ভাৰণ্ড পক্ষীৰ জাক হৈছে উমাকান্ত শৰ্মাৰ দ্বাৰা ৰচিত অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী বড়ো জনজীৱনক প্ৰতিফলিত কৰা এখন অসমীয়া উপন্যাস।

ভাৰণ্ড পক্ষীৰ জাক  
লেখক উমাকান্ত শৰ্মা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ অসমীয়া উপন্যাস
প্ৰকাশক বনলতা
প্ৰকাশ ২০০৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৭৬
আই.এচ.বি.এন. 81-7339-414-8

লেখকৰ পৰিচয় সম্পাদনা কৰক

তেখেতে ১৯১৮ চনত নলবাৰী জিলাৰ ককয়া গাঁৱত জন্মগ্ৰহণ কৰে। তেখেতে নলবাৰীৰ গৰ্ডন স্কুল, কটন মহাবিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, আৰু আমেৰিকাৰ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে।

চৰিত্ৰসমূহ সম্পাদনা কৰক

অলিত, ৰণেন, উৰ্মিলা, ৰণজিলা, দেৱকান্ত, গৌৰীনাথ, কৰেন্দ্ৰ, টিকাৰাম, ৰমাকান্ত, ৰাছিৰাম, বুদুনাথ, অমৰ, বকুল দৈমাৰী, বলোভদ্ৰ পাঠক, ৰামলাল আদি।

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

সুদীৰ্ঘদিন ধৰি সহাৱস্থান কৰি অহা বড়ো আৰু অন্যান্য অসমীয়া ভাষী জনগোষ্ঠীসমূহৰ জীৱনলৈ ক্ৰমে নামি অহা বিভাজনমুখী, ক্ষয়িষ্ণু আৰু অস্থিৰাৱস্থাৰ এক প্ৰতিচ্ছবি অংকন কৰা হৈছে উমাকান্ত শৰ্মাৰ ভাৰণ্ড পক্ষীৰ জাক উপন্যাসখনত। উপন্যাসখনত বৰ্ণিত ছেছাখুলি আৰু ছোনাফালি দুটা বড়ো অধ্যুষিত বৃহৎ অঞ্চল। ছেছাখুলিত বড়োৰ লগতে বৰ্ণহিন্দু, মুছলমান, নেপালী আদি বিভিন্ন সম্প্ৰদায়ৰ মানুহে বাস কৰে। ধৰ্ম, জাত আৰু ভাষা বেলেগ বেলেগ হলেও বড়োসকলৰ ধৰ্মীয় সহনশীলতাৰ বাবে ছেছাখুলিৰ মানুহৰ মাজত সমন্বয় আৰু দৃঢ় একতা দেখা যায়। স্থানীয় হিন্দু মন্দিৰৰ পূজাৰী গৌৰীনাথৰ মতে ছেছাখুলিৰ সমাজ মাত্ৰ এখনেই। আনহাতে স্বাধীনতাৰ বহু বছৰৰ পাছতো বড়োসকলৰ কিবা উন্নতি হোৱাৰ সলনি চাৰিওফালৰ পৰা বিভিন্ন জনগোষ্ঠীৰ হেঁচাত বড়োসকলৰ অস্তিত্ব বিপন্ন হোৱাৰ সম্ভাৱনা দেখি নতুন চাম বড়ো যুৱক-যুৱতী ক্ষুদ্ধ হৈ উঠিছে। ছেছাখুলি-ছোনাফালিৰ বড়ো জনজাতীয় আৱেষ্টনীৰ মাটি বহিৰাগত শৰণাৰ্থীয়ে দখল কৰিছে, অঞ্চলটোৰ অব্যৱহৃত অৰণ্য অঞ্চলৰ হাবি-বন পুৰি মৈমনচিঙীয়া লোকে স্থায়ীভাৱে বসতি আৰম্ভ কৰিছে।

বড়োসকলৰ এই বিপদৰ সময়ত ক্ষুদ্ধ যুৱকসকলে ঠায়ে ঠায়ে সংগঠিত হৈ চৰম পন্থা অৱলম্বনৰ যো-যাও চলাইছে। নিজৰ পৰম্পৰাকে সাৱটি সৰ্বস্বান্ত হবলৈ উলোৱা বড়োসকলৰ নতুন চামৰ মাজত এনে জাগৰণ দেখি গৌৰীনাথে সন্তোষ লভিছে। নতুনসকলৰ বিপৰীতে পুৰণিচাম লোক বহিৰাগতসকলৰ আগমনত শংকিত হোৱা নাই। এওলোকৰ মতে পমুৱা মানুহবোৰে এনেয়ে পৰি থকা মাটিত হাবি-জংঘল কাটি খেতি কৰি ভালেই কৰিছে। ছেছাখুলি বজাৰত দোকান-পোহাৰ বাঢ়ি অহাত বয়-বস্তু সহজতে আৰু সস্তাতে পোৱা গৈছে। কিন্তু অলিত-উৰ্মিলাহঁতৰ দৰে নতুন চাম ডেকা-গাভৰুৰ মতে বহিৰাগতৰ এই আগ্ৰাসন আৰম্ভণিতে ৰোধ কৰিব নোৱাৰিলে পাছলৈ সেয়া সম্ভৱ নহব। ইতিমধ্যে বড়ো আৰু বৰ্ণহিন্দুসকলৰ মাজত বিভিন্ন কাৰণত বিভাজনে মূৰ দাঙি উঠিছে। তাৰে এটা কাৰণ হৈছে অসমৰ ৰাজ্যভাষা অসমীয়া হোৱাটো বড়োসকলেও পোষকতা কৰিছিল কিন্তু তেওঁলোকৰ সমস্যাৱলী বৰ্ণহিন্দুসকলে কেতিয়াও উপলব্ধি কৰিব নোৱাৰে।

নতুন চাম যুৱক-যুৱতীয়ে দেখা পায় যে বড়োসকলৰ উন্নতিৰ বাবে লোৱা যিকোনো আঁচনিৰ সুফল লাভ কৰিছে অ-বড়োসকলেহে। কৃষিজীৱী বড়োৰ উন্নতিৰ আঁচনিৰ ধনে অ-বড়ো ঠিকাদাৰকহে চহকী কৰিছে। বড়ো বসতিপূৰ্ণ অঞ্চলত পতা শিক্ষানুষ্ঠানতো অ-বড়োয়েহে চাকৰি পায়। ছেছাখুলিত কৰেন্দ্ৰৰ মাটিখিনিত ইটা ভাটা খুলি বলোভদ্ৰ পাঠক কেইবাখনো ট্ৰাকৰ মালিক হৈছে, ব্যৱসায়ী ৰামলালে ছলাহী কথাৰে বহুখিনি চৰকাৰী মাটি দখল কৰি কাৰখানা খুলিছে। ইতিমধ্যে এনেবোৰ কাৰ্য দেখি ক্ষুদ্ধ হৈ পৰা নতুন চাম ডেকা-গাভৰুৰ মাজত মত-বিৰোধ হোৱাত সিহঁত দুটা শিবিৰত বিভক্ত হৈ পৰিছে। তাৰ ভিতৰত ৰণজিলা-ৰণেনৰ দৰে কেইজনমানে দীৰ্ঘকালীন প্ৰস্তুতিৰে বড়োসকলৰ উন্নতিৰ কথা চিন্তা কৰে। আনহাতে অলিত-ঊৰ্মিলাহঁতে বিপ্লৱৰ চৰম পন্থা গ্ৰহণ কৰে। বড়োসকলৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ কথা চিন্তা কৰা অধ্যাপক বকুল দৈমাৰীৰ দৰে ব্যক্তিৰ পৰামৰ্শও সিহঁতে গ্ৰহণ নকৰে। বড়োসকলৰ সৰ্বাংগীণ উন্নতি কামনা কৰা শিক্ষক ৰমাকান্ত আৰু দেৱকান্ত অ-বড়ো হোৱা বাবেই অলিতহঁতৰ বিৰাগভাজন হয়। ইতিমধ্যে ছেছাখুলি-ছোনাফালিৰ চাৰিফালে হিংসা-প্ৰতিহিংসাৰ জুয়ে এক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰে। বৰ্ণহিন্দু অসমীয়াসকলৰ বিৰুদ্ধে বড়ো চৰমপন্থী গোটটোৱে বহিৰাগত পমুৱাহঁতক কামত লগোৱাৰ চেষ্টা কৰে। ছেছাখুলিৰ ঘৰে ঘৰে অচিনাকি বড়ো ডেকাৰ কেম্প হয়। ইয়াৰে অসৎ চৰিত্ৰৰ ডেকাবোৰে গাঁৱৰ ছোৱালীৰ সৈতে বেয়া ব্যৱহাৰ কৰিবলৈ ধৰাত স্থানীয় ডেকাৰ সৈতে সিহঁতৰ মাৰ-পিট আৰু কাজিয়া আৰম্ভ হয়।

ক্ৰমাৎ পৰিস্থিতিয়ে জটিল আৰু ভয়াবহ ৰূপ পাই নিয়ন্ত্ৰণৰ সীমা অতিক্ৰম কৰাত চৰমপন্থী গোটৰ আদৰ্শবাদী নেতা অলিতে কেম্পৰ ডেকাহঁতক বুজনি দিবলৈ যাওঁতে সিয়ো বেয়াকৈ মাৰ খায়। নিজে সৃষ্টি কৰি লোৱা সমস্যাই এইদৰে নিজকে গ্ৰাস কৰাৰ পাছত ভৱিষ্যতক লৈ হোৱা সংশয়ৰ মাজেৰে অলিতৰ আত্মোপলব্ধিৰ উদয় হোৱাৰ মাজেৰে উপন্যাসখন সামৰা হৈছে। উপন্যাসখনত বড়ো সমাজৰ এক সংকটকালীন অৱস্থাত তেওঁলোকৰ মাজত অভ্যুত্থান হোৱা জাতীয় চৈতন্যৰ চিত্ৰ অংকন কৰা হৈছে।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ভাৰণ্ড পক্ষাৰ জাক: ৰচক: উমাকান্ত শৰ্মা, প্ৰকাশ: ২০০৬ চন