ভাগ্য (ইংৰাজী: Bhagya) প্ৰথম অসমীয়া ডাবিং চলচ্চিত্ৰ। ১৯৬৭ত মুক্তি পোৱা ৰাজশ্ৰী প্ৰডাকচনৰ জনপ্ৰিয় হিন্দী ছবি তকদীৰক সাতটা ভাষাত ডাবিং কৰা হৈছিল।[1] ভাগ্য শিৰোনামেৰ কৰা তকদীৰৰ অসমীয়া ডাবিং ১৯৬৮ চনৰ ১২ এপ্ৰিলত গুৱাহাটীৰ মেঘদূত চিত্ৰগৃহত মুক্তি পায়।ছবিখনৰ ডাবিঙত অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি কুলদা ভট্টাচাৰ্য, পুলক গগৈ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, প্ৰফুল্ল বৰুৱা আদি জড়িত আছিল। আনন্দ বক্সীয়ে ৰচনা কৰা তকদীৰৰ গীতবোৰ ভুপেন হাজৰিকাই অসমীয়ালৈ ভাষান্তৰ কৰিছে।[2]

ভাগ্য

ভাগ্যৰ এটা দৃশ্য
পৰিচালক এ. চালাম
প্ৰযোজক তাৰাচান্দ বৰজাত্য
অভিনয়ত ভাৰত ভূষণ
শালিনী
কমল কাপুৰ
সংগীত পৰিচালক লক্ষ্মীকান্ত প্যাৰেলাল
মুক্তি
১২ এপ্ৰিল ১৯৬৮
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

প্ৰেক্ষাপট সম্পাদনা কৰক

১৯৬৬ চনত নিৰমন (Nirmon) নামৰ কোংকণী ভাষাৰ ছবি এখন মুক্তি পাইছিল। নিৰমন শব্দৰ অৰ্থ হ’ল ভাগ্য। এই ছবিখনৰ অনুপ্ৰেৰণা আছিল ইংৰাজ কবি লৰ্ড টেনিচনৰ Enoch Arden নামৰ এটা বৰ্ণনামূলক কবিতা। প্ৰভূত জনপ্ৰিয়তা লাভ কৰা নিৰমন ছবিখনে ১৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মাৰাঠী শিতানত চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।[3]

১৯৬৭ চনত ৰাজশ্ৰী প্ৰডাকচনে এই ছবিখনকে তকদীৰ নামেৰে পুনৰ্নিমাণ কৰে। তকদীৰে শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।[4] নিৰমনৰ পৰিচালক এ. চালামেই তকদীৰ পৰিচালনা কৰিছিল। নিৰমনৰ নায়িকা শালিনীয়ে এইখন ছবিতো মূল ভূমিকাত অভিনয় কৰিছিল। তকদীৰক সাতটা ভাষাত ডাব কৰা হৈছিল, যাৰ ভিতৰত এটা আছিল অসমীয়া ভাষা।

তকদীৰৰ অসমীয়া ডাবিঙত ভূপেন হাজৰিকাই এক গুৰুত্বূপূৰ্ণ ভূমিকা লৈছিল। হাজৰিকাৰ সৈতে হোৱা ঘনিষ্ঠতাৰ বাবে চিকমিক বিজুলী (১৯৬৯) ৰাজশ্ৰী প্ৰডাকচন আৰু ভূপেন হাজৰিকাৰ কামৰূপ চিত্ৰই যৌথভাবে প্ৰযোজন কৰিছিল।

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

গোপাল আৰু সাৰদা গোৱাত বসবাস কৰা এহাল সুখী দম্পতী; তেওঁলোকৰ দুজনী ছোৱালী- মালা আৰু গীতা, আৰু এজন পুত্ৰ- সুশীল। সংগীতৰ টিউচন কৰি জীৱন-নিৰ্বাহ কৰা গোপালৰ আৰ্থিক অৱস্থা সিমান ভাল নহয়। সেয়েহে জাহাজৰ চাকৰি লৈ তেওঁ দূৰণিৰ ঠাইলৈ গুছি যায়। কিন্তু ধুমুহাত জাহাজ ডুব যায়। অসংখ্য লোকৰ মৃ্ত্যু হয়। কোনো শুং-সুত্ৰ নোপোৱাত গোপালকো মৃত বুলি বিশ্বাস কৰি নিঃস্ব অৱস্থা দিন কটোৱা সাৰদাই সন্তান কেইটাৰ মংগলৰ বাবে চহকী লোক বিজয়ক অনিচ্ছা সত্বেও বিয়া কৰায়।

ইফালে গোপালে ভাগ্যক্ৰমে জাহাজ দুৰ্ঘটনাত বাচি যায় যদিও স্মৃতি শক্তি হেৰুৱাই পেলায়। বহু বছৰ মূৰত তেওঁ সুস্থ হয় আৰু গোৱাৰ ঘৰলৈ উভতি আহে। কিন্তু তেওঁৰ পৰিয়ালটোৰ এই ৰূপান্তৰত তেওঁ হস্তক্ষেপ কৰিব নিবিচাৰে। বিজয়ে গোপালৰ বিষয়ে জানিব পাৰি ভাবুকি অনুভৱ কৰে। বিজয়ে গোপালৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰে, যাতে তেওঁ অধিগ্ৰহণ কৰা পৰিয়ালটোৰ মাজত কোনেও সোমাব নোৱাৰে।[4]

অভিনয় শিল্পী সম্পাদনা কৰক

অভিনেতা-অভিনেত্ৰী
ডাবিং শিল্পী

সংগীত সম্পাদনা কৰক

ছবিখনত ৬টা গীত আছে। মূল হিন্দী ছবিখনৰ গীতবোৰ আনন্দ বক্সীয়ে লিখিছিল। ডাবিং ছবিখনত গীতবোৰ অসমীয়ালৈ ভাষান্তৰ কৰিছে ভূপেন হাজৰিকাই। সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।[6][2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "সাত সমুদ্ৰ পাৰৰে ধুনীয়াকৈ বজাৰৰে, হাতী কি ঘোঁৰা আনা, ঘোঁৰা আনা নে নানা, পাপা লক্ষ্মী আহানা"  মূল:আনন্দ বক্সী
অসমীয়া ভাষান্তৰ:ভূপেন হাজৰিকা
ইলা বোস আৰু সংগীবৃন্দ  
2. "শাদী কৰাই লওক, অ’ দিলৱালো মতৱালো"  মূল:আনন্দ বক্সীতৰুণ বেনাৰ্জী  
3. "হাঁহিকে ভগাওঁ সমভাগেৰে, তিলতিল বিষাদো লম ভাগেৰে"  মূল:আনন্দ বক্সীইলা বোস  
4. "নৱনৱ বহাগ আহে, সৰু ফুলে মিচিকি হাঁহে, মনে তোমাকে ধিয়ায়"  মূল:আনন্দ বক্সীশ্যামল মিত্ৰ, ইলা বোস  
5. "কোনে জানে তোমাৰ সপোন হ’বনে পূৰণ, আকাশতে থকাজনে লিখে কপালৰ লিখন"  মূল:আনন্দ বক্সী
অসমীয়া ভাষান্তৰ:ভূপেন হাজৰিকা
শ্যামল মিত্ৰ  
6. "মোৰ বুকুৰ জ্বালাত নয়ন উতলে,নাবিক হিয়াত সনা লহৰ উতলে"  মূল:আনন্দ বক্সী   

তথ্যউৎস সম্পাদনা কৰক

  1. "Archived copy". Archived from the original on 21 July 2011. https://web.archive.org/web/20110721124227/http://www.iffigoa.org/iffi2007/day3_magazine.pdf। আহৰণ কৰা হৈছে: 28 May 2009. 
  2. 2.0 2.1 2.2 "Bhagya ভাগ্য (1968)". enajori.com. Archived from the original on 28 October 2021. https://web.archive.org/web/20211028150425/http://www.enajori.com/?p=698। আহৰণ কৰা হৈছে: 28 October 2021. 
  3. "Recipients of State Awards for Films 1965". Directorate of Film Festivals, GOI. https://www.dff.nic.in/images/Documents/101_13thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 29 October 2021. 
  4. 4.0 4.1 "Taqdeer (1967)". Rajshri Production Official Site. http://www.rajshri.com/films/taqdeer-1967। আহৰণ কৰা হৈছে: 29 October 2021. 
  5. "Taqdeer - Full Length Hindi Movie - Bharat Bhooshan & Shalini". Youtube. https://www.youtube.com/watch?v=5q1HXbQRxW4। আহৰণ কৰা হৈছে: 28 October 2021. 
  6. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 445. 

বাহ্যিক সংযোগ সম্পাদনা কৰক