ৰিচাৰ্ড ড'কিনছ্ (ইংৰাজী: Richard Dawkins; জন্মতে ক্লিণ্টন ৰিচাৰ্ড ড'কিনছ্)[6] (জন্ম-২৬ মাৰ্চ ১৯৪১) হৈছে এগৰাকী ইংৰাজ প্ৰাণীবিজ্ঞানী, এথ'ল'জিষ্ট (প্ৰাণীৰ আচৰণ সম্পৰ্কে অধ্যয়ন কৰা প্ৰাণীবিজ্ঞানী), বিৱৰ্তনবাদৰ জীৱবিজ্ঞানী, আৰু লেখক। তেওঁ অক্সফ'ৰ্ড, নিউ কলেজৰ এমিৰেটাছ সভ্য। তদুপৰি ১৯৯৫ চনৰ পৰা ২০০৮ চনলৈ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ "Professor for Public Understanding of Science"ৰ আসন শুৱনি কৰিছিল।

ৰিচাৰ্ড ড'কিনছ্

২০১০ চনৰ নিউ ইয়ৰ্ক চিটিৰ কুপাৰ ইউনিয়নত ৰিচাৰ্ড ড'কিনছ্
জন্ম ক্লিণ্টন ৰিচাৰ্ড ড'কিনছ্
২৬ মাৰ্চ, ১৯৪১ (৮৩ বছৰ)
নাইৰ'বি, কেনিয়া কলনী, ব্ৰিটিছ কেনিয়া
নাগৰিকত্ব যুক্তৰাজ্য
কৰ্মস্থান কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কেলী
নিউ কলেজ, অক্সফ'ৰ্ড
অক্সফ'ৰ্ড বিশ্ববিদ্যালয়,
নিউ কলেজ অৱ হিউমেনেটিছ
শিক্ষানুষ্ঠান অক্সফ'ৰ্ড বিশ্ববিদ্যালয় (স্নাতকোত্তৰ, ডক্তৰেট)
ডক্তৰেল পৰামৰ্শদাতা নিকোলাছ টিনবাৰজেন
ডক্তৰেল বিদ্যাৰ্থী
  • আলান গ্ৰাফেন
  • মাৰ্ক ৰিডলি (প্ৰাণীবিদ)[1]
জনা যায়
  • বিৱৰ্তনৰ জিন-কেন্দ্ৰিক দৃষ্টিভংগী
  • মেমেৰ (Meme) ধাৰণা
  • মধ্য পৃথিৱী
  • সংবৰ্ধিত ফেন'টাইপ (Extended phenotype)
  • বিজ্ঞানৰ উকালতি; ধৰ্মৰ সমালোচক,; নব্য নাস্তিকতাবাদ[2]
প্ৰভাৱ চাৰ্লছ ডাৰউইন, ডব্লিউ. ডি. হেমিল্টন, নিকোলাছ টিনবাৰজেন[3][4]
প্ৰভাৱান্বিত কৰিছে এণ্ড্ৰিউ এফ. ৰিড, [4] হেলেনা ক্ৰনিন, , [4] জন ক্ৰেবছ, বাৰ'ন ক্ৰেবছ, [4] ডেভিড হেইগ (জীৱবিজ্ঞানী)
উল্লেখনীয় বঁটা
  • ৰূপৰ পদক, লণ্ডনৰ প্ৰাণীবিজ্ঞান সমাজৰ তৰফৰ পৰা, ১৯৮৯
  • মাইকেল ফাৰাডে বঁটা, ১৯৯০
  • আন্তৰাষ্ট্ৰীয় ব্ৰহ্মাণ্ড বঁটা, ১৯৯৭
  • নিয়েৰেনবাৰ্গ বঁটা, ২০০৯
  • ৰয়েল ছ'ছাইটিৰ সভ্য, ২০০১[5]
দাম্পত্যসঙ্গী মাৰিয়ান ড'কিনছ্
(বি. ১৯৬৭; বিচ্ছেদিত ১৯৮৪)

ইভ বাৰহাম
(m. 1984; div. 19??)
লালা ৱাৰ্ড
(m. 1992; sep. 2016)
সতি-সন্ততি
স্বাক্ষৰ

১৯৭৬ চনত প্ৰকাশিত ছেলফিছ জিন শীৰ্ষক আলোড়নকাৰী গ্ৰন্থখনৰ জৰিয়তে তেওঁ বিশ্বজোৰা পৰিচিতি লাভ কৰে। এইখন কিতাপৰ জৰিয়তেই তেওঁ বিৱৰ্তনবাদৰ জিন-কেন্দ্ৰিক ধাৰণাটোৰ জনপ্ৰিয় কৰিছিল। এইখন কিতাপতে তেওঁ পোনপ্ৰথমবাৰে মীম (meme) পৰিভাষাটোৰ ব্যৱহাৰ কৰিছিল। ১৯৮২ চনত প্ৰকাশিত হোৱা দ্য এক্সটেণ্ডেড ফেনোটাইপ শীৰ্ষক গ্ৰন্থৰ "বিৱৰ্তনীয় জীৱবিজ্ঞান"ত তেওঁ এটা নতুন চিন্তাৰ আমদানি কৰিছিল যে- জীনৰ ফেন'টাইপৰ প্ৰভাৱে কেৱল এটা জীৱিত প্ৰাণীৰ দেহলৈকে সীমিত হৈ নাথাকে, বৰঞ্চ সমগ্ৰ পৰিৱেশটোতেই বিস্তৃতি লাভ কৰে। ২০০৬ চনত তেখেতে "ৰিচাৰ্ড ড'কিনছ্ যুক্তি আৰু বিজ্ঞান সংস্থা" গঢ়ি তোলে।

ড'কিনছ্ এজন স্পষ্টবাদী নাস্তিক। তেওঁ "দ্য গড ডিলুইছন" নামৰ গ্ৰন্থত স্পষ্টতাৰে মত প্ৰকাশ কৰে যে-অতিপ্ৰাকৃতিক কোনো সৃষ্টিকৰ্তাৰেই অস্তিত্ব প্ৰায় শূন্য আৰু ধৰ্মীয় বিশ্বাস মাত্ৰ এক বিভ্ৰান্তিহে। ড'কিনছে্ শৈক্ষিক আৰু লেখক জীৱনত অনেক বঁটা-বাহন লাভ কৰিছে। তেওঁ টেলিভিছন, ৰেডিঅ', ইণ্টাৰনেটৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু নিজৰ গ্ৰন্থসমূহৰ বিষয়ে, নাস্তিকতাবাদৰ বিষয়ে আলোচনা কৰে, লগতে সমাজ-জীৱনৰ এজন বুদ্ধিজীৱী হিচাপে তেওঁৰ চিন্তাসমূহো ব্যক্ত কৰে।[7]

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

ক্লিণ্টন ৰিচাৰ্ড ড'কিনছ্‌ৰ জন্ম হৈছিল নাইৰ'বি, তেতিয়াৰ ব্ৰিটিছ কেনিয়াত; ২৬ মাৰ্চ ১৯৪১ চনত।[8] পাছলৈ ড'কিনছে "ডিড পল"ৰ (Deed Poll) জৰিয়তে নামৰ আগৰপৰা ক্লিণ্টনটো ত্যাগ কৰিলে।[6] তেওঁৰ মাতৃৰ নাম আছিল জিন মেৰি য়াভৱান (১৯১৬–২০১৯)[9][10] আৰু পিতৃৰ নাম আছিল ক্লিণ্টন জন ড'কিনছ্ (১৯১৫-২০১০)[8][11][12]

তেওঁৰ পিতৃ-মাতৃয়ে প্ৰাকৃতিক বিজ্ঞানত বিশ্বাসী আছিল। তেওঁলোকে ড'কিনছ্‌ৰ কিছুমান প্ৰশ্নৰ বিজ্ঞানসন্মত উত্তৰ দিছিল।[13] ড'কিনছে নিজৰ শৈশৱকালছোৱাক "এক সাধাৰণ প্ৰতিপালন" বুলি অভিহিত কৰে।[14] তেওঁ কৈশোৰৰ কিছু সময়লৈকে খ্ৰীষ্টান ধৰ্মত বিশ্বাস কৰিছিল। তাৰপিছত তেখেত মত দাঙি ধৰিলে যে- জীৱন এটাৰ জটিলতাক বুজিবৰ বাবে বিৱৰ্তনবাদৰ তত্ত্বয়েই যথেষ্ট। এইটো চিন্তাধাৰাৰ বশৱৰ্তী হৈয়েই তেওঁ ভগৱানক বিশ্বাস কৰিবলৈ এৰি দিলে।[15]

শিক্ষা সম্পাদনা কৰক

 
দ্য গ্ৰেইট হল, অ'ণ্ডল বিদ্যালয়

১৯৫৪ চনৰ পৰা ১৯৫৯ চনলৈ ড'কনিছে নৰ্থহেম্পটনশ্বায়াৰত থকা এখন ইংৰাজী পাব্লিক স্কুল, অ'ণ্ডল বিদ্যালয়ত শিক্ষা আৰম্ভ কৰে।[15] অ'ণ্ডলত ড'কিনছে ব্ৰাটাণ্ড ৰাছালৰ মই কিয় খ্ৰীষ্টীয়ান নহয় নামৰ কিতাপখন প্ৰথমবাৰৰ বাবে পঢ়ে। [16] তাৰপিছত অক্সফ'ৰ্ডৰ বালিঅ'ল কলেজত প্ৰাণীবিজ্ঞান অধ্যয়ন কৰে। ১৯৬২ চনত তেওঁ স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাত তেখেতে ন'বেল বঁটা বিজয়ী এথ'ল'জিষ্ট নিকোলাছ টিনবাৰজেনৰ অধীনত পঢ়া-শুনা কৰে। তেওঁ দ্বিতীয় শ্ৰেণীৰ অনাৰ্ছসহ স্নাতক উত্তীৰ্ণ হয়।[17] এগৰাকী গৱেষক ছাত্ৰ হিচাপে তেখেতে টিনবাৰজেনৰ তত্ত্বাৱধানত অধ্যয়ন কৰি থাকে আৰু এইদৰেই ১৯৬৬ চনত স্নাতকোত্তৰ ডিগ্ৰী আৰু ডক্তৰেট ডিগ্ৰী লাভ কৰে।[18] তাৰপিছত তেখেতে আৰু এটা বছৰ গৱেষক ছাত্ৰ হিচাপে নিজৰ কাম কৰি থাকে।[19][20]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈ ডকিনছে বাৰ্কেলিৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত এগৰাকী প্ৰাণীবিজ্ঞানৰ সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে।[21]১৯৭০ চনত তেওঁ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়লৈ উভতি আহে আৰু এগৰাকী অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯০ চনত তেওঁ প্ৰাণীবিজ্ঞানৰ এগৰাকী ৰিডাৰ হিচাপে নিযুক্তি লাভ কৰে। ১৯৯৫ চনত তেওঁক অক্সফ'ৰ্ডে "বিজ্ঞানৰ ৰাজহুৱা ব্যাখ্যাৰ ছিম'নয়ি অধ্যাপক" (Simonyi Professor for the Public Understanding of Science) পদত অধিষ্ঠিত কৰে। অক্সফ'ৰ্ডত এই পদটো ছাৰ্লছ ছিম'নয়িয়ে প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ বাঞ্চা কৰিছিল যে-"ব্যক্তিজন বিজ্ঞানৰ ৰাজহুৱা ব্যাখ্যাৰ ক্ষেত্ৰখনলৈ কিছু গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা হ'ব লাগিব",[22] আৰু এই পদটোত অধিষ্ঠিত হোৱা প্ৰথমজন ব্যক্তি হ'ব লাগিব ৰিচাৰ্ড ড'কিনছ্।[23] তেওঁ সেইটো পদত ১৯৯৫ চনৰ পৰা ২০০৮ চনলৈকে থাকে।[24]

১৯৭০ চনৰ পৰাই তেওঁ অক্সফ'ৰ্ডৰ নিউ কলেজৰ এজন সভ্য হৈ আছে। বৰ্তমান তেওঁ এমিৰেটাৰ অক্সফ'ৰ্ড সভ্য।[25][26]

২০১১ চনত তেওঁ লণ্ডনৰ ব্যক্তিগত খণ্ডৰ "নিউ কলেজ অৱ হিউমেনেটিছ" নামৰ বিশ্ববিদ্যালয়ত যোগদান কৰে, যিখন ২০১২ চনৰ ছেপ্টেম্বৰত আৰম্ভ হয়।[27]

স্বীকৃতি আৰু সন্মান সম্পাদনা কৰক

 
২০০৭ চনত ১২ অক্টোবৰত ফ্ৰেংকফুৰ্টত ডেছনাৰ বঁটা গ্ৰহণ কৰাৰ মুহূৰ্তত (Giordano Bruno Foundation, Deschner Prize)

বঁটা সম্পাদনা কৰক

  • ১৯৮৭ চনত ৰয়েল ছ'চাইটিৰ সাহিত্য সমাজৰ পৰা বঁটা লাভ কৰে।
  • ১৯৮৭ চনত "দ্য ব্লাইণ্ড ৱাটছমেকাৰ" গ্ৰন্থৰ বাবে লছ এঞ্জেলছ টাইমছৰ তৰফৰ পৰা সাহিত্য বঁটা লাভ কৰে। একেটা বছৰতে বিবিচিযোগে সম্প্ৰচাৰিত হোৱা "দ্য ব্লাইণ্ড ৱাটছমেকাৰ" খণ্ডটোত কৰা কৰ্মৰ বাবে শ্ৰেষ্ঠ টেলিভিছন বিজ্ঞান তথ্যচিত্ৰৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যা বঁটা লাভ কৰে।[19]
  • ১৯৮৯ চনত লণ্ডনৰ প্ৰাণীবিজ্ঞান সমাজৰ পৰা ৰূপৰ পদক লাভ।
  • ১৯৯০ চনত ফিনলেই উদ্ভাৱনী বঁটা।
  • ১৯৯০ চনত মাইকেল ফাৰাদে বঁটা।
  • ১৯৯২ চনত "CSICOP"-এ তেওঁলোকৰ সৰ্বোচ্চ সন্মান ইন প্ৰেইছ অৱ ৰিজন (In Praise of Reason) প্ৰদান কৰে। (CSICOP:Committee for the Scientific Investigation of Claims of the Paranormal)[28]
  • ১৯৯৪ চনত নাকায়ামা বঁটা। (Nakayama Prize)
  • ১৯৯৬ চনত আমেৰিকান হিউমেনিষ্ট এছ'ছিয়েছনৰ তৰফৰপৰা "হিউমেনিষ্ট অৱ দ্যা ইয়েৰ" বঁটা।
  • ১৯৯৭ চনত আন্তৰাষ্ট্ৰীয় ক'চম'চ বঁটা (International Cosmos Prize)
  • ২০০১ চনত কিষ্টলাৰ বঁটা। (Kistler Prize)
  • ২০০১ চনত ইটালিয়ান ৰিপাব্লিকৰ তৰফৰ পৰা ৰাষ্ট্ৰপতিৰ পদক। (Medal of the Presidency of the Italian Republic)
  • ২০০২ চনত গ্লাছগ'ৰ ৰয়েল ফিল'ছ'ফিকেল সমাজৰ পৰা বাইছেণ্টিনিয়েল কেলভিন পদক।[19]
  • ২০০৬ চনত বৈজ্ঞানিক লেখা-মেলাৰ বাবে লিৱিছ থমাছ বঁটা।
  • ২০০৭ চনত "গেলেক্সি ব্ৰিটিছ বুক এৱাৰ্ডছ"ৰ তৰফৰপৰা বছৰটোৰ লেখক বঁটা।[29]
  • ২০০৭ চনত ডেছনাৰ বঁটা।[30] The Committee for Skeptical Inquiry
  • ২০০৯ চনত বিজ্ঞানৰ নিয়েৰেনবাৰ্গ বঁটা। (Nierenberg Prize for Science in the Public Interest)[31]

স্বীকৃতি সম্পাদনা কৰক

  • ১৯৮৯ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা ডক্তৰেট সন্মান।[32]
  • ১৯৯৭ চনত ৰয়েল ছ'ছাইটি সাহিত্য সমাজৰ সভ্য নিৰ্বাচিত।
  • ২০০১ চনত ৰয়েল ছ'ছাইটিৰ সভ্য (FRS) নিৰ্বাচিত।[5][19]
  • ২০০৭ চনত "টাইম" আলোচনীয়ে তেওঁক বিশ্বৰ ১০০জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাভুক্ত কৰে।[33]
  • "দ্য ডেইলী টেলিগ্ৰাফ"-এ যুগুত কৰা ১০০জন জীৱন্ত জিনিয়াছৰ ২০০৭ চনত তালিকাখনত তেওঁ ২০তম স্থান দখল কৰে।[34]
 
২০১২ চনত ব্ৰিটিছ হিউমেনিষ্ট এছ'ছিয়েছন বাৰ্ষিক সন্মিলনীত "ছাৰ্ভিছেন টু হিউমেনিছম" বঁটাগ্ৰহণৰ সময়ত ড'কিনছ্

ৰিচাৰ্ড ড'কিনছ্ বঁটা সম্পাদনা কৰক

২০০৩ চনৰ পৰা "এথিয়েষ্ট এলায়েন্স ইণ্টাৰনেছ'নেল"-এ (Atheist Alliance International) তেওঁলোকৰ বাৰ্ষিক সন্মিলনীত এজন অসামান্য নাস্তিকক সন্মান জনোৱাৰ উদ্দেশ্যেৰে বঁটা প্ৰদান কৰি আহিছে। তেওঁ এনে এজন ব্যক্তি হ'ব লাগিব যিয়ে বিগত বছৰটোত নাস্তিকতাবাদৰ বিষয়ে সজাগতা আনিবৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কৰ্ম কৰিছে। তেওঁলোকে আগবঢ়োৱা এই বঁটাটোক "ৰিচাৰ্ড ড'কিনছ্" বঁটা বুলি জনা যায়। এই নামকৰণৰ জৰিয়তে তেওঁলোকে ৰিচাৰ্ড ড'কিনছৰ অৱদান আৰু অৰিহণাক সন্মানপ্ৰদৰ্শন কৰিছে।[35]

গ্ৰন্থ আৰু তথ্যচিত্ৰ সম্পাদনা কৰক

গ্ৰন্থাৱলী সম্পাদনা কৰক

তথ্যচিত্ৰ সম্পাদনা কৰক

  • Nice Guys Finish First (১৯৮৬)
  • The Blind Watchmaker (১৯৮৭)[36]
  • Growing Up in the Universe (১৯৯১)
  • Break the Science Barrier (১৯৯৬)
  • The Atheism Tapes (২০০৪)
  • The Big Question (টেলিভিছনত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত) (২০০৫) – Part 3 of the TV series, titled "Why Are We Here?"
  • The Root of All Evil? (২০০৬)
  • The Enemies of Reason (২০০৭)
  • The Genius of Charles Darwin (২০০৮)
  • The Purpose of Purpose (২০০৯) – Lecture tour among American universities
  • Faith School Menace? (২০১০)
  • Beautiful Minds (টেলিভিছন অনুষ্ঠান) (এপ্ৰিল ২০১২) – BBC4 documentary
  • Sex, Death and the Meaning of Life (২০১২)[37]
  • The Unbelievers (২০১৩)

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Dawkins, Richard (1986). The Blind Watchmaker. প্ৰকাশক New York: W. W. Norton & Company. পৃষ্ঠা. xvii. ISBN 978-0-393-31570-7. 
  2. Taylor, James E. "The New Atheists". Internet Encyclopedia of Philosophy. 
  3. Dawkins, Richard (2013). An Appetite for Wonder. প্ৰকাশক New York, New York: Harper Collins. পৃষ্ঠা. 271–283, 287–294. ISBN 978-0-06-231580-9. 
  4. 4.0 4.1 4.2 4.3 Grafen 2006.
  5. 5.0 5.1 "Richard Dawkins". প্ৰকাশক London: Royal Society. https://royalsociety.org/people/richard-dawkins-11316/। আহৰণ কৰা হৈছে: 23 April 2016. 
  6. 6.0 6.1 Tortoise (2 December 2019). OMG – A ThinkIn with Richard Dawkins. YouTube. Event occurs at 2:08. Retrieved 31 January 2020. 
  7. Fahy, Declan (2015). The New Celebrity Scientists: Out of the Lab and into the Limelight. Rowman & Littlefield Publishers. 
  8. 8.0 8.1 "Dawkins, Richard 1941– – Contemporary Authors, New Revision Series". Cengage Learning. http://www.encyclopedia.com/article-1G2-3449200042/dawkins-richard-1941.html। আহৰণ কৰা হৈছে: 16 May 2014. 
  9. Dawkins, Richard. "My mother is 100 today. She & my late father gave me an idyllic childhood. Her writings on that time are quoted in An Appetite for Wonder". Twitter. https://twitter.com/RichardDawkins/status/802104552195506178। আহৰণ কৰা হৈছে: 26 November 2016. 
  10. Dawkins, Richard. "My beloved mother died today, a month short of her 103rd birthday. As a young wartime bride she was brave and adventurous. Her epic journey up Africa, illegally accompanying my father, is recounted in passages from her diary, reproduced in An Appetite for Wonder. Rest in Peace.". Twitter. https://twitter.com/RichardDawkins/status/1183908617541562369। আহৰণ কৰা হৈছে: 15 October 2019. 
  11. Burke's Landed Gentry 17th edition, ed. L. G. Pine, 1952, 'Dawkins of Over Norton' pedigree
  12. "D". https://archive.org/details/richarddawkinsho00alan। আহৰণ কৰা হৈছে: 2 April 2020. 
  13. "Richard Dawkins: The foibles of faith". BBC News. 12 October 2001. http://news.bbc.co.uk/1/hi/in_depth/uk/2000/newsmakers/1595744.stm। আহৰণ কৰা হৈছে: 13 March 2008. 
  14. Pollard, Nick (April 1995). "High Profile". Third Way খণ্ড 18 (3): 15. ISSN 0309-3492. https://books.google.com/?id=17rzvh_Ve0IC. 
  15. 15.0 15.1 Hattenstone, Simon (10 February 2003). "Darwin's child". The Guardian (London). https://www.theguardian.com/world/2003/feb/10/religion.scienceandnature। আহৰণ কৰা হৈছে: 22 April 2008. 
  16. Dawkins 2015, পৃষ্ঠা. 175.
  17. Preston, John (2006-12-17). "Preaching to the converted" (en-GB ভাষাত). Daily Telegraph. ISSN 0307-1235. https://www.telegraph.co.uk/culture/3657215/Preaching-to-the-converted.html. 
  18. Dawkins, Richard (1966). Selective pecking in the domestic chick (DPhil thesis). University of Oxford. Archived from the original on 2020-11-21. https://web.archive.org/web/20201121060816/http://solo.bodleian.ox.ac.uk/primo-explore/fulldisplay?vid=SOLO&docid=oxfaleph020515491&context=L&search_scope=LSCOP_OX। আহৰণ কৰা হৈছে: 2020-04-02.  EThOS uk.bl.ethos.710826
  19. 19.0 19.1 19.2 19.3 Dawkins, Richard (1 January 2006). "Curriculum vitae". http://www.fontem.com/archivos/usuarios/cv_521.pdf। আহৰণ কৰা হৈছে: 13 March 2008. 
  20. Dawkins, Richard (1 January 2006). "Richard Dawkins: CV". Archived from the original on 23 April 2008. https://web.archive.org/web/20080423211133/http://www.simonyi.ox.ac.uk/dawkins/CV.shtml। আহৰণ কৰা হৈছে: 1 March 2007.  For direct link to media, see this link
  21. ""Belief" interview". BBC. 5 April 2004. http://www.bbc.co.uk/religion/religions/atheism/people/dawkins.shtml। আহৰণ কৰা হৈছে: 8 April 2008. 
  22. Simonyi, Charles (15 May 1995). "Manifesto for the Simonyi Professorship". The University of Oxford. Archived from the original on 5 February 2016. https://web.archive.org/web/20160205051240/http://www.simonyi.ox.ac.uk/aims/charles-simonyis-manifesto.html। আহৰণ কৰা হৈছে: 13 March 2008. 
  23. "Aims of the Simonyi Professorship". 23 April 2008. Archived from the original on 6 February 2016. https://web.archive.org/web/20160206202718/http://www.simonyi.ox.ac.uk/aims.html। আহৰণ কৰা হৈছে: 28 June 2011. 
  24. "Previous holders of The Simonyi Professorship". The University of Oxford. Archived from the original on 31 January 2016. https://web.archive.org/web/20160131193825/http://www.simonyi.ox.ac.uk/previous-holders-simonyi-professorship.html। আহৰণ কৰা হৈছে: 23 September 2010. 
  25. "Emeritus, Honorary and Wykeham Fellows". New College, Oxford. 2 May 2008. http://www.new.ox.ac.uk/emeritus-honorary-and-wykeham-fellows। আহৰণ কৰা হৈছে: 20 January 2016. 
  26. "The Current Simonyi Professor: Richard Dawkins". The University of Oxford. Archived from the original on 11 March 2016. https://web.archive.org/web/20160311205030/http://www.simonyi.ox.ac.uk/previous-holders-simonyi-professorship/professor-richard-dawkins.html। আহৰণ কৰা হৈছে: 13 March 2008. 
  27. "New university to rival Oxbridge will charge £18, 000 a year". Sunday Telegraph. 5 June 2011. https://www.telegraph.co.uk/education/universityeducation/8557555/New-university-to-rival-Oxbridge-will-charge-18000-a-year.html। আহৰণ কৰা হৈছে: 20 January 2016. 
  28. "CSICOP's 1992 Awards". Skeptical Inquirer খণ্ড 17 (3): 236. 1993. 
  29. "Galaxy British Book Awards — Winners & Shortlists 2007". Publishing News. 2007. Archived from the original on 27 September 2007. https://web.archive.org/web/20070927130727/http://www.britishbookawards.co.uk/pnbb_winners2007.asp#3। আহৰণ কৰা হৈছে: 21 April 2007. 
  30. Stiftung, Giordano Bruno (28 May 2007). "Deschner-Preis an Richard Dawkins". Humanistischer Pressedienst. Archived from the original on 19 July 2011. https://web.archive.org/web/20110719042744/http://hpd.de/node/2010। আহৰণ কৰা হৈছে: 4 April 2008.  Note: Web page in German.
  31. Scripps Institution of Oceanography (7 April 2009). "Scripps Institution of Oceanography Honors Evolutionary Biologist, Richard Dawkins, in Public Ceremony and Lecture". Scripps Institution of Oceanography. http://scrippsnews.ucsd.edu/Releases/?releaseID=967। আহৰণ কৰা হৈছে: 7 April 2009. 
  32. "Durham salutes science, Shakespeare and social inclusion". Durham University News. 26 August 2005. http://www.dur.ac.uk/news/allnews/?itemno=3972। আহৰণ কৰা হৈছে: 11 April 2006. 
  33. Behe, Michael (3 May 2007). 28804, 1595326_1595329_1616137, 00.html "Time Top 100". TIME. http://www.time.com/time/specials/2007/time100/article/0, 28804, 1595326_1595329_1616137, 00.html। আহৰণ কৰা হৈছে: 2 March 2008. [সংযোগবিহীন উৎস]
  34. "Top 100 living geniuses". The Daily Telegraph (London). 28 October 2007. https://www.telegraph.co.uk/news/uknews/1567544/Top-100-living-geniuses.html। আহৰণ কৰা হৈছে: 4 October 2010. 
  35. Slack, Gordy (30 April 2005). "The atheist". Salon. Archived from the original on 4 July 2007. https://web.archive.org/web/20070704233721/http://dir.salon.com/story/news/feature/2005/04/30/dawkins/index.html। আহৰণ কৰা হৈছে: 3 August 2007. 
  36. Staff. "BBC Educational and Documentary: Blind Watchmaker". BBC. Archived from the original on 16 June 2007. https://web.archive.org/web/20070616012920/http://www.bbcactive.com/BroadCastLearning/asp/catalogue/productdetail.asp?productcode=207। আহৰণ কৰা হৈছে: 2 December 2008. 
  37. Staff. "Sex, Death and the Meaning of Life". Channel 4. http://www.channel4.com/programmes/sex-death-and-the-meaning-of-life/episode-guide/series-1। আহৰণ কৰা হৈছে: 16 October 2012. 

বাহ্যিক সংযোগ সম্পাদনা কৰক