মূল মেনু খোলক

কোনো জড় প্ৰসংগ প্ৰণালী (Inertial Frame of Reference) সাপেক্ষে সংঘটিত কোনো ঘটনাৰ স্থান, কাল ইত্যাদি জোখমাখৰ বাবে মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে ১৯০৫ চনত তেখেতৰ বিখ্যাত গৱেষণা পত্ৰ “On the Electrodynamics of Moving Bodies” ত প্ৰস্তাৱ কৰা পদাৰ্থ বিজ্ঞানৰ সূত্ৰকে আপেক্ষিকতাবাদৰ বিশেষ সূত্ৰ বা বিশেষ আপেক্ষিকতাবাদ বুলি জনা যায়।

স্বীকাৰ্যসমূহসম্পাদনা কৰক

আপেক্ষিকতাবাদৰ বিশেষ সূত্ৰ দুটা মূল স্বীকাৰ্যৰ ওপৰত প্ৰতিষ্ঠিত। এ‌ই স্বীকাৰ্য দুটা হ'ল-

(১) সকলো জড় প্ৰসংগ প্ৰণালীৰ কাৰণে পদাৰ্থ বিজ্ঞানৰ সূত্ৰবোৰ একে‌ই হয়। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ কাৰণে এটা নিৰ্দিষ্ট প্ৰসংগ প্ৰণালীৰ অস্তিত্ব নথকাৰ ভিত্তিত এ‌ই স্বীকাৰ্যটো প্ৰতিষ্ঠিত।

(২) সকলো জড় প্ৰসংগ প্ৰণালীৰ কাৰণে শূণ্য মাধ্যমত পোহৰৰ বেগ সদায় ধ্ৰুৱক হয়। এ‌ই বেগৰ মান হ’ল ২.৯৯৮x১০ মিটাৰ/ছেকেণ্ড। কোনো গতিশীল বস্তুৰ বেগ এ‌ই বেগৰ মানতকৈ সদায় কম হয়।

ভৰ-শক্তিৰ সমতুল্যতাসম্পাদনা কৰক

ভৰ-শক্তিৰ সমতুল্যতাক বিশেষ আপেক্ষিকতাবাদ তত্বৰ এক ফলশ্ৰুতি বুলিও ক’ব পাৰি। ইটো সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সহজ ভাষাত ক'বলৈ গ'লে এই সূত্ৰক এনে ধৰণে ব্যাখ্যা কৰিব পাৰি: ভৰ আৰু শক্তি একেই, মাথোন এটা আনটোৰ আন এক ৰূপহে। গাণিতিকভাবে ইয়াক এনেদৰে লিখা হয়

E = mc2

ইয়াত E হ'ল শক্তি, m ভৰ আৰু c পোহৰৰ বেগ

স্থানাংকসমূহসম্পাদনা কৰক

গেলিলিওৰ আপেক্ষিকতাবাদ তত্ত্বত স্থানাংক অৰ্থাৎ পৰিসৰ তিনিটাহে। দীঘ (x), প্ৰস্থ (y) আৰু উচ্চতা (z)। কিন্তু বিশেষ আপেক্ষিকতাবাদ তত্ত্বত স্থানাংক চাৰিটা - চতুৰ্থ স্থানাংকটো হ'ল সময় (t)। গতিকে কোনো এটা কণাৰ অৱস্থান বুজাবলৈ এই চাৰিওটা স্থানাংকৰেই প্ৰয়োজন আৰু চাৰিওটা ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল। গেলিলিওৰ আপেক্ষিকতাবাদ তত্ত্বত সময়ক এটা স্থানাংক বুলি ধৰা হোৱা নাছিল – ইয়াক এক ধ্ৰুৱক বুলিহে ধৰা হৈছিল।

দৈৰ্ঘ্য, সময় আৰু ভৰৰ পাৰস্পৰিক নিৰ্ভৰশীলতা:

যদিহে এটা স্থিত প্ৰসংগ প্ৰণালীত স্থানাংকসূহ x, y, z, t আৰু গতিশীল প্ৰসংগ প্ৰণালীত x', y', z', t' হয় তেন্তে

 

য’ত

 

হ'ল 'লৰেঞ্জ ৰাশি' আৰু c পোহৰৰ বেগ ।

তথ্যসূত্ৰসম্পাদনা কৰক