ৰাজজ্যোতি কোঁৱৰ (জন্ম- ৭ অক্টোবৰ ১৯৭৫) অসমউত্তৰ লক্ষীমপুৰৰ এজন গায়ক আৰু সুৰকাৰ। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ লগতে বলিউডৰো বহুকেইখন চলচ্চিত্ৰৰ সংগীতত কণ্ঠদান কৰিছে।[1]

ৰাজজ্যোতি কোঁৱৰ
জন্ম ০৭ অক্টোবৰ, ১৯৭৫ (৪৮ বছৰ)
নকাৰী, উত্তৰ লক্ষীমপুৰ, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ নেপথ্য সংগীত
পেচা গায়ক, সুৰকাৰ
কাৰ্যকাল ২০০৪–
পিতৃ-মাতৃ ক্ষেত্ৰমোহন বৰা
অমিয়া বৰা
ৱেবছাইট www.raajkonwar.com


শিক্ষাজীৱন সম্পাদনা কৰক

উত্তৰ লক্ষীমপুৰ মজলীয়া বিদ্যালয় আৰু উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত তেওঁ যোৰহাটজগন্নাথ বৰুৱা মহাবিদ্যালয়, গুৱাহাটীকটন কলেজ আৰু পাছলৈ মুম্বাইৰ নেচনেল কলেজ (জামাথমল আদৱানি ল' কলেজ)ৰপৰা শিক্ষা লাভ কৰে।[2]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৭৫ চনৰ ৭ অক্টোবৰ তাৰিখে উত্তৰ লক্ষীমপুৰনকাৰীৰ এক আহোম পৰিয়ালত তেওঁৰ জন্ম হয়। পিতৃ ক্ষেত্ৰমোহন বৰা আৰু মাতৃ অমিয়া বৰা। ২০১৩ চনত তেওঁ লিজা কোঁৱৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[2]

প্ৰাৰম্ভিক সংগ্ৰাম সম্পাদনা কৰক

১৯৯৬ চনত তেওঁ নিজৰ প্ৰথমখন সংগীতৰ এলবাম সাগৰ তুমিৰ ৰেকৰ্ডিঙৰ উদ্দেশ্যে মুম্বাইলৈ যায়।[3] তাৰ পাছৰ বছৰতে তেওঁ মুম্বাইত নিজৰ কেৰিয়াৰ গঢ়াৰ মানসেৰে স্থায়ীভাৱে তালৈ গুচি যায়। তাৰ সমান্তৰালকৈ তেওঁ বান্দ্ৰাস্থিত নেচনেল কলেজৰ আইন শাখাত নামভৰ্তি কৰে যদিও তেওঁ সংগীতৰ সাধনাতহে বেছিকৈ মনোনিৱেশ কৰে। এই সময়ছোৱাত তেওঁৰ ককায়েক ভাগ্যমোহন কোঁৱৰে তেওঁক আৰ্থিক সহায়-সহযোগ আগবঢ়াই থাকে। তথাপি আৰ্থিক অনাটনৰ কাৰণে তেওঁ মুম্বাইত ৪০খন বিছনাযুক্ত এক ডৰ্মিটৰীতো প্ৰায় ডেৰ বছৰ থাকিবলগীয়া হয়। [2]

চলচ্চিত্ৰত কণ্ঠদান সম্পাদনা কৰক

প্ৰায় সাত-আঠ বছৰ সংগ্ৰাম কৰাৰ পাছত তেওঁ "ছুপাৰষ্টাৰ" নামৰ ছবিত কণ্ঠ দিয়াৰ সুবিধা পায়। ২০০৮ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰখনৰ "আজনবী খোৱাব' মে'" শীৰ্ষক গীতটি হিট গান হিচাপে পৰিগণিত হয়।[4] ইয়াৰ পাছত তেওঁ ক্লিক, এচিড ফেক্টৰী, মিছন ইষ্টানবুল, ৰাগিনী এম এম এছ, হোষ্টেল, ছাড্ডা আড্ডা, মল্লিকা ইত্যাদি বলিউডৰ বহুকেইখন চলচ্চিত্ৰৰ সংগীতত কণ্ঠদান কৰে। ইয়াৰ উপৰিও তেওঁ ৰামধেনু, ৰিচাং, আকাশ চুবলৈ মন, ৰ'দ্‌ ইত্যাদি অসমীয়া চলচ্চিত্ৰতো গান গায় আৰু বহুকেইটা গান হিট হয়।[2]

বেণ্ড সম্পাদনা কৰক

যোৰহাটত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰি থকা সময়ত ৰাজে 'ডাইনেষ্টী' (Dynasty) নামৰ এক বেণ্ড গঠন কৰিছিল। কটন কলেজত পঢ়ি থকা সময়ত তেওঁ 'জাষ্ট' (Just) নামৰ এক বেণ্ডৰ হৈ গান গায়। মুম্বাইত থকাৰ প্ৰাৰম্ভিক সময়ছোৱাত তেওঁ 'Hoboes' নামৰ এক বেণ্ডৰ লীড ভকেলিষ্ট হিচাপে অনুষ্ঠান পৰিৱেশন কৰিছিল। মনছুৰ আলম নামৰ সেই সময়ৰ এ্জন সফল গীটাৰিষ্টৰ সৈতেও তেওঁ কাম কৰে।[2]

গীতৰ তালিকা সম্পাদনা কৰক

বলিউডৰ গান

চন গান বোলছবি সংগীত পৰিচালক সহ গায়ক/গায়িকা
২০০৮ আজনবী ছুপাৰষ্টাৰ সমীৰ টেণ্ডন একক
২০০৮ ৱৰ্ল্ড হ'ল্ড অন মিছন ইষ্টানবুল সমীৰ টেণ্ডন কুনাল গাঞ্জাৱালা, গায়ত্ৰী গাঞ্জাৱালা
২০০৯ য়ে জিছ্‌ম এচিড ফেক্টৰী সমীৰ টেণ্ডন আঁচল দত্ত
২০১০ ৰুবায়ী ক্লিক সমীৰ টেণ্ডন সুনিধি চৌহান
২০১০ য়াদেঁ ৰিমিক্স ক্লিক সমীৰ টেণ্ডন একক
২০১১ ৰিস্তা বনো হোষ্টেল বিৰাগ মিশ্ৰ ম'নালি ঠাকুৰ
২০১১ ইতনে' কৰীব আও ৰাগিনী এম এম এছ সমীৰ টেণ্ডন একক
২০১১ ইত্তেফাক মল্লিকা সমীৰ টেণ্ডন শিল্পা ৰাও
২০১২ ৰৌছন দিল কা জহাঁ (ৰিমিক্স) ৰানৱে' সমীৰ টেণ্ডন সুনিধি চৌহান
২০১২ ছাড্ডা আড্ডা ছাড্ডা আড্ডা সমীৰ টেণ্ডন আহান শ্বাহ, শ্বাহিদ মাল্যা

অসমীয়া বোলছবিৰ গান

চন গান চিনেমা সংগীত পৰিচালক সহ গায়ক/গায়িকা
২০১১ অস্ত আকাশতে ৰামধেনু যতীন শৰ্মা একক
২০১২ ৱাৰিয়ৰ অৱ লাভ ৰিচাং যতীন শৰ্মা বব অ'মুল'
২০১২ মজা কৰোঁ আকাশ চুবলৈ মন নন্দন ভূঞা একক
২০১২ ৰঙীন পলিথিন ৰ'দ্‌ যতীন শৰ্মা একক

অসমীয়া এলবাম

চন এলবাম
১৯৯৬ সাগৰ তুমি
১৯৯৭ অভিমান
২০০০ পখীৰাজ মিক্স
২০০৬ পাখি মেলি
২০১৪ অলস আবেলি

পুৰষ্কাৰ সম্পাদনা কৰক

  • "অলস আবেলি" এলবামৰ শীৰ্ষগীতটিৰ বাবে ২০১৩ চনত শ্ৰেষ্ঠ গায়কৰ শিতানত ৰামধেনু ভিৱাৰ্ছ চইচ বঁটাৰ বাবে মনোনয়ন লাভ।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Raaj Jyoti Konwar, this time with brother!". http://rajdweep.blogspot.in. http://rajdweep.blogspot.in/2011/07/raaj-jyoti-konwar-this-time-with.html। আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৪. 
  2. 2.0 2.1 2.2 2.3 2.4 "Raaj J. Konwar". raajkonwar.com. Archived from the original on 2022-09-25. https://web.archive.org/web/20220925210518/http://www.raajkonwar.com/raajkonwar/index.php/about-me। আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৪. 
  3. "Raaj J Konwar". http://www.planitindia.com/raaj-j-konwar/. Archived from the original on 2013-09-28. https://web.archive.org/web/20130928012459/http://www.planitindia.com/raaj-j-konwar/। আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৪. 
  4. "Singer Raaj scores with Bollywood tracks". http://www.radioandmusic.com. http://www.radioandmusic.com/content/editorial/news/singer-raaj-scores-with-bollywood-tracks#story। আহৰণ কৰা হৈছে: ১৬ নৱেম্বৰ ২০১৪. 

বাহ্যিক সংযোগ সম্পাদনা কৰক