কোম্পানী আইন ১৯৫৬

সংসদ আইন
(ভাৰতীয় কোম্পানী আইন ১৯৫৬ৰ পৰা পুনঃনিৰ্দেশিত)

কোম্পানী আইন ১৯৫৬ (ইংৰাজী: : Companies Act 1956) হৈছে ১৯৫৬ চনত প্ৰণয়ন কৰা ভাৰতীয় কোম্পানী আইন সম্পৰ্কিত এখন সংসদ আইন। যিয়ে কোম্পানীসমূহক পঞ্জীয়নৰ দ্বাৰা গঠন কৰা আৰু কোম্পানীৰ সঞ্চালক আৰু সচিবসকলৰ দায়িত্ব নিৰ্ধাৰণ কৰিছিল।[1] ১৯৫৬ চনৰ ১৮ জানুৱাৰী তাৰিখে প্ৰণয়ন কৰা এই আইনখন ১৯৫৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়৷

কোম্পানী আইন ১৯৫৬
দীঘল শিৰোনাম
  • কোম্পানীবোৰৰ সৈতে সম্পৰ্কিত আইনক একত্ৰিত আৰু সংশোধন কৰাৰ এখন আইন।
ভাষ্য Act No. 1 of 1956
ভৌগোলিক পৰিসীমা ভাৰত
প্ৰণয়নকাৰী ভাৰতীয় সংসদ
প্ৰণয়ন হয় ১৮ জানুৱাৰী ১৯৫৬
কাৰ্যকৰী হয় ১ এপ্ৰিল ১৯৫৬ আৰু সংশোধনী ২০১৫
বাতিল কৰে
Ministry of Corporate Affairs ৱেবছাইটৰ মতে, আইনখনৰ কিছুমান ব্যৱস্থা এতিয়াও বলবৎ হৈ আছে।
স্থিতি: বাতিল কৰা হ'ল

আৰম্ভণিৰে পৰা এই আইনখনক বহুবাৰ সংশোধন কৰা হয়। তাৰ ভিতৰত ১৯৮৮, ১৯৯০, ১৯৯৬, ২০০০, ২০১১ আৰু ২০১৩ -ৰ সংশোধন উল্লেখযোগ্য।[2]

অৰ্থ আৰু সংজ্ঞা সম্পাদনা কৰক

উক্ত আইনখনৰ ধাৰা ৩ উপধাৰা (১) মতে, “কোম্পানী মানে উক্ত আইনৰ অধীনত গঠিত আৰু পুঞ্জীভুক্ত কোনো কোম্পানী” (“A company means a Company formed and registered under this act.”)।[3] আৰু সেই আইনৰে ধাৰা ৩ উপধাৰা (II) মতে, প্ৰচলিত কোম্পানী মানে হৈছে পূৰ্বৰ কোনো কোম্পানী আইনৰ অধীনত গঠিত আৰু পঞ্জীভুক্ত কোম্পানী।” (Sec. 3 (II) States existing company means a company formed and registered under any of the previous Company Law.)।[3]

আমেৰিকাৰ মুখ্য ন্যায়াধীশ মাৰ্চালে (Chief Justice of U.S.A. Marshall) কোম্পানীৰ সংজ্ঞা দি কৈছে- “কোম্পানী বা নিগম হৈছে অদৃশ্য অস্পৰ্শণীয় আৰু মাথোন আইনগত অস্তিত্বৰে গঠিত এক কৃত্ৰিম ব্যক্তি। আইনৰ দ্বাৰা সৃষ্ট অনুষ্ঠান হিচাপে ইয়াৰ গঠন আৰু নিগমবদ্ধকৰণৰ চনদে প্ৰকাশ কৰা অথবা ইয়াৰ কাৰ্যকলাপত আৱশ্যক হোৱা সা-সম্পত্তি ই ধাৰণ কৰে।” (“A corporation is an artificial being, invisible, intangible, and existing only in contemplation of law. Being the mere creature of law, it possesses only those properties which the charter of its creation confers upon it, either expressly, or as incidental to its very existence.”)[4]

বাতিল সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক