ভাৰতৰ উপৰাষ্ট্ৰপতি

ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী
(ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পৰা পুনঃনিৰ্দেশিত)

ভাৰতৰ উপৰাষ্ট্ৰপতি (ইংৰাজী: Vice President of India) হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী।[2] ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৬৩ৰ মতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ মৃত্যু, পদৰ পৰা অব্যাহতি ললে, মহাভিযোগৰ দ্বাৰা অপসাৰিত হলে অথবা অন্যান্য কাৰণত ৰাষ্ট্ৰপতিৰ পদ খালী হলে উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা লাভ কৰে।

ভাৰতৰ উপৰাষ্ট্ৰপতি

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক

ভাৰতৰ জাতীয় পতাকা
বৰ্তমান পদাধিকাৰী
জগদীপ ধনখড়

১১ আগষ্ট ২০২২ -ৰ পৰা
সম্বোধন মাননীয় উপৰাষ্ট্ৰপতি (ভাৰতত)
দা অনাৰেবেল (বিদেশত)
চৰকাৰী বাসগৃহ উপৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী, ভাৰত
নিয়োগকৰ্তা লোকসভা আৰু ৰাজ্যসভাৰ সকলো সাংসদেৰে গঠিত নিৰ্বাচন মণ্ডলী
কাৰ্যকাল পাঁচ বছৰ
(পুনৰ নিৰ্বাচনৰ যোগ্য)
Constituting instrument ভাৰতীয় সংবিধান
প্ৰথম পদাধিকাৰী সৰ্বপল্লী ৰাধাকৃষ্ণণ (১৯৫২–১৯৬২)
গঠন ১৩ মে' ১৯৫২; ৭১ বছৰ আগত (1952-05-13)
দৰমহা ৪,০০,০০০ (৫,৬০৮ ডলাৰ) প্ৰতি মাহ[1]
ৱেবচাইট vicepresidentofindia.nic.in

ভাৰতৰ উপৰাষ্ট্ৰপতি ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ অধ্যক্ষ। উৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত উত্থাপিত বিধেয়ক বিত্তীয় বিধেয়ক হয় নে নহয় বিবেচনা কৰে। তেওঁ ৰাজ্যসভাত উত্থাপিত কোনো বিধেয়ক ধন বিধেয়ক হিচাপে বিবেচনা কৰিলে তেওঁ উক্ত বিধেয়ক লোকসভাৰ অধ্যক্ষলৈ বিবেচনাৰ বাবে পঠায়। সংবিধানৰ অনুচ্ছেদ ৬৬ৰ মতে লোকসভা আৰু ৰাজ্যসভাৰ সকলো সাংসদেৰে গঠিত নিৰ্বাচন মণ্ডলীয়ে অনুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰে একক সংক্ৰমনশীল ভোটৰ দ্বাৰা উপৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে। ভাৰতৰ নিৰ্বাচন আয়োগে উপৰাষ্ট্ৰপতি নিৰ্বাচন পৰিচালনা কৰে আৰু নিৰ্বাচিত উপৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতিয়ে শপত পাঠ কৰায়।[3] ভাৰতৰ উপৰাষ্ট্ৰপতি চণ্ডীগড়ত অৱস্থিত পঞ্জাব বিশ্ববিদ্যালয়ৰ আচাৰ্য।

ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি জগদীপ ধনখড়। ২০২২ চনৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী আছিল। তেওঁ তেওঁৰ নিকতম প্ৰতিদ্বন্দ্বী সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাজিত কৰি তেওঁ ভাৰতৰ ১৪তম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ২০২২ চনৰ ১১ আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুএ তেওঁক উপৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰোৱায়।

উপযুক্ততা সম্পাদনা কৰক

ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীসমূহৰ নিম্নোক্ত অৰ্হতা সমূহৰ প্ৰয়োজন:[4]

  • ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • তেওঁৰ বয়স অন্ততঃ ৩৫ বছৰ হ’ব লাগে।
  • তেওঁ কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ অধীনত কোনো লাভজনক পদত নিয়োজিত থাকিব নোৱাৰে।

ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী লোকসভালৈ নিৰ্বাচিত হোৱাৰ যোগ্যতা সমূহ তেওঁৰ থাকিব লাগে। আনহাতে উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ যোগ্যতা সমূহ তেওঁৰ থাকিব লাগে।[2] ইয়াৰ মূল কাৰণ হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ অধ্যক্ষ।

নিৰ্বাচন পদ্ধতি সম্পাদনা কৰক

ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰোক্ষ পদ্ধতিৰে লোকসভা আৰু ৰাজ্যসভাৰ সমূহ সাংসদেৰে গঠিত নিৰ্বাচন মণ্ডলীয়ে ভোটৰ জৰিয়তে নিৰ্বাচন কৰে। উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীগৰাকীয়ে ন্যূনতম ২০ গৰাকী প্ৰস্তাৱক আৰু ২০ গৰাকী সমৰ্থকৰ সৈতে মনোনয়ন দাখিল কৰিব লাগে। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকত ₹১৫,০০০ জমা কৰিব লাগে। ভাৰতৰ নিৰ্বাচন আয়োগে উপৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনা কৰে। উপৰাষ্ট্ৰপতি পদ খালি হোৱাৰ ৬০ দিনৰ ভিতৰত এই নিৰ্বাচন অনুষ্ঠিত কৰা। দুয়ো সদনৰ চক্ৰিয়ক্ৰমত এখনৰ মহাসচিবক নিৰ্বাচনী বিষয়া নিযুক্ত কৰা হয়। তেওঁ নিৰ্বাচনৰ ৰাজহুৱা জাননী জাৰি কৰে আৰু প্ৰাৰ্থী সকলক মনোনয়ন আগবঢ়াবলৈ নিমন্ত্ৰণ জনায়। নিৰ্বাচনী বিষয়া গৰাকীয়ে মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰে আৰু উপযুক্ত প্ৰাৰ্থী সকলৰ নাম বেলেট কাগজত সন্নিবিষ্ট কৰে।

নিৰ্বাচন অনুপাতীয় প্ৰতিনিধিত্ব পদ্ধতিৰে পৰোক্ষ ভাবে একক বদলিকৰণ ভোটৰ সহায়ত গোপনীয় বেলেট কাগজত অনুষ্ঠিত হয়। নিৰ্বাচন মণ্ডলীয়ে তেওঁলোকৰ পছন্দ অনুসৰি প্ৰাৰ্থী সমূহ প্ৰথম, দ্বিতীয় আদি শ্ৰেণীত সজায়। গৃহীত মুঠ ভোটৰ আধাতকৈ এটা ভোট বেছি লাভ কৰিলে প্ৰাৰ্থী গৰাকী বিজয়ী ঘোষণা কৰা হয়। প্ৰথমতে প্ৰথম পছন্দৰ ভোটৰ গণনা কৰা হয়। যদি কোনো প্ৰাৰ্থীয়ে বিজয়ী হবলৈ নিৰ্ধাৰিত ভোট নাপায় তেন্তে আটাইতকৈ কম পছন্দৰ প্ৰাৰ্থীজনৰ ভোট বাদ দিয়া আৰু দ্বিতীয় পছন্দৰ ভোট সমূহ গণনা কৰা হয়। নিৰ্ধাৰিত সংখ্যক ভোট নোপোৱালৈকে এই প্ৰক্ৰিয়া চলি থাকে।[5]

নিৰ্বাচনৰ পিছত নিৰ্বাচনী বিষয়ে ফলাফল ঘোষণা কৰে। তাৰপিছত তেওঁ ফলাফল ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয় আৰু নিৰ্বাচনী আয়োগক জনায়। তাৰপিছত ভাৰত চৰকাৰৰ চৰকাৰী ৰাজপত্ৰত তেওঁৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়।

নিৰ্বাচনৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নৱনিযুক্ত উপৰাষ্ট্ৰপতিক শপতবাক্য পাঠ কৰোৱায়। উপৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যকালৰ যিকোনো সময়তে পদত্যাগ কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ গ্ৰহণ কৰাৰ লগে লগে তেওঁৰ পদ খালি হয়।

নিৰ্বাচন সম্পৰ্কীয় বিবাদ সম্পাদনা কৰক

ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্পৰ্কীয় সকলো বিবাদত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ বিধান আছে। উচ্চতম ন্যায়ালয়ৰ পাঁচ সদস্যযুক্ত বিচাৰপীঠে বিবাদৰ অনুসন্ধান কৰি ৰায়দান দিয়ে। উচ্চতম ন্যায়ালয়ৰ ৰায়দান এইক্ষেত্ৰত চূড়ান্ত।[5]

কাৰ্যকাল সম্পাদনা কৰক

উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল পাঁচ বছৰ। তেওঁ এই পদৰ বাবে পুনৰ প্ৰতিদ্বন্দ্ব্ব্বিতা কৰিব পাৰে। তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ আগতেও পদত্যাগ কৰিব পাৰে। মৃত্যু, পদত্যাগ বা অপসাৰণৰ ফলত উপৰাষ্ট্ৰপতিৰ পদ শূন্য হ’লে পুনৰ নিৰ্বাচনৰ বাহিৰে তেওঁৰ দায়িত্বভাৰ আনে লাভ নকৰে। যদিও তেওঁৰ অনুপস্থিতিত ৰাজ্যসভাৰ অধ্যক্ষৰ দায়িত্ব ৰাজ্যসভাৰ উপাধ্যক্ষ গৰাকীয়ে পালন কৰে।

অপসাৰণ সম্পাদনা কৰক

ভাৰতৰ সংবিধানৰ মতে ৰাজ্য সভাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে গৃহীত হোৱা উপৰাষ্ট্ৰপতিৰ অপসাৰণৰ প্ৰস্তাৱ লোকসভাৰ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা সন্মতি লাভ কৰিলে তেওঁক পদৰ পৰা অপসাৰিত কৰিব পাৰি।[2] কিন্তু এই প্ৰস্তাৱ ১৪ দিন আগতীয়াকৈ জাননী দিয়াৰ পিছত হে আগুৱাই নিব পাৰি। সংবিধানত উপৰাষ্ট্ৰপতিৰ অপসাৰণৰ কোনো কাৰণ উল্লেখ নাই। বৰ্তমানলৈকে ভাৰতৰ কোনো উপৰাষ্ট্ৰপতিকে অপসাৰিত কৰা হোৱা নাই।[6] উচ্চতম ন্যায়ালয়ে নিৰ্বাচনত কোনো অনিয়ম দেখা পালে আৰু ভাৰতীয় সংবিধানক অৱমাননা কৰিলে উপৰাষ্ট্ৰপতিক অপসাৰিত কৰিব পাৰে।

দৰমহা আৰু পেঞ্চন সম্পাদনা কৰক

ভাৰতৰ উপৰাষ্ট্ৰপতি পদৰ বাবে কোনো দৰমহাৰ ব্যৱস্থা নাই। তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে প্ৰতি মাহে ₹৪,০০,০০০ টকা লাভ কৰে। ইয়াৰ লগতে তেওঁ দৈনিক ভত্তা, বিনামূলীয়া থকাৰ সুবিধা, চিকিৎসা, ভ্ৰমণ আৰু অন্যান্য সা-সুবিধা লাভ কৰে। যেতিয়া উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত তেওঁৰ কাৰ্যভাৰ গ্ৰহণ কৰে তেতিয়া তেওঁ ৰাষ্ট্ৰপতিয়ে লাভ কৰা দৰমহা আৰু অন্যান্য সা-সুবিধা সমূহ লাভ কৰে। তেওঁৰ পেঞ্চন মূল দৰমহাৰ ৫০%।[7]

ভাৰতৰ উপৰাষ্ট্ৰপতিসকলৰ তালিকা সম্পাদনা কৰক

  • † চিনে কাৰ্যকালত মৃত্যু হোৱা সূচায়
ক্ৰমিক সংখ্যা নাম
(জন্ম–মৃত্যু)[8]
আলোকচিত্ৰ নিৰ্বাচন
(% ভোট)
কাৰ্যকালৰ আৰম্ভণি কাৰ্যকালৰ সমাপ্তি কাৰ্যকাল (বছৰ) ৰাষ্ট্ৰপতিসকল দল
সৰ্বপল্লী ৰাধাকৃষ্ণণ
(১৮৮৮–১৯৭৫)
  ১৯৫২
(বিনাপ্ৰতিদ্বন্দিতাৰে)
১৩ মে' ১৯৫২ ১২ মে' ১৯৫৭ ১০ ৰাজেন্দ্ৰ প্ৰসাদ নিৰ্দলীয়
১৯৫৭
(বিনাপ্ৰতিদ্বন্দিতাৰে)
১৩ মে' ১৯৫৭ ১২ মে' ১৯৬২
জাকিৰ হুছেইন
(১৮৯৭–১৯৬৯)
  ১৯৬২
(৯৭.৫৯)
১৩ মে' ১৯৬২ ১২ মে' ১৯৬৭ সৰ্বপল্লী ৰাধাকৃষ্ণণ নিৰ্দলীয়
বৰাহগিৰি ভেংকট গিৰি
(১৮৯৪–১৯৮০)
  ১৯৬৭
(৭১.৪৫)
১৩ মে' ১৯৬৭ ৩ মে' ১৯৬৯ জাকিৰ হুছেইন নিৰ্দলীয়
গোপাল স্বৰূপ পাঠক
(১৮৯৬–১৯৮২)
  ১৯৬৯
(৪৯.৯)
৩১ আগষ্ট ১৯৬৯ ৩০ আগষ্ট ১৯৭৪ বৰাহগিৰি ভেংকট গিৰি (১৯৬৯–১৯৭৪)
ফকৰুদ্দিন আলি আহমেদ (১৯৭৪)
নিৰ্দলীয়
বাচাপ্পা দনপ্পা জাত্তি
(২০১২–২০০২)
  ১৯৭৪
(৭৮.৭০)
৩১ আগষ্ট ১৯৭৪ ৩০ আগষ্ট ১৯৭৯ ফকৰুদ্দিন আলি আহমেদ (১৯৭৪–১৯৭৭)
নীলম সঞ্জীৱ ৰেড্ডী (১৯৭৭-১৯৭৯)
ভাৰতীয় জাতীয় কংগ্ৰেছ
মহম্মদ হিদায়তউল্লা
(১৯০৫–১৯৯২)
  ১৯৭৯
(বিনাপ্ৰতিদ্বন্দিতাৰে)
৩১ আগষ্ট ১৯৭৯ ৩০ আগষ্ট ১৯৮৪ নীলম সঞ্জীৱ ৰেড্ডী (১৯৭৯-১৯৮২)
জাইল সিং (১৯৮২-১৯৮৪)
নিৰ্দলীয়
আৰ ভেঙ্কটৰমন
(১৯১০-২০০৯)
  ১৯৮৪
(৭১.০৫)
৩১ আগষ্ট ১৯৮৪ ২৪ জুলাই ১৯৮৭ জাইল সিং ভাৰতীয় জাতীয় কংগ্ৰেছ
শঙ্কৰ দয়াল শৰ্মা


(১৯১৮–১৯৯৯)

  ১৯৮৭
(বিনাপ্ৰতিদ্বন্দিতাৰে)
৩ ছেপ্টেম্বৰ ১৯৮৭ ২৪ জুলাই ১৯৯২ আৰ ভেঙ্কটৰমন ভাৰতীয় জাতীয় কংগ্ৰেছ
9 শঙ্কৰ দয়াল শৰ্মা
(১৯২১–২০০৫)
  ১৯৯২
(৯৯.৮৬)
২১ আগষ্ট ১৯৯২ ২৪ জুলাই ১৯৯৭ শঙ্কৰ দয়াল শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ কৃষ্ণ কান্ত  
(১৯২৭–২০০২)
  ১৯৯৭
(৬১.৭৬)
২১ আগষ্ট ১৯৯৭ ২৭ জুলাই ২০০২ কে আৰ নাৰায়ণন (১৯৯৭-২০০২)
এ পি জে আব্দুল কালাম (২০০২)
জনতা দল
১১ ভৈৰণ সিং শেখৱত
(১৯২৪–২০১০)
  ২০০২
(৫৯.৮২)
১৯ আগষ্ট ২০০২ ২১ জুলাই ২০০৭ এ পি জে আব্দুল কালাম ভাৰতীয় জনতা পাৰ্টি
১২ মহম্মদ হামিদ আনচাৰি
(১৯৩৭–)
  ২০০৭
(৬০.৫১)
১১ আগষ্ট ২০০৭ ১১ আগষ্ট ২০১২ ১০ প্ৰতিভা পাটিল (২০০৭–২০১২)
প্ৰণৱ মুখাৰ্জী (২০১২-২০১৭)
ৰাম নাথ কোৱিন্দ (২০১৭)
ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১২
(৬৭.৩১)
১১ আগষ্ট ২০১২ ১১ আগষ্ট ২০১৭
১৩ ভেংকাইয়া নাইডু
(১৯৪৯–)
  ২০১৭
(৬৭.৮৯)
১১ আগষ্ট ২০১৭ ১১ আগষ্ট ২০২২ ৰাম নাথ কোৱিন্দ ভাৰতীয় জনতা পাৰ্টি
১৪ জগদীপ ধনখড়
(১৯৫১–)
  ২০২২ ১১ আগষ্ট ২০২২ বৰ্তমানলৈকে  — দ্ৰৌপদী মূৰ্মু ভাৰতীয় জনতা পাৰ্টি

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক