ভূমিকা   সম্পাদনা   আংগিক   ৱিকিপিডিয়া লিংক   উদ্ধৃতি   আলোচনা পৃষ্ঠা   স্মৰ্তব্য   পঞ্জীয়ন   উপসংহাৰ    
প্ৰবন্ধত সালসলনি কৰিবলৈ "সম্পাদনা" টেব্‌টো ক্লিক কৰক

কেইখনমান সুৰক্ষিত পৃষ্ঠাৰ বাহিৰে সকলো পৃষ্ঠাতে সম্পাদনা কৰিবলৈ "সম্পাদনা " টেব্‌ এটা থাকে। এইটো ৱিকিপিডিয়াৰ প্ৰাথমিক বৈশিষ্ট আৰু ই আপোনাক কোনো প্ৰবন্ধ শুধৰাবলৈ আৰু তাত তথ্যাদি যোগ কৰিবলৈ সুযোগ দিয়ে। আপুনি প্ৰবন্ধ এটাত তথ্য যোগ কৰিলে সেয়া ক'ত পালে উল্লেখ কৰিব কাৰণ উৎসৰ উল্লেখ নথকা তথ্য আঁতৰাই দিয়া হ'ব পাৰে। গতিকে স্পষ্টভাৱে তথ্যসূত্ৰসমূহ (Reference) লিখক।

সম্পাদনাৰ আখৰা কৰিবলৈ পৰীক্ষাগাৰলৈ যাওক আৰু "সম্পাদনা" টেব্‌টো ক্লিক কৰক। আপুনি "সম্পাদনা" টেব্‌টো ক্লিক কৰাৰ লগে লগে সেই পৃষ্ঠাৰ পাঠ্য থকা এখন সম্পাদনা ৱিণ্ড' এখন খোল খাব। কিবা আমোদজনক বা আগ্ৰহজনক কথা টাইপ কৰক। এতিয়া পৃষ্ঠা সাঁচক বুটামটো টিপি আপোনাৰ কামৰ নমুনা চাওক!

সম্পাদনা সাৰাংশ

আপুনি ওপৰত কৰা পৰীক্ষামূলক সম্পাদনাটোত দুটা কথা বাদ দিয়া হৈছিল যি দুটা আপুনি কোনো প্ৰবন্ধ বা ৰাইজে পঢ়া আন পৃষ্ঠা সম্পাদনা কৰোঁতে অৱশ্যেই কৰিব লাগে। গতিকে পুনৰ "সম্পাদনা" টেব্‌টো ক্লিক কৰক, অলপ পাঠ লিখক আৰু এই দুটা অতিৰিক্ত কাম কৰক।

প্ৰথমতে, আপুনি এখন পৃষ্ঠা সম্পাদনা কৰোঁতে আপুনি কৰা সালসলনিৰ ব্যাখ্যা সম্পাদনা সাৰাংশ পেৰাত (যিটো সম্পাদনা ৱিণ্ড'ৰ তলতে থাকে) লিখাটো শিষ্টাচাৰ (বা "ৱিকিচাৰ!") বুলি গণ্য কৰা হয়। আপোনাৰ ব্যাখ্যা চুটি হ'লেও কথা নাই। যেনে- যদি আপুনি এটা বানান শুদ্ধ কৰিছে, তেন্তে কেৱল বানান বা বৰ্ণাশুদ্ধি আঁতৰ বুলি লিখি থওক। আকৌ যদি আপুনি কৰা সালসলনি বানান বা ব্যাকৰণ শুদ্ধ কৰাৰ নিচিনা সৰু হয়, তেন্তে "এইটো এটা অগুৰুত্বপূৰ্ণ সম্পাদনা" শাৰীটো চিহ্নিত কৰক। (আপুনি লগ্ ইন্‌ কৰিলেহে এই শাৰীটো দেখা পাব।) আপোনাৰ পৰীক্ষাগাৰৰ সম্পাদনাৰ বাবে "পৰীক্ষা" জাতীয় সম্পাদনা সাৰাংশ লিখক।

খচৰা দেখুৱাওক

"খচৰা দেখুৱাওক" বুটামটো পৃষ্ঠা সাঁচক বুটামৰ সোঁফালে আৰু সম্পাদনা সাৰাংশ বুটামৰ তলত আছে।

দ্বিতীয়তে, আপুনি সদায় খচৰা দেখুৱাওক বুটামটো ব্যৱহাৰ কৰিব লাগে। আপুনি পৰীক্ষাগাৰৰ সম্পাদনা পেৰাত সালসলনি কৰাৰ পিছত পৃষ্ঠা সাঁচক বুটামৰ পৰিৱৰ্তে খচৰা দেখুৱাওক বুটাম টিপক। এনে কৰিলে পৃষ্ঠাখন সাঁচি ৰখাৰ পিছত কেনে দেখা যাব সেয়া প্ৰাক্‌দৰ্শন কৰিব পাৰিব। ভুল আমি সকলোৱে কৰোঁ; কিন্তু ভুলটো আনে দেখাৰ আগতেই এই নিয়মটোৱে আপোনাক সেয়া শুধৰাবলৈ সুযোগ দিব। খচৰা চাই ল'লে আপুনি পৃষ্ঠা ইতিহাস ভৰাই নিদিয়াকৈ সজ্জা বা অন্যান্য সম্পাদনা কৰিব পাৰিব। কিন্তু প্ৰাক্‌দৰ্শন কৰাৰ পিছত আপোনাৰ সম্পাদনা সাঁচি ৰাখিবলৈ নাপাহৰিব!

পৃষ্ঠা সাঁচক

সম্পাদনা সাৰাংশ লিখা হ'ল? খচৰা চোৱা হ'ল? তেন্তে আপুনি অন্তিম কামটো কৰিব পাৰে: পৃষ্ঠা সাঁচক বুটামটো টিপি দিয়ক।


পৰীক্ষাগাৰত সম্পাদনা কৰিবলৈ চেষ্টা কৰক

গতিকে, আহক, আংগিক সজ্জা গঠন শিকোঁ আহক!




পৰৱৰ্তী পৃষ্ঠা: আংগিক সজ্জা গঠন শিকোঁ আহক