ৰামাপ্পা মন্দিৰ (ইংৰাজী: Ramappa Temple) ৰুদ্ৰেশ্বৰা মন্দিৰ হিচাপেও পৰিচিত৷ ৰামাপ্পা মন্দিৰ হৈছে ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান৷ এই মন্দিৰটো দক্ষিণ ভাৰতৰ টেলাংগানা জিলাত অৱস্থিত৷[1] হায়দৰাবাদৰ পৰা এই মন্দিৰটো ২০৯ কিলোমিটাৰ (১৩০ মাইল) নিলগত৷ মুলুগু জিলাৰ ভেংকটপুৰ মণ্ডলৰ পালেমপেট নামৰ এখন ক্ষুদ্ৰাকৃতিৰ গাঁৱত এই মন্দিৰটো অৱস্থিত৷ [2]মন্দিৰটোত থকা এখন শিলালিপিৰ মতে, এই মন্দিৰটো ১২১৩ খ্ৰীষ্টাব্দৰে বুলি জানিব পৰা গৈছে৷ উল্লেখ কৰা হৈছে যে, কাকতীয় সেনাধ্যক্ষ (জেনেৰেল) ৰেচালা ৰুদ্ৰৰ দ্বাৰা ইয়াৰ নিৰ্মাণ সম্পন্ন হৈছিল৷ [3]সেইসময়ত কাকতীয় শাসনকৰ্তা আছিল গণপতি দেৱ৷[4]

ৰামাপ্পা মন্দিৰ
Ramappa Temple
স্থান
দেশ ভাৰত
ৰাজ্য টেলাংগানা
জিলা মুলুগু
স্থান পালামপেট গাঁও
স্থানাংক স্থানাংক: 18°15′33″N 79°56′36″E / 18.25917°N 79.94333°E / 18.25917; 79.94333
স্থাপত্য আৰু সংস্কৃতি
স্থাপত্য শৈলী কাকতীয় শৈলী, ভূমিজা/ৱেছাৰা শৈলী
ইতিহাস
প্ৰতিস্থাপক ৰেচালা ৰুদ্ৰ
স্থপতি ৰামাপ্পা

এই মন্দিৰটো শিৱালায়াম, য'ত ভগৱান ৰামালিংগেশ্বৰক উপাসনা কৰা হয়৷ পৰিব্ৰাজক মাৰ্ক' প'ল' কাকতীয় সাম্ৰাজ্যলৈ আহোঁতে এই মন্দিৰটোক "মন্দিৰৰ তাৰকাৰাজ্যত উজ্জ্বলতম তৰা" হিচাপে আখ্যা দিছিল বুলি অনুমান কৰা হয়৷ [5] ৰামাপ্পা মন্দিৰটো ৬ ফুট ওখ তৰাসদৃশ মঞ্চত উপৱিষ্ট হৈ আছে৷ [6]

ৰামাপ্পা মন্দিৰৰ মূল গাঁথনিটো ৰঙচুৱা বালিশিলেৰে নিৰ্মিত৷ বাহিৰৰ স্তম্ভকেইটা ক'লা বাচাল্ট শিলৰ আৰু বৃহৎ বন্ধনীকেইটাত লো, মেগনেছিয়াম আৰু ছিলিকাৰ পৰিমাণ অধিক৷ এইবোৰত পৌৰাণিক জন্তু আৰু নৰ্তকী অথবা সংগীতশিল্পীৰ ছবি খোদিত কৰা হৈছে৷ এই ভাস্কৰ্যক কাকতীয় কলাৰ শ্ৰেষ্ঠতম নিদৰ্শন বুলি ক'ব পাৰি৷ সূক্ষ্ম কাৰুকাৰ্য, কমনীয় ভংগীমা আৰু দীৰ্ঘদেহী শৰীৰ তথা মূৰৰ বাবে এই ভাস্কৰ্য বিশেষভাৱে লক্ষণীয়৷[7]

২০১৫ চনৰ ১০ ছেপ্টেম্বৰত এই মন্দিৰটোক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভুক্ত কৰিবলৈ প্ৰস্তাৱনা জমা দিয়ে৷ [6] ২০১৯ চনত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ সম্ভাব্য তালিকাত এই মন্দিৰটো গৌৰৱময় কাকতীয় মন্দিৰ আৰু প্ৰৱেশপথ হিচাপে স্থানভুক্ত হয়৷ [6] সৰ্বশেষত ২০২১ চনৰ ২৫ জুলাই তাৰিখে ৰামাপ্পা মন্দিৰক ইউনেস্ক'ৱে কাকতীয় ৰুদ্ৰেশ্বৰা (ৰামাপ্পা) মন্দিৰ, টেলাংগানা হিচাপে বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰে৷ [1][8]

চিত্ৰ ভঁৰাল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক