বৰুণী বা বাৰুণী (সংস্কৃত: वारुणी) হৈছে জল দেৱতা বৰুণৰ সৈতে সম্পৰ্কিত একাধিক দেৱীৰ নাম। এই অভিধাটোৱে তিনিগৰাকী দেৱীক বুজায় - বৰুণ দেৱৰ পত্নী, তেওঁৰ জীয়ৰী আৰু এগৰাকী মাতৃকা (শক্তি)। কেতিয়াবা, তিনিওগৰাকী দেৱীক এগৰাকী দেৱীৰ ৰূপত একত্ৰিত কৰা হয়। প্ৰচলিত কিংবদন্তি অনুসৰি অসুৰ আৰু দেৱতাগণে সমুদ্ৰ মন্থন কৰাৰ সময়ত এইগৰাকী দেৱীৰ আবিৰ্ভাৱ হৈছিল আৰু বৰুণ দেৱে তেওঁক তেওঁৰ সহধৰ্মিনী হিচাপে বাছনি কৰিছিল।[1] দেৱী বৰুণীক লক্ষ্মীদেৱীৰ অৱতাৰ বুলিও কোৱা হয়। তেওঁৰ বসতি সমুদ্ৰ তলৰ বৰুণলোকত। দেৱী বৰুণী আৰাধনাৰ সময়ত ওঁ মাতা বৰুণীয়ে নমঃ মন্ত্ৰোচ্চাৰণ কৰা হয়। বৰুণী মদ বা সোম ৰসৰ দেৱী হোৱা বাবে তেওঁক মদিৰা নামেৰেও জনা যায়।

দাম্পত্য সংগী বৰুণদেৱৰ সৈতে বৰুণীৰ (বাওঁফালে) এটি ভাস্কৰ্য।
বৰুণীৰ ১৩ শতিকাৰ এটি ভাস্কৰ্য

বৰুণ পত্নীসম্পাদনা কৰক

প্ৰথম গৰাকী বৰুণীক বৰুণানী আৰু জলদেৱী বুলিও জনা যায়। তেওঁ জল, বৰষুণ, সাগৰ আদিৰ দেৱতা বৰুণৰ সহধৰ্মিনী আৰু প্ৰায়ে তেওঁৰ স্বামীৰ সৈতে চিত্ৰিত হয়।[2]

বৰুণ দুহিতাসম্পাদনা কৰক

বৰুণী নামেৰ দ্বিতীয় গৰাকী দেৱী হৈছে বৰুণৰ জীয়ৰী। তেওঁক সুৰাৰ দেৱী বুলি জনা যায়। যিহেতু বৰুণ সমুদ্ৰৰো দেৱতা সেয়ে সমুদ্ৰ মন্থনৰ ফলত আৱিৰ্ভাৱ হোৱা হেতু এই গৰাকী দেৱীক বৰুণ দেৱৰ কন্যা বুলি জনা যায়।[3] ভাগৱত পুৰাণত বৰ্ণিত কাহিনী অনুসৰি, সমুদ্ৰ মন্থনৰ পৰা ওলোৱা বৰুণীক অসুৰ গণে লৈ গৈছিল। কিন্তু ৰামায়ণৰ বাল কাণ্ডত বৰ্ণনা কৰা অনুসৰি বৰুণীয়ে দেৱতা সকলক বাছনি কৰিছিল।

মাতৃকা স্বৰূপেসম্পাদনা কৰক

বৰুণীৰ তৃতীয় দেৱী স্বৰূপটি মৎস্য পুৰাণত বৰ্ণিত এগৰাকী মাতৃকা[4] তেওঁ প্ৰথম গৰাকী বৰুণী আৰু বৰুণ দেৱৰ ঐশ্বৰিক শক্তিৰ প্ৰকাশ। কাহিনী অনুসৰি, ৰাক্ষস অন্ধাকাৰ তেজ পান কৰিবলৈ এইগৰাকী দেৱীৰ সৃষ্টি হৈছিল। তেওঁক চৌষষ্ঠী যোগীনীৰ ভিতৰত এগৰাকী বুলি কোৱা হয়।

বেদ বৰ্ণনাসম্পাদনা কৰক

অথৰ্ববেদ অনুসৰি (৬.৪২.২ আৰু ৬.৪৬.১.২) বৰুণানী হৈছে অৰুৰুৰ (সপোন) মাতৃ আৰু যম তেওঁৰ পিতৃ। পুৰাণসমূহৰ বৰ্ণনা অনুসৰি বৰুণীয়ে এডাল পাশ ধাৰণ কৰে যদিও তেওঁ যমৰ পত্নী নহয়। ইয়াৰ পৰিৱৰ্তে তেওঁ বৰুণৰহে সহধৰ্মিণী। বেদৰ আখ্যান অনুসৰি বৰুণক নিজ স্থানৰ পৰা অৱনমিত কৰা হৈছিল আৰু ইন্দ্ৰৰ অভ্যুত্থান ঘটিছিল। তেওঁক নিম্ন লোকলৈ স্থানান্তৰিত কৰা হৈছিল আৰু যমৰ সৈতে একত্ৰিত কৰা হৈছিল। ঋকবেদত (১.২২.১২) ইন্দ্ৰাণী, বৰুণানী আৰু আগ্নেয়ীক "নায়কৰ পত্নী" বুলি কোৱা হয় আৰু তেওঁলোকৰ "পূৰ্ণ ডেউকা" বিদ্যমান। ঋকবেদত তেওঁক মায়া বুলিও কোৱা হৈছে। অথৰ্ববেদত নৃতিক বৰুণানী বুলি কোৱা হয়। নৃতি হৈছে ঋতৰ বিপৰীত (ঋকবেদ ১০.৯৯)।

পুৰাণ বৰ্ণনাসম্পাদনা কৰক

পুৰাণৰ বৰ্ণনা অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত বৰুণানী সমুদ্ৰগৰ্ভৰ পৰা নিৰ্গত হয়। বৰুণৰ সন্মানাৰ্থে চ'ত মাহৰ শুক্লপক্ষৰ ১৩ তাৰিখে বৰুণানীৰ প্ৰতি উৎসৰ্গিত এক উৎসৱৰ আয়োজন কৰা হয়। সেই দিনটো শনিবাৰ হ'লে ইয়াক অধিক শুভ বুলি গণ্য কৰি এই পক্ষক মহা-বৰুণী বুলি কোৱা হয়। দেৱী তিৰাংগিনী হৈছে নদীৰ অধিষ্ঠাত্ৰী দেৱী আনহাতে সমুদ্ৰদেৱ হৈছে মহাসমুদ্ৰৰ দেৱতা তথা তৰঙ্গিনীৰ স্বামী। তেওঁলোকৰ জীয়ৰী দেৱী লক্ষ্মীক বৰুণানী বুলি কোৱা হয়। সেয়ে সমুদ্ৰ মন্থনৰ সময়ত তেওঁ সমুদ্ৰগৰ্ভৰ পৰা আবিৰ্ভাৱ হৈছিল।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. Dalal, Roshen (2014-04-18) (en ভাষাত). Hinduism: An Alphabetical Guide. Penguin UK. ISBN 978-81-8475-277-9. https://books.google.com/books?id=zrk0AwAAQBAJ&q=Varuni. 
  2. Puranic Encyclopedia: a comprehensive dictionary with special reference to the epic and Puranic literature, Vettam Mani, Motilal Banarsidass, Delhi, 1975, p. 833.
  3. Mani, Vettam (1975). Puranic encyclopaedia : a comprehensive dictionary with special reference to the epic and Puranic literature. Robarts - University of Toronto. Delhi : Motilal Banarsidass. http://archive.org/details/puranicencyclopa00maniuoft. 
  4. Rajeswari, D. R. (1989) (en ভাষাত). Sakti Iconography. Intellectual Publishing House. ISBN 978-81-7076-015-3. https://books.google.com/books?id=wK-fAAAAMAAJ&q=Varuni+matrika.