ভাস্কৰ জ্যোতি নাথ (ইংৰাজী: Bhaskar Jyoti Nath; জন্ম: ১৯৮৪) সাহিত্য সমালোচক আৰু লেখক। তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰে।[1] মাজুলীত জন্ম গ্ৰহণ কৰা নাথে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত ২০০৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা একে বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।[2] ইংৰাজী ‘দৈনিক দ্য চেণ্টিনেল’ কাকততো নাথে উপ সম্পাদক হিচাপে কাৰ্যনিবাহ কৰিছিল। পৰৱৰ্তীকালত নাথে আৰক্ষী বিষয়া হিচাপে অসম আৰক্ষীত যোগদান কৰে। [3]

ভাস্কৰ জ্যোতি নাথ
জন্ম ০১ , ১৯৮৪
মাজুলী, অসম
পেচা লেখক, সমালোচক
শিক্ষা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি পাঠ আৰু বীক্ষণ (অসম পাব্লিছিঙ কোম্পানী,২০১৯)

সাহিত্যৰাজি সম্পাদনা কৰক

  • পাঠ আৰু বীক্ষণ (অসম পাব্লিচিঙ কোম্পানী, ২০১৯)[4] সমালোচক ড° হীৰেন গোহাঁয়ে ‘পাঠ আৰু বীক্ষণ’ৰ বিষয়ে মন্তব্য কৰিছে এনেদৰে- ‘পাঠ আৰু বীক্ষণ’ আধুনিক আৰু উত্তৰ আধুনিক তত্ত্বৰ নিৰ্মোহ অধ্যয়নেৰে সম্পৃক্ত এখন স্বাধীনমনা কিতাপ। নাথে তত্ত্বৰ পৰা শিক্ষা লৈছে কিন্তু তাৰ অন্ধ অনুগামীত পৰিণত হোৱা নাই।” [5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক