ভূমিকা   সম্পাদনা   আংগিক   ৱিকিপিডিয়া লিংক   উদ্ধৃতি   আলোচনা পৃষ্ঠা   স্মৰ্তব্য   পঞ্জীয়ন   উপসংহাৰ    
আলোচনা পৃষ্ঠাৰ ব্যৱহাৰৰ বিষয়ে ভিডিঅ' (ইং)

আলোচনা পৃষ্ঠা ৱিকিপিডিয়াৰ এক অপৰিহাৰ্য অংগ যি আন ৱিকিপিডিয়ানসকলৰ লগত প্ৰবন্ধ বা অন্যান্য বিষয় আলোচনা কৰিবলৈ সুযোগ দিয়ে। ইয়াক চাট্‌ ৰুম, বিজ্ঞাপনৰ মাধ্যম আৰু যুদ্ধক্ষেত্ৰৰ দৰে বা প্ৰবন্ধৰ বিষয়বস্তুৰ ওপৰত সাধাৰণ আলোচনাৰ বাবে ব্যৱহাৰ কৰিব নালাগে।

কোনো প্ৰবন্ধ সংক্ৰান্তীয় আপোনাৰ কিবা প্ৰশ্ন বা মতামত থাকিলে সেয়া আলোচনা পৃষ্ঠাত লিখক, প্ৰবন্ধটোত নহয়। তেনে কৰিবলৈ প্ৰবন্ধটোৰ ওপৰত ওলাই থকা "আলোচনা" টেব্‌টো ক্লিক কৰক। লিংকটো ৰঙা হৈ থাকিলে চিন্তা কৰিব নালাগে; সেই পৃষ্ঠাখন আপুনি সৃষ্টি কৰি প্ৰথম মন্তব্য দিব পাৰে।

আপুনি আনৰ মন্তব্যৰ উত্তৰ দিব খুজিলে তাৰ তলত লিখক। উত্তৰটো ইণ্ডেণ্ট কৰি লিখিলে ভাল (তলৰ পৰিচ্ছেদ চাওক)। যদি আনৰ মন্তব্যৰ উত্তৰ নিদিয়াকৈ নতুন আলোচনা আৰম্ভ কৰিব খুজিছে, তেন্তে পৃষ্ঠাখনৰ ওপৰত থকা "নতুন বিষয়" টেব্‌টো ক্লিক কৰক। এই আলোচনা নিজে নিজে পৃষ্ঠাখনৰ তললৈ গুছি যাব।

আপুনি নিজৰ মন্তব্যত ~~~~ টাইপ কৰি স্বাক্ষৰ কৰা উচিত। এনে কৰাৰ পিছত "পৃষ্ঠা সাঁচক" টিপিলে আপোনাৰ সদস্যনাম আৰু তাৰিখ নিজে নিজে যোগ হ'ব। এনে নকৰিলে আপোনাৰ নাম অবিহেনেই মন্তব্য দেখা যাব। (আপোনাৰ সুবিধাৰ বাবে সম্পাদনা পেৰাৰ ওপৰফালে পেঞ্চিলৰ ছবি থকা এটা স্বাক্ষৰ আইকন আছে য'ত ক্লিক কৰিলে "--~~~~" যোগ হ'ব।)

আপোনাৰ একাউণ্ট নাথাকিলে বা লগ্‌ ইন্‌ নকৰিলে ~~~~ কৰাৰ পিছত আপোনাৰ কম্পিউটাৰৰ আই পি ঠিকনাহে যোগ হ'ব। স্বাক্ষৰৰ চেষ্টা নকৰিলেও পৃষ্ঠাৰ ইতিহাসত আপোনাৰ আই পি ঠিকনা সংৰক্ষিত হৈ থাকিব। যদি আপুনি আপোনাৰ আই পি ঠিকনা গোপন কৰি ৰাখিব বিছৰিছে তেন্তে শীঘ্ৰেই ৱিকিপিডিযাত একাউণ্ট এটা খোলক। (ই ১০০%ই বিনামূলীয়া!)

সদস্য আলোচনা পৃষ্ঠা

প্ৰতিজন সম্পাদকৰ (সদস্যনাম থকা প্ৰতিজন ব্যক্তি) এখন আলোচনা পৃষ্ঠা থাকে য'ত আন অৱদানকাৰীয়ে তেওঁলৈ বাৰ্তা দিব পাৰে। একাউণ্ট নথকা ব্যক্তিয়েও বাৰ্তা দিব পাৰে। কোনোবাই আপোনাক বাৰ্তা দিলে আপুনি ৱিকিপিডিয়াৰ পৃষ্ঠাৰ ওপৰত "আপোনালৈ নতুন বাৰ্তা আহিছে" বুলি টোকা এটা দেখা পাব (যদি আপুনি লগ্‌ ইন্‌ কৰিছে) আৰু আপোনাৰ আলোচনা পৃষ্ঠালৈ এটা লিংক পাব।

আপুনি দুই ধৰণে উত্তৰ দিব পাৰে। প্ৰথমটো হ'ল যিজন ব্যক্তিক উত্তৰ দিব খুজিছে তেওঁৰ আলোচনা পৃষ্ঠালৈ গৈ লিখা। নাইবা আপুনি নিজৰ আলোচনা পৃষ্ঠাত বাৰ্তাটোৰ তলত উত্তৰ দিব পাৰে। কিন্তু নিজৰ আলোচনা পৃষ্ঠাত উত্তৰ দিলে সংশ্লিষ্ট ব্যক্তিজনে সেয়া পঢ়িবলৈ সুযোগ নাপাবও পাৰে। গতিকে এই প্ৰক্ৰিয়া অৱলম্বন কৰিব খুজিলে আপুনি আপোনাৰ আলোচনা পৃষ্ঠাত সেই কথাটো উনুকিয়াই থওক যাতে আন সম্পাদকসকল সচেতন হয় আৰু উত্তৰৰ বাবে আপোনাৰ আলোচনা পৃষ্ঠা খুলি চায়।

ইণ্ডেণ্ট কৰা

ইণ্ডেণ্ট বা শাৰীৰ আগত খালী ঠাই এৰিলে আলোচনা পৃষ্ঠাৰ সজ্জা ভাল হয়। সাধাৰণতে উত্তৰটো দিয়াৰ সময়ত মূল বাৰ্তাতকৈ এটা স্তৰ তলত ইণ্ডেণ্ট কৰি লিখা হয়।

ইণ্ডেণ্ট কৰাৰ কেইবাটাও উপায় আছে:

সাধাৰণ ইণ্ডেণ্ট

সহজ উপায় হৈছে শাৰীটোৰ সম্মুখত এডাল ক'ল'ন চিহ্ন (:) লিখা। বেছি সংখ্যক ক'ল'ন দিলে পাঠো বেছি ইণ্ডেণ্ট হ'ব। নতুন শাৰী আৰম্ভ কৰাটোৱে (Enter বা Return টিপিলে) ইণ্ডেণ্ট কৰা পৰিচ্ছেদ শেষ হোৱাটো সূচায়।

যেনে:

এই শাৰীটো একেবাৰে বাওঁফালে আছে।
: এইটো সামান্য ইণ্ডেণ্ট কৰা হৈছে।
:: এইটো বেছিকৈ ইণ্ডেণ্ট কৰা হৈছে।

ইয়াক এনেদৰে দেখা পাব:

এই শাৰীটো একেবাৰে বাওঁফালে আছে।
এইটো সামান্য ইণ্ডেণ্ট কৰা হৈছে।
এইটো বেছিকৈ ইণ্ডেণ্ট কৰা হৈছে।

বুলেট পইন্টৰ তালিকা

আপুনি তালিকাৰ বাবে ব্যৱহাৰ হোৱা "বুলেট" বা তৰাচিহ্ন (*) টাইপ কৰিও শাৰী ইণ্ডেণ্ট কৰিব পাৰে। যিমানে বেছি তৰাচিহ্ন দিব, সিমানে শাৰীটো ইণ্ডেণ্ট হ'ব।

যেনে:

* প্ৰথম তালিকাৰ বস্তু
* দ্বিতীয় তালিকাৰ বস্তু
** দ্বিতীয় তালিকাৰ উপ-তালিকা
* তৃতীয় তালিকাৰ বস্তু

ইয়াক এনেদৰে দেখা পাব:

  • প্ৰথম তালিকাৰ বস্তু
  • দ্বিতীয় তালিকাৰ বস্তু
    • দ্বিতীয় তালিকাৰ উপ-তালিকা
  • তৃতীয় তালিকাৰ বস্তু

সংখ্যাগত তালিকা

আপুনি "octothorpe" বা হেছ্‌ (#) টাইপ কৰি সংখ্যাগত তালিকা এখনো সাজিব পাৰে। ইয়াক সাধাৰণতে নিৰ্বাচন আৰু ভোটদানৰ বাবে ব্যৱহাৰ কৰা হয়। আন ব্যৱহাৰ সীমিত। যিমানে বেছি সংখ্যক # টিপিব, শাৰীটো সিমানেই ইণ্ডেণ্ট হ'ব।

যেনে:

# প্ৰথম বস্তু
# দ্বিতীয় বস্তু
## দ্বিতীয় বস্তুৰ উপ-বস্তু
# তৃতীয় বস্তু

এনেদৰে দেখা যাব:

  1. প্ৰথম বস্তু
  2. দ্বিতীয় বস্তু
    1. দ্বিতীয় বস্তুৰ উপ-বস্তু
  3. তৃতীয় বস্তু

উদাহৰণ আলোচনা

ভাল সজ্জাৰ এটা আলোচনাৰ উদাহৰণ ইয়াত দিয়া হৈছে:

নমস্কাৰ। প্ৰবন্ধটোৰ সম্পৰ্কে মোৰ এটা প্ৰশ্ন আছে। মই ন-দি ক'ব পাৰোঁ যে কেৱল তেজপুৰতহে বেঙুনীয়া হাতী পোৱা যায়! JayRandumWikiUser 02:49, 10 Dec 2011 (UTC)

অহ্‌। মই যোৱাবাৰ তেজপুৰ যাওঁতে দেখা সকলোবোৰ হাতী সেউজীয়াহে আছিল! try2BEEhelpful 17:28, 11 Dec 2011 (UTC)
মই ভাবোঁ আপুনি এই কথাৰ উপযুক্ত তথ্যসূত্ৰ উল্লেখ কৰা ভাল। Living × Skepticism 20:53, 11 Dec 2011 (UTC)
ভাল বাৰু, এই হাতীৰ আলোচনীকেইখনত মই কোৱা কথাটো আছে:
  • মাহেকীয়া হস্তী-সংবাদ
  • হাতীৰ পৃথিৱী
try2BEEhelpful 19:09, 12 Dec 2011 (UTC)
মই গুৱাহাটীত থাকোঁ। ইয়াত হাতীবোৰ দেখিবলৈ বাঘৰ দৰে! তলৰ লোকসকলে মোৰ লগত সহমত প্ৰকাশ কৰিছে: -DontGdayMateMe 17:28, 14 Dec 2011 (UTC)
  1. ElefantLuvr 01:22, 15 Dec 2011 (UTC)
  2. AisleVoteOnAnything 05:41, 15 Dec 2011 (UTC)
  3. alittlebehindthetimes 18:39, 27 Jan 2012 (UTC)

মন কৰক যে আপুনি আপোনাৰ মন্তব্যত তালিকা দিব বিছাৰিলে প্ৰতিটো আইটেমৰ আগত ক'ল'ন যোগ কৰক। যেনে:

::: ভাল বাৰু, এই হাতীৰ আলোচনীকেইখনত মই কোৱা কথাটো আছে:
::: * ''মাহেকীয়া হস্তী-সংবাদ''
::: * ''হাতীৰ পৃথিৱী''
::: ~~~~

আকৌ কৈছোঁ, আপোনাৰ বাৰ্তাত স্বাক্ষৰ কৰিবলৈ লিখক:

  • ~~~~ আপোনাৰ সদস্যনাম আৰু তাৰিখৰ বাবে (try2BEEhelpful 19:09, 12 Dec 2011 (UTC))

আপুনি কেৱল নাম বা তাৰিখো যোগ কৰিব পাৰে, কিন্তু সচৰাচৰ এনে কৰা নহয়। যেনে:

  • ~~~ কেৱল নামৰ বাবে (try2BEEhelpful), বা
  • ~~~~~ কেৱল তাৰিখৰ বাবে (19:09, 12 Dec 2011 (UTC)).

ভোটদানত সাধাৰণতে নামটোহে দিয়া হয়।

পৰীক্ষা

আকৌ পৰীক্ষা! মাত্ৰ এইবাৰ পৰীক্ষাগাৰলৈ যোৱাৰ সলনি ওপৰৰ "আলোচনা" টেব্‌টোত ক্লিক কৰক আৰু এটা মন্তব্য লিখক। স্বাক্ষৰ কৰিবলৈ নাপাহৰিব। আনৰ মন্তব্যৰ উত্তৰো দিব পাৰে। সাঁচি থোৱাৰ আগতে "খচৰা দেখুৱাওক" টিপি এবাৰ সজ্জা চাই ল'ব।

এই পৃষ্ঠাৰ আলোচনা পৃষ্ঠাত এটা নমুনা আলোচনা আৰম্ভ কৰক

আন প্ৰকল্প পৃষ্ঠাসমূহ

আলোচনা পৃষ্ঠাৰ বাহিৰেও পৰ্দাৰ পিছফালে থকা আন কিছুমান পৃষ্ঠাৰ শ্ৰেণী আছে যি ৱিকিপিডিয়ানসকলক বাৰ্তালাপ কৰিবলৈ সুযোগ দিয়ে। এই স্থানবোৰক নামস্থান বুলি কোৱা হয়; যেনেকৈ "আলোচনা নামস্থান"।

ৱিকিপিডিয়া নামস্থানত থকা ("প্ৰকল্প নামস্থান" বুলিও কোৱা হয়) পৃষ্ঠাসমূহত ৱিকিপিডিয়া আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে থাকে।

সাঁচ নামস্থানৰ পৃষ্ঠাত থকা কথাখিনি সেই সাঁচ থকা প্ৰবন্ধত দৃশ্যমান হ'ব। যেনে সাঁচ:Pp-protected কথাখিনি {{pp-protected}} টেগ্‌ থকা প্ৰবন্ধত দেখা যাব। ইতিমধ্যে সৃষ্টি কৰা সাঁচবোৰৰ বাবে Wikipedia:Template messagesত এবাৰ চকু ফুৰাওক। আপুনি প্ৰবন্ধত সংশ্লিষ্ট টেগ্‌ যোগ কৰিব পাৰে। আপুনি নতুন সাঁচো সৃষ্টি কৰিব পাৰে।

এই গোটেইবোৰ প্ৰকল্প পৃষ্ঠাৰ নিজা নিজা আলোচনা পৃষ্ঠা আছে।

অধিক তথ্যৰ বাবে ৱিকিপিডিয়া:নামস্থান চাওক।



এই সহায়িকাৰ পৰৱৰ্তী অংশ: স্মৰ্তব্য