বুদ্ধিজীৱী
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
বুদ্ধিজীৱী হৈছে এনে এজন ব্যক্তি যি সমাজৰ বাস্তৱতাৰ বিষয়ে গভীৰ চিন্তা, গৱেষণা আৰু পৰ্যালোচনা কৰে আৰু তাৰ নীতিগত সমস্যাসমূহৰ সমাধান প্ৰস্তাৱ কৰে।[1][2] এজন বুদ্ধিজীৱীয়ে সংস্কৃতিৰ জগতৰ পৰা আহি, সৃজনশীল স্ৰষ্টা বা মধ্যস্থতাকাৰী ৰূপে, কোনো নিৰ্দিষ্ট বিষয়ৰ সমৰ্থনত নাইবা অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ৰাজনীতিত যোগদান কৰে। সাধাৰণতে, তেওঁ কোনো মতবাদ প্ৰত্যাখ্যান, সৃষ্টি বা সম্প্ৰসাৰণৰ মাধ্যমত অথবা কোনো এক মূল্যবোধ- ব্যৱস্থাক সমৰ্থন কৰি এই ভূমিকাসমূহ পালন কৰে।[3]
সংজ্ঞা
সম্পাদনা কৰকবুদ্ধিজীৱী হ'ল একধৰণৰ বুদ্ধিমান ব্যক্তি যি যুক্তি আৰু বিশ্লেষণাত্মক চিন্তা ব্যৱহাৰ কৰে। বুদ্ধিবৃত্তি বুলি কওঁতে কোনো ব্যক্তিৰ নিজস্ব কৰ্ম, শিক্ষা, জীৱনৰ প্ৰতিফলন কিংবা দৰ্শনবোধৰ মাধ্যমত সমাজক প্ৰভাৱান্বিত কৰাৰ চিন্তাধাৰাক বুজোৱা হয়। এই ধৰণৰ চিন্তাধাৰাত প্ৰশ্ন আৰু উত্তৰৰ যথাৰ্থতাৰ মাধ্যমত বৈশ্বিক মানদণ্ডত বিচিত্ৰমুখী ভাবধাৰাৰ বহিৰ্প্ৰকাশ ঘটি থাকে। তেওঁলোকে প্ৰধানকৈ বুদ্ধিক উপজীব্য কৰি পেছাদাৰিত্ব অথবা ব্যক্তি উদ্যোগক কামত লগায়। অৰ্থাৎ, সমাজ আৰু সংস্কৃতি সচেতন আৰু জ্ঞান-বিজ্ঞানত দক্ষ সুশিক্ষিত মানুহ হিচাপে স্বকীয় বুদ্ধিৰ বলত বা বৌদ্ধিক কামেৰে তেওঁলোকে জীৱন-জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকে জ্ঞান বা বুদ্ধিকৌশলৰ যথাযথ প্ৰয়োগৰ মাধ্যমত কাম সম্পাদন কৰে। সাধাৰণতঃ লেখক, শিক্ষাবিদ, সাংবাদিক, শিল্পবোদ্ধা ব্যক্তিত্ব বুদ্ধিজীৱীৰ ভূমিকাত অৱতীৰ্ণ হয়। তেওঁলোকৰ ধ্যান-ধাৰণা অথবা সমালোচনাধৰ্মী চিন্তা-চেতনাৰ যথাৰ্থ প্ৰতিফলন বিভিন্ন গণমাধ্যমত প্ৰকাশ কৰি থাকে। বেছিভাগ দাৰ্শনিক বুদ্ধিজীৱী হিচাপে আখ্যায়িত, তাৰ লগতে শিল্পকলা, বিজ্ঞান, সাহিত্য, বাণিজ্য, সমাজকল্যাণ সহ বিভিন্ন শ্ৰেণীৰ পৰা অহা ব্যক্তি বুদ্ধিজীৱী হিচাপে আখ্যায়িত হ'ব পাৰে।
সমাজবিজ্ঞানী ফ্ৰেংক ফুৰেডিয়ে কৈছিল, "বুদ্ধিজীৱীৰ সংজ্ঞা তেওঁলোকৰ বৃত্তিৰ আধাৰত নহয়, বৰঞ্চ তেওঁলোকে কিদৰে আচৰণ কৰে, নিজৰ অৱস্থান কিদৰে চায় আৰু কেনে সামাজিক আৰু ৰাজনৈতিক মূল্যবোধ সমৰ্থন কৰে, তাৰ আধাৰত হয়।"
থমাছ চোৱেলে ব্যক্তি, ব্যক্তিত্ব আৰু পেছাৰ বৰ্ণনা দি বুদ্ধিজীৱীৰ তিনিটা বৈশিষ্ট্য চিনাক্ত কৰিছিল:
শিক্ষিত: তত্ত্ব বিকাশৰ বাবে গভীৰ জ্ঞানসম্পন্ন।
উৎপাদক: দৰ্শন, সাহিত্য সমালোচনা, সমাজবিজ্ঞান, আইন, চিকিৎসা, বিজ্ঞান আদি ক্ষেত্ৰত সাংস্কৃতিক পুঁজিৰ সৃষ্টি কৰে।
শিল্পীমনস্ক: সাহিত্য, সংগীত, চিত্ৰ, ভাস্কৰ্য আদিত কলাৰ সৃষ্টি কৰে।[4]
ব্যুৎপত্তিগত পটভূমি
সম্পাদনা কৰক" মেন অব লেটাৰচ"
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ The New Fontana dictionary of Modern Thought Third Edition, A. Bullock & S. Trombley, Eds. (1999) p. 433.
- ↑ Jennings, Jeremy and Kemp-Welch, Tony. "The Century of the Intellectual: From Dreyfus to Salman Rushdie", Intellectuals in Politics, Routledge: New York (1997) p. 1.
- ↑ Ory, Pascal and Sirinelli, Jean-François. Les Intellectuels en France. De l’affaire Dreyfus à nos jours (The Intellectuals in France: From the Dreyfus Affair to Our Days), Paris: Armand Colin, 2002, p. 10.
- ↑ Sowell, Thomas (1980). Knowledge and Decisions. Basic Books.