লুম্বিনী

নেপালৰ লুম্বিনী প্ৰদেশৰ ৰূপংদেহি জিলাৰ এখন নগৰ আৰু বৌদ্ধ তীৰ্থস্থান

লুম্বিনী (নেপালী: लुम्बिनी, আক্ষৰিক ভাৱে ‘মৰম লগা’) নেপালৰ লুম্বিনী প্ৰদেশৰ ৰূপংদেহি জিলাৰ এখন নগৰ আৰু বৌদ্ধ তীৰ্থস্থান। বৌদ্ধ পৰম্পৰা অনুসৰি এই স্থানতে খ্ৰীষ্টপূৰ্ব ৫৬৬ৰ আশে-পাশে ৰাণী মায়াদেৱীৰ গৰ্ভত সিদ্ধাৰ্থ গৌতমৰ জন্ম হৈছিল।[1][2] বৌদ্ধ পৰম্পৰা অনুসৰি খ্ৰীষ্টপূৰ্ব ৫২৮ত পৰমজ্ঞান লাভ কৰা সিদ্ধাৰ্থ গৌতমে[3][4] শাক্যমুনি বুদ্ধ হৈ বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল।[5][6][7] ভগৱান বুদ্ধৰ জীৱন পৰিক্ৰমাৰ লগত জড়িত গুৰুত্বপূৰ্ণ ঠাই হিচাপে লুম্বিনী এক উল্লেখযোগ্য তীৰ্থস্থান।

লুম্বিনী
लुम्बिनी
—  চহৰ  —
সিদ্ধাৰ্থ গৌতমৰ জন্মস্থানত অৱস্থিত মায়াদেৱী মন্দিৰ
দেশ নেপাল
প্ৰদেশ লুম্বিনী
জিলা ৰূপংদেহি
পৌৰসভা লুম্বিনী সংস্কৃতিক
চৰকাৰ
 - প্ৰকাৰ উন্নয়ন ন্যাস
 - পৰিষদ লুম্বিনী উন্নয়ন ন্যাস
উচ্চতা ১৫০ মিটাৰ (৪৯২.১৩ ফুট)
সময় অঞ্চল নেপাল মান সময় (গ্ৰী.মা.স.+০৫:৪৫)
পিনকোড ৩২৯১৪
ৱেবছাইট www.lumbinidevtrust.gov.np
ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
লুম্বিনী, ভগৱান বুদ্ধৰ জন্মস্থান
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
লুম্বিনীৰ অশোক স্তম্ভ
স্থান ৰূপংদেহি জিলা, নেপাল
মাপকাঠি সাংস্কৃতিক: iii, vi
উদ্ধৃতি 666
অভিলিখনৰ ইতিহাস
অভিলিখন 1997 (অজ্ঞাত অধিবেশন)

লুম্বিনীত মায়াদেৱী মন্দিৰকে ধৰি কেইবাটাও পুৰণি মন্দিৰ আছে। ইয়াৰ লগতে ইয়াত বিভিন্ন দেশৰ বৌদ্ধ সংগঠনৰ ধনেৰে নিৰ্মিত কেইবাটাও নতুন মন্দিৰ আছে। ইতিমধ্যে প্ৰায়বোৰ মন্দিৰৰ কাম সম্পূৰ্ণ হৈছে আৰু কিছুমানৰ নিৰ্মাণৰ কাম বৰ্তমানেও চলি আছে। বহুতো কীৰ্তিচিহ্ন, মঠ, এটা সংগ্ৰহালয় আৰু লুম্বিনী আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানো এই পৱিত্ৰ স্থানৰ উল্লেখযোগ্য পৰ্যটনস্থলী। এই স্থানতে পুস্কৰিণী বা এটা পৱিত্ৰ পুখুৰী আছে য’ত বুদ্ধৰ মাতৃ মায়াদেৱীয়ে সিদ্ধাৰ্থৰ জন্মৰ আগত ধৰ্মীয় আচাৰ অনুসৰি ডুব লোৱা বুলি বিশ্বাস কৰা হয়। লগতে বুদ্ধই প্ৰথমবাৰৰ বাবে ইয়াতেই স্নান কৰিছিল বুলিও বিশ্বাস কৰা হয়। লুম্বিনীৰ ওচৰৰ আন আন স্থানত পৰম্পৰা অনুসৰি পূৰ্বৰ বুদ্ধসকলৰ জন্ম হৈছিল, পৰমজ্ঞান লাভ কৰিছিল আৰু শেষত নিজৰ পাৰ্থিৱ ৰূপ ত্যাগ কৰিছিল। বাংলাদেশ চৰকাৰে বৰ্তমান ইয়াত এটা ডাঙৰ বৌদ্ধ মঠ নিৰ্মাণ কৰি আছে।[8] ১৯৯৭ চনত ইউনেস্ক’ই লুম্বিনীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰিছিল।[1][2][note 1]

ইতিহাস সম্পাদনা কৰক

গৌতম বুদ্ধৰ সময়ত লুম্বিনী কপিলাবস্তুৰ পূবে আৰু অলিগাৰ্চিক গণৰাজ্য শাক্যৰ দেৱদাহৰ দক্ষিণ-পশ্চিমে অৱস্থিত আছিল।[10][11] বৌদ্ধ পৰম্পৰা অনুসৰি এই স্থানতে বুদ্ধৰ জন্ম হৈছিল।[12] ১৮৯৬ চনত ৰূপংদেহিত আৱিষ্কাৰ হোৱা প্ৰাচীন ব্ৰাহ্মী লিপিৰ শিলালিপি থকা একক স্তম্ভ লুম্বিনীৰ অশোক স্তম্ভৰ স্থান মৌৰ্য সম্ৰাট অশোকৰ লুম্বিনী ভ্ৰমণৰ স্থান বুলি ধাৰণা কৰা হয়। স্তম্ভটো আৱিষ্কাৰ হোৱাৰ আগতে এই স্থানক লুম্বিনী বুলি জনা হোৱা নাছিল।[13] শিলালিপিৰ অনুবাদত এইদৰে লিখা আছে:

"যেতিয়া ৰজা দেৱনামপ্ৰিয়া প্ৰিয়দৰ্শনৰ বিশ বছৰীয়া অভিষেক হৈছিল, তেতিয়া তেওঁ নিজেই আহি (এই স্থানত) পূজা কৰিছিল কাৰণ ইয়াতেই বুদ্ধ শাক্যমুনিৰ জন্ম হৈছিল। (তেওঁ) দুয়োজনে ঘোঁৰা বহন কৰা শিল বনাইছিল আৰু শিলৰ স্তম্ভ স্থাপন কৰিছিল।" , (দেখাবলৈ) যে ধন্যৰ জন্ম ইয়াতেই হৈছিল। (তেওঁ) লুম্বিনী গাঁওখনক কৰমুক্ত কৰি তুলিছিল, আৰু (মাত্ৰ) অষ্টম অংশ (উৎপাদিত সামগ্ৰীৰ) দিছিল।" [14][15][note 2]

পূৰ্বতে ভাগৱনপুৰাৰ পৰা ২ মাইল (৩.২ কিলোমিটাৰ) উত্তৰে অৱস্থিত এই উদ্যানখন ৰূপংদেহি নামেৰে জনাজাত আছিল। সুত্ত নিপাত (৬৮৩ পদ)ত উল্লেখ আছে যে লুম্বিনেয়্যা জনপদৰ শাক্যসকলৰ এখন গাঁৱত বুদ্ধৰ জন্ম হৈছিল। বুদ্ধই দেৱদাহা ভ্ৰমণৰ সময়ত লুম্বিনীভানাত থাকি তাতেই দেৱদহ সুত্তৰ প্ৰচাৰ কৰিছিল।[18]

অশোক স্তম্ভ সম্পাদনা কৰক

 
অশোকৰ লুম্বিনী স্তম্ভত ৰজা ৰিপুমল্লৰ শিলালিপি, (১৩-১৪ শতিকা):"ওঁ মণি পদ্মে হুম"ৰাজকুমাৰ ৰিপু মল্ল দীৰ্ঘদিন বিজয়ী হওকস[19]

খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আৰম্ভণিতে এজন প্ৰাচীন চীনা সন্ন্যাসী-পৰিব্ৰাজক ফাহিয়েন আৰু সপ্তম শতিকাৰ চীনা সন্ন্যাসী তথা পৰিব্ৰাজক হিউৱেন চাঙৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক বিৱৰণৰ পম খেদি ১৮৯৬ চনত নেপালী সেনাবাহিনীৰ প্ৰাক্তন সেনাপতি জেনেৰেল খড়্গ শ্বমশ্বেৰ জং বাহাদুৰ ৰানা আৰু এলয়ছ এণ্টন ফুৰাৰে ৰূপংদেহিত এটা ডাঙৰ শিলৰ স্তম্ভ আৱিষ্কাৰ কৰে। স্তম্ভটোৰ ব্ৰাহ্মী শিলালিপিৰ পৰা প্ৰমাণ পোৱা যায় যে, মৌৰ্য সাম্ৰাজ্যৰ সম্ৰাট অশোকে খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত এই ঠাইখন ভ্ৰমণ কৰি বুদ্ধৰ জন্মস্থান বুলি চিনাক্ত কৰিছিল।

স্তম্ভটোৰ ওপৰত ৰজা ৰিপুমল্লৰ (১৩-১৪ শতিকা) দ্বিতীয়টো শিলালিপি আছে। ৰজা ৰিপুমল্লক নিগালি সাগৰ স্তম্ভৰ এটা শিলালিপিৰ পৰাও জনা যায়:

"ওঁ মণি পদ্মে হুম" ৰাজকুমাৰ ৰিপুমল্ল দীৰ্ঘদিন বিজয়ী হওক"
—অশোকৰ লুম্বিনী স্তম্ভত ৰজা ৰিপুমল্লৰ শিলালিপি, (১৩-১৪ শতিকা)[19]

বৰ্তমানে লুম্বিনীৰ পৰা প্ৰায় ২২ কিলোমিটাৰ উত্তৰ-পশ্চিমে অশোকৰ দ্বিতীয়টো স্তম্ভ নিগালি সাগৰ স্তম্ভ (শিলালিপি থকা) আৰু ২৪ কিলোমিটাৰ পশ্চিমে তৃতীয়টো স্তম্ভ গতিহাৱা স্তম্ভ (লিপিবিহীন) আৱিষ্কৃত হৈছে।

লুম্বিনী কমপ্লেক্স সম্পাদনা কৰক

লুম্বিনী কমপ্লেক্স লুম্বিনী চহৰৰ এক বিশেষ অঞ্চল। এই অঞ্চলক গৌতম বুদ্ধৰ জন্মস্থান বুলি গণ্য কৰা হয়। এই অঞ্চলৰ দৈৰ্ঘ্য ৪.৮ কিলোমিটাৰ আৰু প্ৰস্থ ১.৬ কিলোমিটাৰ। লুম্বিনীৰ এই পৱিত্ৰ স্থানৰ সীমাত এটা বৃহৎ মঠ অঞ্চল আছে য’ত কেৱল মঠ নিৰ্মাণ কৰিব পাৰি, কোনো দোকান, হোটেল বা ৰেষ্টুৰেণ্ট নিৰ্মাণৰ অনুমতি নাই। ইয়াক পূব আৰু পশ্চিম মঠ অঞ্চলত বিভক্ত কৰা হৈছে। ইয়াৰ পূবে থেৰাবাদী সকলৰ মঠ, পশ্চিমত মহাযান আৰু বজ্ৰয়ান সম্প্ৰদায়ৰ বৌদ্ধ মঠ আছে। পশ্চিম আৰু পূব অঞ্চলক পৃথক কৰা এটা দীঘলীয়া পানীৰে ভৰা খাল আৰু দীঘলে দুয়োফালে ইটাৰ তোৰণৰ শৃংখলাবদ্ধ দলং আছে। লুম্বিনীৰ পৱিত্ৰ স্থানত প্ৰাচীন মঠৰ ধ্বংসাৱশেষ, এজোপা পবিত্ৰ বোধি গছ, এটা প্ৰাচীন গা ধোৱা পুখুৰী, অশোক স্তম্ভ আৰু মায়াদেৱী মন্দিৰ আছে। এই গোটেই স্থান পৰম্পৰাগতভাৱে বুদ্ধৰ জন্মস্থান হিচাপে বিবেচিত হয়। পুৱাৰ পৰা সন্ধিয়ালৈকে বিভিন্ন দেশৰ তীৰ্থযাত্ৰীসকলে এই স্থানত জপ আৰু ধ্যান কৰে।

লুম্বিনী কমপ্লেক্স মূলতঃ তিনিটা অঞ্চলত ভাগ কৰা হৈছে: পৱিত্ৰ উদ্যান, মঠ অঞ্চল আৰু সাংস্কৃতিক কেন্দ্ৰ আৰু নতুন লুম্বিনী গাঁও। এই পৱিত্ৰ উদ্যানখন লুম্বিনী অঞ্চলৰ কেন্দ্ৰবিন্দু। ইয়াত বুদ্ধৰ জন্মস্থান আৰু অন্যান্য প্ৰত্নতাত্বিক আৰু আধ্যাত্মিক গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্ন যেনে: মায়াদেৱী মন্দিৰ, অশোক স্তম্ভ, দাগশিলা, বিভিন্ন ভাস্কৰ্য, পুষ্কৰিণী নামৰ পৱিত্ৰ পুখুৰী আৰু অন্যান্য গাঁথনিগত ধ্বংসাৱশেষেৰে গঠিত বৌদ্ধ স্তুপ আৰু বিহাৰ অৱস্থিত। ১ বৰ্গমাইল এলেকাত বিস্তৃত মঠ মণ্ডল দুটা মণ্ডলত বিভক্ত: বৌদ্ধ ধৰ্মৰ থেৰাবাদ মতবাদক প্ৰতিনিধিত্ব কৰা পূব মঠ মণ্ডল আৰু মহাযান আৰু বৌদ্ধ ধৰ্মৰ বজ্ৰয়ান মতবাদক প্ৰতিনিধিত্ব কৰা পশ্চিম মঠ মণ্ডল। এই মঠ মণ্ডলৰ দুয়োফালে নিজ নিজ মঠৰ লগতে এক দীঘলীয়া পথচাৰীৰ বাবে খোজকাঢ়ি যোৱা পথ আৰু পানীৰে পৰিপূৰ্ণ খাল আছে। মঠৰ স্থানক পৱিত্ৰ তীৰ্থস্থান হিচাপে চিহ্নিত কৰি বহু দেশে নিজৰ অনন্য ঐতিহাসিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ডিজাইনৰে মঠ অঞ্চলত বৌদ্ধ স্তুপ আৰু মঠ স্থাপন কৰিছে। সাংস্কৃতিক কেন্দ্ৰ আৰু নতুন লুম্বিনী গাঁৱত লুম্বিনী সংগ্ৰহালয়, লুম্বিনী আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান, জাপানৰ বিশ্ব শান্তি পগ’ডা, লুম্বিনী বগলী অভয়াৰণ্য আৰু অন্যান্য প্ৰশাসনিক কাৰ্যালয় আছে।[20]

মায়াদেৱী মন্দিৰত খনন সম্পাদনা কৰক

২০১৩ চনত লুম্বিনীৰ মায়াদেৱী মন্দিৰত নতুন খননত দক্ষিণ এছিয়াৰ আটাইতকৈ প্ৰাচীন বৌদ্ধ মন্দিৰৰ শৃংখলাৰ অৱশেষ আৱিষ্কৃত হয়। এই আৱিষ্কাৰে লুম্বিনীৰ ইতিহাস বহু আগৰ কাললৈকে সম্প্ৰসাৰিত কৰে।[21] ৰবিন কানিংহামৰ মতে, লুম্বিনীৰ মায়াদেৱী মন্দিৰত বৰ্তমানৰ ইটাৰ গঠনৰ তলত খনন কৰিলে অশোক যুগত (খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকা) নিৰ্মাণ কৰা ইটাৰ বৌদ্ধ মন্দিৰৰ দেৱালৰ তলত পুৰণি কাঠৰ গঠনৰ প্ৰমাণ পোৱা যায়। অশোকৰ কালত নিৰ্মিত মন্দিৰৰ বিন্যাসে পূৰ্বৰ কাঠৰ গঠন নিবিড়ভাৱে অনুসৰণ কৰে, যাৰ পৰা এই স্থানত পূজাৰ ধাৰাবাহিকতা থকাৰ কথা অনুমান কৰিব পাৰি। প্ৰাক-মৌৰ্য কাঠৰ গঠনটো এটা প্ৰাচীন গছৰ মন্দিৰ যেন লাগে। কাঠৰ পোষ্টহ’লৰ পৰা কাঠকয়লাৰ ৰেডিঅ’কাৰ্বন ডেটিং আৰু মাটিৰ মৌলৰ আলোকীয়ভাৱে উদ্দীপিত লুমিনেচেন্স ডেটিঙৰ পৰা অনুমান কৰিব পাৰি যে মানুহৰ কাৰ্যকলাপ লুম্বিনীত প্ৰায় ১০০০ খ্ৰীষ্টপূৰ্বত আৰম্ভ হৈছিল।[22] কানিংহামে কয় যে, এই স্থান খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ বৌদ্ধ ধৰ্মৰ স্মৃতিসৌধ হ’ব পাৰে। আন আন পণ্ডিতসকলে কয় যে, খননত বৌদ্ধ ধৰ্মৰ কোনো চিহ্ন পোৱা নগ’ল। তেওঁলোকে ধাৰণা কৰে যে, এই ধ্বংসাৱশেষে কেৱল নিশ্চিত কৰে যে, এই স্থান বুদ্ধৰ বহু পূৰ্বৰ।[23][24]

অন্যান্য উন্নয়ন সম্পাদনা কৰক

২০১৩ চনত নেপালৰ কেন্দ্ৰীয় বেংকে বুদ্ধৰ জন্মস্থান লুম্বিনীক লৈ ১০০ টকীয়া নেপালী নোট প্ৰৱৰ্তন কৰিছিল। নেপাল ৰাষ্ট্ৰ বেংকে প্ৰকাশ কৰে যে, ছেপ্টেম্বৰ/অক্টোবৰৰ সময়ত নেপালৰ প্ৰধান উৎসৱ  দঁশেইৰ সময়তহে এই নতুন নোটখন উপলব্ধ হ’ব। ইয়াৰ সন্মুখৰ ফালে ৰূপালী ধাতুৰ ৰঙেৰে গৌতম বুদ্ধৰ মাতৃ মায়াদেৱীৰ প্ৰতিকৃতি প্ৰদৰ্শিত হৈছে। ইয়াত ক’লা বিন্দু এটাও আছে যি অন্ধসকলক নোটখনক চিনি পোৱাত সহায় কৰে। খ্ৰীষ্টাব্দ আৰু বিক্ৰম সংবৎ দুয়োটাতে ছপা হোৱা তাৰিখৰ লগতে নোটখনত কেন্দ্ৰীয় বেংকৰ নাম লেটিন লিপিত ছপা কৰা হ’ব। ২৭ আগষ্টত কেবিনেটৰ সিদ্ধান্তৰ পিছত এই নতুন নোটখন জাৰি কৰা হৈছে।[25]

 
বিশ্ব শান্তি পগ’ডা

জাপান বুদ্ধ সংঘ বা নিপ্পনজান ম্যোহোজীয়ে ২০০১ চনত পৱিত্ৰ উদ্যানখনত শান্তি পগ’ডা নিৰ্মাণৰ সিদ্ধান্ত লয়। ইয়ালৈ প্ৰতিদিনে বহুতো ভিন্ন সংস্কৃতি আৰু ধৰ্মৰ লোক আহে। যিহেতু একাংশ হিন্দুৱে বুদ্ধক বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰে, সেয়েহে নেপালী মাহৰ বৈশাখৰ পূৰ্ণিমা (এপ্ৰিল–মে’)ত হাজাৰ হাজাৰ হিন্দুৱে লুম্বিনীৰ মাতৃদেৱী ৰূপা দেৱী ৰূপে ৰাণী মায়াদেৱীক পূজা কৰিবলৈ ইয়ালৈ তীৰ্থযাত্ৰা কৰি আহিবলৈ আৰম্ভ কৰিছে। ১৯৯৭ চনত ইউনেস্ক’ই লুম্বিনীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰে।[1][2]

ইয়াত সমৃদ্ধি ফাউণ্ডেশ্যন নামৰ এটা বেচৰকাৰী সংস্থাই ২০১৩ চনৰপৰা শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ অসুবিধাগ্ৰস্ত শিশুৱে অধ্যয়ন কৰা অঞ্চলৰ চৰকাৰী বিদ্যালয়ত কাম আৰম্ভ কৰিছে। এছিয়া পেচিফিক এক্সচেঞ্জ এণ্ড ক’ৰ্পৰেচন (এপিইচিএফ) নামৰ এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা সমৰ্থিত ইউনিফাইড কমিউনিষ্ট পাৰ্টি অৱ নেপাল (মাওবাদী) আৰু তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰচণ্ড, চীন চৰকাৰ আৰু ৰাষ্ট্ৰসংঘইউনাইটেড নেচনছ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেচন (ইউনিডো) নামৰ এটা গোটে লুম্বিনীত বিশেষ উন্নয়ন অঞ্চল গঢ়িবলৈ ৩ বিলিয়ন ডলাৰ ধন বিনিয়োগ কৰে।[26] এয়া চীন-ৰাষ্ট্ৰসংঘৰ যৌথ প্ৰকল্প। ২০১১ চনৰ ১৭ অক্টোবৰত পুষ্প কমল দাহালৰ নেতৃত্বত ‘লুম্বিনী উন্নয়ন ৰাষ্ট্ৰীয় সঞ্চালক সমিতি’ গঠন কৰা হয়।[27] ছয়জনীয়া কমিটীখনত নেপাল কমিউনিষ্ট পাৰ্টি (ইউনিফাইড মাৰ্ক্সবাদী-লেনিনবাদী) নেতা মংগল সিদ্ধি মানন্ধৰ, নেপালী কংগ্ৰেছ নেতা মিনেন্দ্ৰ ৰিজাল, বনমন্ত্ৰী মহম্মদ ৱাকিল মুছলমানকে ধৰি অন্যান্য নেতাসকলো আছিল। কমিটীক লুম্বিনীক শান্তিপূৰ্ণ আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এক গুৰু পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰি প্ৰস্তাৱটো দাখিল কৰাৰ কৰ্তৃত্ব দিয়া হৈছিল আৰু ইয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগ সংগ্ৰহ কৰাৰ দায়িত্ব দিয়া হৈছিল।[27]

পৰ্যটন সম্পাদনা কৰক

নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা লুম্বিনীলৈ ১০ ঘণ্টাৰ বাট আৰু ভৈৰহাৱাৰ পৰা ৩০ মিনিটৰ বাট। নিকটতম বিমানবন্দৰ হৈছে ভৈৰহাৱাৰ গৌতম বুদ্ধ বিমানবন্দৰ। কাঠমাণ্ডুলৈ ইয়াৰ পৰা বিমান সেৱা আছে।[28] মহাৰাজগঞ্জ জিলাৰ ভাৰতৰ সীমান্তৱৰ্তী চহৰ সোণৌলি লুম্বিনীৰ পৰা ১ ঘণ্টাৰ বাট আৰু ভাৰতৰ নৌতনৱা ৰেলৱে ষ্টেচন মাত্ৰ কেইকিলোমিটাৰমান দূৰত্বত অৱস্থিত। নিকটতম ডাঙৰ চহৰ হৈছে ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাৰতৰ গোৰখপুৰ।

লুম্বিনীৰ নিকটতম বিমানবন্দৰ ভৈৰহাৱাৰ গৌতম বুদ্ধ বিমানবন্দৰৰ বৰ্তমান সম্প্ৰসাৰণৰ কাম চলি আছে। এই সৰু ঘৰুৱা বিমানবন্দৰটো অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। কাম শেষ কৰিবলৈ শেহতীয়াকৈ ২০১৯ চনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। পৰ্যটনৰ সম্ভাৱনাৰ বাবে লুম্বিনী আৰু ইয়াৰ আশে-পাশে ধাৰাবাহিকভাৱে নতুন হোটেল নিৰ্মাণ কৰা হৈছে।[29] ২০১৯ চনত সমগ্ৰ বিশ্বৰ পৰা লুম্বিনীলৈ প্ৰায় ১৫ লাখ দৰ্শনাৰ্থী আহিছিল।[30]

উল্লেখযোগ্য পৰ্যটনস্থলী সম্পাদনা কৰক

  • মায়াদেৱী মন্দিৰ
  • বিশ্ব শান্তি পগ’ডা
  • লুম্বিনীৰ অশোক স্তম্ভ
  • লুম্বিনী সাৰস অভয়াৰণ্য[31]

চিত্ৰমালা সম্পাদনা কৰক

টোকা সম্পাদনা কৰক

  1. Buddhist scriptures and travel accounts of Chinese monks, Faxian and Xuanzang, describe relative location of cities Lumbini, Sravasti, Kapilavastu and Rajgir. Based on these data, recent work [9] has used geometrical methods to pin-point the location of Lumbini. The results indicate that Kapilavastu and Lumbini were located to the south of Rajgir. Out of two historical Kosala's, South Koshala was located to the south of Rajgir. The results reject North Kosala as Gautama Buddha's native country.
  2. Several alternative translations have been published.[16][17]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Centre, UNESCO World Heritage. "World Heritage Committee Inscribes 46 New Sites on World Heritage List". UNESCO World Heritage Centre. https://whc.unesco.org/en/news/180/. 
  2. 2.0 2.1 2.2 "Lumbini, the Birthplace of the Lord Buddha". UNESCO. https://whc.unesco.org/en/list/666। আহৰণ কৰা হৈছে: 1 March 2011. 
  3. Cousins, LS (1996). "The Dating of the Historical Buddha: A Review Article". Journal of the Royal Asiatic Society খণ্ড 6 (1): 57–63. doi:10.1017/s1356186300014760. http://indology.info/papers/cousins/. 
  4. Schumann, Hans Wolfgang (2003). The Historical Buddha: The Times, Life, and Teachings of the Founder of Buddhism. Motilal Banarsidass Press. পৃষ্ঠা. 10–13. ISBN 8120818172. 
  5. "Lumbini, the Birthplace of the Lord Buddha – UNESCO World Heritage Centre". Whc.unesco.org. https://whc.unesco.org/en/list/666/। আহৰণ কৰা হৈছে: 19 August 2013. 
  6. "Gautama Buddha (B.C. 623-543)" by T.W. Rhys-Davids, The World's Great Events, B.C. 4004-A.D. 70 (1908) by Esther Singleton, pp. 124–35. 
  7. "The Buddha (BC 623-BC 543) – Religion and spirituality Article – Buddha, Bc, 623". Booksie. 8 July 2012. http://www.booksie.com/religion_and_spirituality/article/myoma_myint_kywe/the-buddha-%28bc-623bc-543%29। আহৰণ কৰা হৈছে: 19 August 2013. 
  8. "Bangladesh to construct Buddhist Monastery in Nepal's Lumbini". The Business Standard. 2021-10-08. https://www.tbsnews.net/bangladesh/bangladesh-construct-buddhist-monastery-nepals-lumbini-313219। আহৰণ কৰা হৈছে: 2022-11-14. 
  9. Mishra, Ramakanta (December 2021). "Location of Kapilavastu: Resolving Contradictory Descriptions found in Buddhist Scriptures". Journal of the U.S. Sangha for Buddhist Studies খণ্ড 02 (2): 64–76. ISSN 2692-7357. https://www.jbspress.com/publications-1-issue. 
  10. "Ramagrama-Devadaha | Lumbini Development Trust". Lumbini Development Trustlumbini.planetwebnepal.com. 2013. Archived from the original on 2016-05-24. https://web.archive.org/web/20160524210803/http://lumbini.planetwebnepal.com/?page_id=475। আহৰণ কৰা হৈছে: 2016-09-29. 
  11. Violatti, Cristian (12 December 2013). "Kapilavastu". World History Encyclopedia. https://www.worldhistory.org/Kapilavastu/। আহৰণ কৰা হৈছে: 29 September 2016. 
  12. J.i.52, 54; Kvu.97, 559; AA.i.10; MA.ii.924; BuA.227; Cv.li.10, etc.
  13. Sen, Dr. A. C. (2008). Buddhist shrines in India. প্ৰকাশক Kolkota: Maha Bodhi Book Agency. পৃষ্ঠা. 24. ISBN 978-81-87032-78-6. 
  14. See Mukerji: Asoka, p. 27; see p. 201f for details
  15. Paranavitana, S. (Apr. - Jun., 1962). Rupandehi Pillar Inscription of Asoka, Journal of the American Oriental Society, 82 (2), 163-167
  16. Weise, Kai (2013), The Sacred Garden of Lumbini – Perceptions of Buddha's Birthplace, প্ৰকাশক Paris: UNESCO, pp. 47–48, http://unesdoc.unesco.org/images/0022/002239/223986E.pdf 
  17. Hultzsch, E. /1925). Inscriptions of Asoka. Oxford: Clarendon Press, pp. 164-165
  18. MA.ii.810
  19. 19.0 19.1 Le Huu Phuoc, Buddhist Architecture, p.269
  20. "Lumbini Development Trust- Birthplace of Buddha, Historical Place of Nepal, The World Heritage SiteLumbini Development Trust". lumbinidevtrust.gov.np. http://lumbinidevtrust.gov.np/en/lumbini/content/19। আহৰণ কৰা হৈছে: 2022-01-28. 
  21. Centre, UNESCO World Heritage. "Earliest Buddhist shrines in South Asia discovered in Lumbini, Buddha’s birthplace in Nepal" (en ভাষাত). UNESCO World Heritage Centre. https://whc.unesco.org/en/news/1053/। আহৰণ কৰা হৈছে: 2023-06-30. 
  22. Coningham, RAE; Acharya, KP; Strickland, KM; Davis, CE; Manuel, MJ; Simpson, IA; Gilliland, K; Tremblay, J et al. (2013). "The earliest Buddhist shrine: excavating the birthplace of the Buddha, Lumbini (Nepal)". Antiquity খণ্ড 87 (338): 1104–23. doi:10.1017/s0003598x00049899. 
  23. Richard Gombrich (2013), Pseudo-discoveries at Lumbini, Oxford Center for Buddhist Studies, Oxford University
  24. Fogelin, Lars (2 March 2015). An Archaeological History of Indian Buddhism. Oxford University Press. ISBN 978-0-19-994822-2. https://books.google.com/books?id=tRV0BgAAQBAJ. 
  25. "Buddha's birthplace in Nepal's 100-rupee note – Indistan News – National, Political and States News". Archived from the original on 2 December 2013. https://web.archive.org/web/20131202224201/http://www.indistannews.com/buddhas-birthplace-in-nepals-100-rupee-note/. 
  26. "Programs/Projects >> UNIDO IP Projects >> Introduction". UNIDOitpo.org. Archived from the original on 11 July 2018. https://web.archive.org/web/20180711121322/http://www.unidoitpo.org.cn/EnAboutus.asp?id=39। আহৰণ কৰা হৈছে: 15 July 2011. 
  27. 27.0 27.1 "Lumbini Development Committee formed under Dahal's leadership". ekantipur. Archived from the original on 21 December 2011. https://web.archive.org/web/20111221070828/http://www.ekantipur.com/2011/10/17/top-story/lumbini-development-committee-formed-under-dahals-leadership/342357.html। আহৰণ কৰা হৈছে: 17 October 2011. 
  28. "Lumbini". Welcome Nepal. Archived from the original on 17 August 2013. https://web.archive.org/web/20130817184319/http://welcomenepal.com/promotional/tourist-destination/lumbini/। আহৰণ কৰা হৈছে: 19 August 2013. 
  29. "Airport construction triggers hotel boom in Rupandehi" (en ভাষাত). http://kathmandupost.ekantipur.com/news/2018-04-12/airport-construction-triggers-hotel-boom-in-rupandehi.html. 
  30. Sansar, Nepali (2020-01-06). "Lumbini Tourist Arrivals Reach 1.5 Million in 2019" (en-US ভাষাত). Nepali Sansar. https://www.nepalisansar.com/tourism/lumbini-tourist-arrivals-reach-1-5-million-in-2019/। আহৰণ কৰা হৈছে: 2022-01-28. 
  31. "Things to do in Lumbini - birthplace of Buddha | Buddha Statues". www.buddha-statues.info. https://www.buddha-statues.info/. 

প্ৰসংগ পুথি সম্পাদনা কৰক

বাহ্যিক উৎস সম্পাদনা কৰক