বেঞ্জামিন ফ্ৰেংকলিন (গ্ৰন্থ)

হোমেন বৰগোহাঞি ৰচিত গ্ৰন্থ

বেঞ্জামিন ফ্ৰেংকলিন (ইংৰাজী: Benjamin Frenklin) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। প্ৰথমবাৰ ১৯৯৬ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে সত্যজিৎ ভূঞালৈ আগবঢ়াইছে।[1]

বেঞ্জামিন ফ্ৰেংকলিন  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী মুকুল বৰুৱা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক, নৈতিক, সামাজিক, জীৱনী
প্ৰকাৰ গদ্য
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ জানুৱাৰী, ১৯৯৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১০৪
আই.এচ.বি.এন. 987-81-7665-545-3

বিৱৰণ সম্পাদনা কৰক

কিতাপখনত ১৭টা প্ৰবন্ধত বেঞ্জামিন ফ্ৰেংকলিনৰ জীৱন চৰিত্ৰ অংকন কৰিছে। প্ৰবন্ধকেইটা হ'ল, 'মুখবন্ধ','জন্ম আৰু ল'ৰাকাল','বেঞ্জামিনৰ আত্ম-শিক্ষাৰ আৰম্ভণি','সাংবাদিক বেঞ্জামিন','বষ্টনৰ পৰা ফিলাডেল্‌ফিয়ালৈ','ফিলাডেল্‌ফিয়াত বেঞ্জামিন','বেঞ্জামিনৰ বহুমুখী সাধনা','বেচেৰা ৰিচাৰ্ডৰ বৰ্ষপঞ্জী','বেঞ্জামিনৰ কৰ্মময় জীৱন','বৈজ্ঞানিক আৰু আৱিষ্কাৰক বেঞ্জামিন','আমেৰিকাৰ স্বাধীনতা','আমেৰিকাৰ স্বাধীনতা-যুদ্ধত বেঞ্জামিন ফ্ৰেংকলিনৰ ভূমিকা','বেঞ্জামিন ফ্ৰেংকলিনৰ আমেৰিকালৈ প্ৰত্যাৱৰ্তন আৰু মৃত্যু','বেঞ্জামিন ফ্ৰেংকলিনৰ সুবচনী','বেঞ্জামিন ফ্ৰেংকলিনৰ আত্ম-জীৱনীৰ এছোৱা','বেঞ্জামিন ফ্ৰেংকলিন আৰু তেওঁৰ বাত-বিষ' আৰু 'অসমীয়া ভাষাত বেঞ্জামিন ফ্ৰেংকলিন'।[1]

লেখকৰ চমু পৰিচয় সম্পাদনা কৰক

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস সম্পাদনা কৰক

  1. 1.0 1.1 হোমেন বৰগোহাঞি (জানুৱাৰী,১৯৯৬). বেঞ্জামিন ফ্ৰেংকলিন. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক সম্পাদনা কৰক