium javanense সম্পৰ্কীয় মিডিয়া ফাইল।